Showing posts with label TLM. Show all posts
Showing posts with label TLM. Show all posts

Monday, September 17, 2018

শব্দ গঠনৰ ক্ৰিয়াকলাপ

শব্দ গঠনৰ ক্ৰিয়াকলাপ


 শব্দ গঠনৰ ক্ৰিয়াকলাপ :
https://static.xx.fbcdn.net/images/emoji.php/v9/fe2/1/16/270d.png
 প্ৰাণজিৎ বৰুৱা । 

আমি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক ব্যস্ত ৰাখিবলৈ বিভিন্ন খেল খেলাওঁ, যাৰ জৰিয়তে তেওঁলোকৰ শিকন ক্ষমতাও বৃদ্ধি পায়। এনেকুৱা এটা খেলৰ বিষয়ে জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব এখন ব্লেক ব’ৰ্ড, চক পেঞ্চিল আৰু ছাত্ৰ-ছাত্ৰীৰ দুটি দল।
প্ৰথমে আপুনি ব’ৰ্ডত কেইটিমান ঘৰ (তালিকা) বনাব, য'ত দুয়োটা দলৰ বাবে তলৰ শিতানসমূহ থাকিব।
1.প্ৰত্যাহ্বানযুক্ত আখৰ বা চিহ্ন / আখৰটো সন্নিৱি‍ষ্ট ডাঙৰ শব্দটো / নম্বৰ
2.প্ৰত্যাহ্বানযুক্ত আখৰ বা চিহ্ন / আখৰটো সন্নিৱি‍ষ্ট ডাঙৰ শব্দটো / নম্বৰ

নিয়ম :
ধৰক দুটা দল ‘৪’ আৰু ‘৫’৷ এতিয়া ‘৪’ আৰু ‘৫’ দল দুটাৰ পৰা এজনকৈ সদস্য আহিব। ‘৪’ দলৰ সদস্যই প্ৰত্যাহ্বানযুক্ত আখৰ বা চিহ্ন এটা লিখিব আৰু সেই আখৰটো বা চিহ্নটো থকাকৈ ‘৫’ দলৰ সদস্যজনে এটা অৰ্থযুক্ত শব্দ লিখিব লাগিব।
কিন্তু মনত ৰখা ভাল যে‍ শব্দটো যিমান ডাঙৰ হয়, সিমান সুবিধা হ’ব নম্বৰ বেছি পোৱাত।
য'ত প্ৰতিটো আখৰত ১ (যুক্তাক্ষৰত থকা আখৰে প্ৰতি ১ কৈ থাকিব। যেনে— স্থ= স+থ = ২ ) আৰু স্বৰচিহ্নসমূহত ১/২ কৈ নম্বৰ থাকিব। যেনে— স্থানীয়=৫ 
তেনেকৈ, 
এতিয়া ‘৫’ দলৰজনেও এটা প্ৰত্যাহ্বানজনক আখৰ লিখি দিব আৰু একেদৰে ‘৪’ দলৰ সদস্যই একে ধৰণে কাম কৰি যাব।
এই গোটেই ক্ৰিয়াকলাপত সদস্যসকলে নিজ দলৰ পৰা মুকলি কৈ সহায়ো বিচাৰিব পাৰিব। উদাহৰণস্বৰূপে— যদি ‘৪’ দলে ‘৫’-ক এটা আখৰ ‘ই’ দিলে ‘৫’-ৰ সদস্যজনক তেওঁৰ দলৰ পৰা সতীৰ্থসকলে শব্দবোৰ কৈ যাব (suggest) পাৰিব, যেনে— ইটা, ইতিবাচক, ইতিমধ্যেই এনেকৈ। 
(অভিধান বা কিতাপ আদিৰো সহায় ল’ব পাৰে)
এনেকৈ খেল চলি যাব আৰু নম্বৰ দি যাব লাগিব। খেলৰ আৰু এটা নিয়ম হ’ল— যদি বানান এটাও ভুল হয়, তেন্তে ০ (শূন্য) পাব।

অৰ্হতা : ধেমালিৰ চলেৰে খেলা এই খেলৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন আখৰৰ সৈতে চিনাকি হ’ব, আখৰৰ দ্বাৰা শব্দ গঠন কৰিব পাৰিব, নতুন শব্দ আৰু অৰ্থ জানিব, সৃষ্টিশীল হ’ব, শুদ্ধ বানান সম্পৰ্কে সচেতন হ’ব, যুক্তাক্ষৰৰ বিষয়ে জ্ঞান পাব, শব্দসমূহ উচ্চাৰণ কৰি পঢ়িবও পাৰিব, দলগতভাৱে‍ কাম কৰাৰ সুবিধাসমূহ পাব, প্ৰতিযোগিতামূলক মনোভাব গঢ় ল’ব, ব’ৰ্ড লিখনৰ সুবিধা পাব, অভিধানৰো ব্যৱহাৰ শিকিব  আৰু খেলৰ যোগেদি ধেমালি বা আনন্দমূলক শিক্ষা গ্ৰহণ কৰিব পাৰিব৷
https://static.xx.fbcdn.net/images/emoji.php/v9/fe2/1/16/270d.pngপ্ৰাণজিৎ বৰুৱা । 
বগীনদী পি. জি. আৰ. প্ৰাথমিক বিদ্যালয় ।
 
৭০০২৯০৪১৩১
pranjitboruah91@gmail.com
 
সহকাৰী শিক্ষক
 
উত্তৰ লখিমপুৰ ।

Low Cost TLM
 প্ৰথমে এটা মোৰ সুখবৰ জনাই লওঁ আজি বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ শিক্ষা খণ্ড ভিত্তিক আয়োজন কৰা TLM প্ৰতিযোগিতাত মই প্ৰদৰ্শন কৰা এইটো (আৰু দুটা tlm ও লগত আছিল )ই দ্বিতীয় স্থান লাভ কৰে ।
 এইটো TLM আমি Activity based TLM শিতানত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। অৰ্থাৎ খেলাৰ মাধ্যমত শিকা। ইয়াৰ দ্বাৰা আমি small letter আৰু capital letter-ৰ ধাৰণা দিব পাৰিম, হাতেৰে চুই আৰু চকুৰে চাই একেলগে শিকাৰ আনন্দ পাম; বহুত ছাত্ৰৰে মাজত ধৰি শুধিলে আখৰ চিনি পোৱাত সমস্যা হয়, তাৰ পৰাও মুক্ত হটব পাৰিম। লগতে এজনীয়া বা কম শিক্ষকযুক্ত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক এজন ওজা ছাত্ৰৰ তত্ত্বাৱধানত তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ব্যস্ত ৰাখি শিক্ষা দিব পৰা যাব।
Activity কেনেকৈ কৰিব পাৰে, এটা উদাহৰণ দিছোঁ— আমি জুইশলা বাকচৰ পৰা small letter-খিনি খুলি সিঁচৰতি কৰি দিলোঁ আৰু কেইটিমান গোট বনাই বা কেইজনমান ছাত্ৰক মাতি আনি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত capital letter-খিনিৰ লগত মিলাই জুইশলা বাকচৰ ভিতৰত ভৰাবলৈ দিলোঁ। ধৰক A-ৰ ঘৰত a-টো। এনেকৈ যি কম সময়ত বেছিকৈ শুদ্ধকৈ মিলাব পাৰিব, তেৱেঁই জিকিব। এই প্ৰক্ৰিয়া কেইটিমান দিন কৰিলে মোৰ মতে small আৰু capital letter-ৰ ধাৰণা দৃঢ় হ’ব। লগতে আৰু এটা কাম কৰা হৈছে— ইয়াত VOWEL-কেইটাত এটা বেলেগ ৰঙেৰে highlight কৰা হৈছে, যাতে কেতিয়াবা vowel চিনাক্ত কৰোঁতেও ইয়াক ব্যৱহাৰ কৰিব পাৰি।
এইটো বনাওঁতে খৰচ খুউব কম হৈছে। মই ২৬ টা জুইশলাৰ খালী বাকচ, এটা পুৰণি খালী কাৰ্টুন, আঠা, মাৰ্কাৰ পেন আৰু আৰ্ট পেপাৰ ব্যৱহাৰ কৰিছোঁ। প্ৰায় ৩০ টকাৰ ভিতৰতে হৈ গৈছে। আপোনালোকেও কৰি চাব পাৰে। কিবা সংশোধন বা গঠনমূলক পৰামৰ্শ থাকিলে জনাব পাৰে। কেনে হৈছে সেইটোও ক’ব পাৰে ।

প্ৰাণজিৎ বৰুৱা ।
সহ: শিক্ষক
৭০০২৯০৪১৩১
বগীনদী ক্লাষ্টাৰ ।


Thursday, September 6, 2018

 ক’ত নে ক’লৈ?

ক’ত নে ক’লৈ?

  

 আজি-কালি অসমীয়াত লিখোঁতে, কওঁতে সকলোতে ‘ক’লৈ’-ৰ পৰিৱৰ্তে ‘ক’ত’ শব্দটি বিনাদ্বিধাই ভেদ নোহোৱাকৈ ব্যৱহাৰ কৰি থকাটো মুঠেও যুক্তিসংগত হোৱা নাই। এই ক্ষেত্ৰত দূৰদৰ্শনৰ বে‍চৰকাৰী চেনেলবোৰৰ সংশ্লিষ্ট দায়িত্ববাহীসৱৰ অৱহেলা, অদূৰদৰ্শিতা আৰু আমাৰ ভাষিক সংবেদনশীলতাৰ অভাৱে মাতৃভাষাৰ সংকট আৰু প্ৰকট কৰি তুলিছে। অসমীয়াত ‘ক’ত’ শব্দটি ‘কোন ঠাইত’ বুলি প্ৰশ্ন কৰোঁতেহে ব্যৱহাৰ হ’ব লাগে। তেনেকৈ কোন ফালে বা কোন ঠাইলৈ বুলি সোধোঁতে ‘ক’লৈ’-ৰ সলনি যদি ‘ক’ত’ ব্যৱহাৰ কৰিলেই হয়, তেন্তে ‘‘কিতাপখন ক’ত আছে?’’ নুবুলি ‘‘কিতাপখন ক’লৈ আছে?’’ বুলি চৰ্চা কৰিলেও হয়তো এসময়ত সেয়াও শুদ্ধ যেনেই লাগিব।এতিয়া কথা হ’ল — ইংৰাজী, হিন্দী বা আন ভাষা চৰ্চা কৰোঁতে আমি শব্দৰ শুদ্ধতাৰ প্ৰতি যিমানখিনি সজাগ হওঁ, স্বাভাৱিকতে  মাতৃভাষাৰ বেলিকা সিমান সজাগ নহওঁ। সম্প্ৰতি অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত শিক্ষিত চামৰ মাজত মাত্ৰ ‘কাম চলি যোৱা’ নীতি অৱলম্বন কৰাটোহে পৰিদৃষ্ট হৈছে। এনে ধৰণৰ আৰু আলোচ্য বহু কথাই আছে। আমি অন্তঃকৰণেৰে আশা কৰোঁ, আমাৰ কাকত–আলোচনী বা সংবাদ মাধ্যমেৰে সৈতে জড়িত সকলোৱে এই দিশত সময়োচিত গুৰুত্ব দিব। তেহে ‘চিৰ চেনেহী ভাষা জননী’-ৰ মান অটুট থাকিব।



 অবিনাশ কলিতা, টিহু
 ভ্ৰাম্যভাষঃ ৯৬১৩৮ ১৭৫৯৬

Wednesday, September 5, 2018

ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান

ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান


আজি আপোনালোকক ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান জনাব বিচাৰিছোঁ
১) ইংৰাজী ভাষাৰ আটাইতকৈ দীঘলীয়া শব্দ হৈছে ‘floccinaucinihipilification’.
২) উক্ত শব্দটোত 14 বাৰ vowel ব্যৱহাৰ হৈছে। অৰ্থাৎ আটাইতকৈ বেছি বাৰ vowel ব্যৱহাৰ হোৱা শব্দ।
৩) সাধাৰণতে পৰীক্ষাত ৮০ নম্বৰ পালে letter পোৱা বুলি জানো। সেই letter নম্বৰৰ ৰহস্য হ'ল L=১২, e=৫, t=২০, t=২০, e=৫, r=১৮ যোগফল৷
১২+৫+২০+২০+৫+১৮= ৮০
৪) ইংৰাজীৰ ‘madam’ আৰু ‘reviver’ শব্দ ওলোটাই লিখিলেও বানান একেই থাকে।
৫) “a quick brown fox jumps over the lazy dog” এই বাক্যটোত ইংৰাজীৰ আটাইকেইটা বৰ্ণ আছে।
৬) ইংৰাজীৰ আটাইতকৈ সৰু বাক্য হ'ল “I am.”৷
৭) ‘Abstemious’ আৰু ‘facetious’ শব্দ দুটাত আটাইকেইটা vowel ক্ৰমানুসাৰে আছে। 
৮) ‘q’-ৰে আৰম্ভ হোৱা সকলো শব্দত ‘q’-ৰ পিছত সদায় ‘u’ থাকে।
৯) ‘Queueing’ একমাত্র শব্দ, য’ত একেলগে ৫ টা vowel আছে।
১০) ‘Queue’ এনে এটা শব্দ, যাৰ শেষৰ ৪ টা বৰ্ণ কাটি দিলেও উচ্চাৰণ একেই হৈ থাকে।
১১) এটাও বৰ্ণৰ পুনৰাবৃত্তি নোহোৱাকৈ আটাইতকৈ দীঘলীয়া শব্দ ‘uncopyrightable’৷
১২) ‘Rhythm’ হ'ল আটাইতকৈ দীঘলীয়া শব্দ, য'ত এটাও vowel ব্যৱহাৰ হোৱা নাই।
১৩) vowel থকা আটাইতকৈ সৰু শব্দ হ'ল ‘a’ (এটা) আৰু ‘I’ (মই)৷
১৪) vowel নথকা আটাইতকৈ সৰু শব্দ ‘by’৷
১৫) গুপ্তহত্যাৰ ইংৰাজী প্ৰতিশব্দ ‘assassination’-ৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল গাধ-গাধ-মই-জাতি।
১৬) ‘Lieutenant’ শব্দাটোৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল মিছা-তুমি-দহ-পৰুৱা।
১৭) ‘uncomplimentary’ শব্দটোত আটাইকেইটা vowel আছে। মজাৰ কথা হ'ল যে ওলোটা ক্ৰমানুসাৰে (u-o-i-e-a) আছে।
১৮) ‘Exclusionary’ এনে এটা পাঁচটা vowel সমৃদ্ধ দীঘলীয়া শব্দ, য'ত এটাও বৰ্ণৰ পুনৰাবৃত্তি নহয়।
১৯) ‘study’, ‘hijak’, ‘nope’, ‘deft’ এই চাৰিটা শব্দৰ প্ৰথম তিনিটা বৰ্ণই ক্ৰমানুসাৰে আছে। 
২০) ‘executive’ আৰু ‘future’ এনে দুটা শব্দ, য'ত প্ৰত্যেক বৰ্ণৰ পিছত একোটাকৈ vowel আছে।
২১) ‘A1’ একমাত্ৰ ইংৰাজী শব্দ, য'ত সংখ্যাৰ ব্যৱহাৰ হয়।
২২) ‘I’-ৰ পিছত ‘am’ হয়। কিন্তু  “I is the ninth letter of alphabet.”
২৩) ‘Stewardesses’ ইংৰাজীৰ একমাত্ৰ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে মাথোঁ বাঁও হাতখন ব্যৱহাৰ হয়।
২৪) ‘dreamt’ একমাত্ৰ ইংৰাজী শব্দ, যাৰ শেষত mt আছে।
২৫) ইংৰাজীত তিনিটাই শব্দ আছে, যাৰ শেষত ceed হয় ‘proceed’, ‘exceed’, ‘succeed’৷
২৬) ‘Lollipop’ আটাইতকৈ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে অকল সোঁ হাতখন ব্যৱহাৰ কৰা হয়।
২৭) ‘almost’ একমাত্র দীঘলীয়া শব্দ, যাৰ বৰ্ণকেইটা ক্ৰমানুসাৰে আছে।
২৮) ইংৰাজীত মাথোঁ চাৰিটা শব্দই আছে, যাৰ শেষত dous ব্যৱহাৰ হয় — ‘tremendous’, ‘horrendous’, ‘stupendous’,
‘hazardous’৷ 
২৯) ‘Screeched’ হ'ল এটা syllable থকা আটাইতকৈ দীঘলীয়া শব্দ।
৩০) ‘underground’ এনে এটা শব্দ, যাৰ আৰম্ভণি আৰু সমাপ্তিত und থাকে। 
৩১) আপুনি জানেনে যে ‘set’ শব্দটোৰ আটাইতকৈ বেছি সংখ্যক অৰ্থ আছে।
৩২) ‘therein’ এনে এটা শব্দ, যাক নসজোৱাকৈ‍ দহটা নতুন শব্দ পাব পাৰি ‘the’, ‘her’, ‘ere’, ‘rein’, ‘in’, ‘there’, ‘he’, ‘here’, ‘herein’, ‘therein’৷
৩৩) ‘Typewriter’ একমাত্ৰ দীঘলীয়া শব্দ, যাক কীব'ৰ্ডত টাইপ কৰোঁতে অকল কীব'ৰ্ডৰ ওপৰৰ শাৰীৰ key-সমূহ ব্যৱহাৰ হয়।
৩৪) ‘indivisibility’ একমাত্ৰ দীঘলীয়া শব্দ, য'ত এটাই মাত্ৰ vowel ৬ বাৰ ব্যৱহাৰ হৈছে।
৩৫) ‘bookkeeper’ এনে এটা শব্দ, য'ত তিনিজোৰ শব্দ একেলগে ব্যৱহাৰ হৈছে oo, kk আৰু ee৷
৩৬) ‘Understudy’ এনে এটা শব্দ, য'ত চাৰিটা ক্ৰমিক বৰ্ণ rstu একেলগে আছে।
...................................
গৌতম দত্ত

কালি, কালিলৈ, অহাকালি, যোৱাকালি‍

কালি, কালিলৈ, অহাকালি, যোৱাকালি‍


কেইমাহমানৰ পূৰ্ব‍ে ‘Facebook Teacher Desk’ গোটত এটা প'ষ্ট দিছিল জয়ন্ত কুমাৰ খাখলাৰী ছাৰে৷ প'ষ্টটোত তেখেতে গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছিল৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ অষ্টম শ্ৰেণীৰ প্ৰশ্নকাকত (Set -A) ৰ ভাষা -১ত থকা ১০ নং প্ৰশ্নটো আছিল এনে ধৰণৰ—
Q.No.10. তলৰ কোনটো বাক্য শুদ্ধ?

(A) সি কাইলৈ গুৱাহাটীলৈ যাব৷

(B) সি কালি গুৱাহাটীলৈ যাব৷ 

(C) সি অহাকালি গুৱাহাটীলৈ যাব৷ 

(D) সি কালিলৈ গুৱাহাটীলৈ যাব৷
কোনটো শুদ্ধ এতিয়া, ছাৰৰ প্ৰশ্নটো আছিল সেইটো৷ বিকল্প B-টো শুদ্ধ নহয়, কিয়নো কালি (yesterday) গুৱাহাটীলৈ যাব বুলি কৈছে৷ ঠিক তেনেদৰে বিকল্প C-টোও শুদ্ধ নহয়, কিয়নো 'অহাকালি' শব্দটো ব্যৱহাৰ কৰা হৈছে৷ 'অহাকালি' আৰু 'যোৱাকালি' শব্দ দুটা অসমৰ কিছুমান অঞ্চলত কথিত ৰূপত ব্যৱহাৰ হয়৷ কিন্তু মান্য ৰূপত আৰু লিখিত ৰূপত সেই দুটা শব্দ ভুল বুলি ধৰা হয়৷ মান্য ৰূপত কালি কালিয়েই৷ অহা কালি (next yesterday) আৰু যোৱা কালি (last yesterday) হিচাপে ব্যৱহাৰ কৰা নহয়৷ মন কৰিব যে মই মান্য ৰূপটোৰ কথাহে কৈ আছোঁ৷ কোনেও ভুলভাৱে নলয়যেন৷

প্ৰশ্নটোত আমি দুটা শুদ্ধ উত্তৰ পাওঁ৷ সেই দুটা হ'ল — বিকল্প A আৰু D৷ বিভিন্নজনে মন্তব্য দিছিল তেখেতৰ প'ষ্টত৷ কাৰোবাৰ মতে কেৱল A শুদ্ধ, কাৰোবাৰ মতে কেৱল D-হে শুদ্ধ আৰু কাৰোবাৰ মতে A আৰু D দুয়োটাই শুদ্ধ৷ প্ৰকৃততে A আৰু D দুয়োটাই শুদ্ধ হ'ব, যদিহে আমি আমাৰ অভিধানসমূহ মানি চলোঁ৷
A-ত লিখিছে "সি কাইলৈ গুৱাহাটীলৈ যাব" আৰু D-ত লিখিছে "সি কালিলৈ গুৱাহাটীলৈ যাব"৷ মাত্ৰ 'কাইলৈ' আৰু 'কালিলৈ' শব্দ দুটাতহে পাৰ্থক্য আছে বাক্য দুটাত, যিকেইটাৰ অৰ্থ একেই; সেইটো হ'ল— ‘tomorrow’৷
বিষয়টো যাতে স্পষ্ট হয়, তাৰ বাবে অসমীয়া ভাষাৰ আগশাৰীৰ অভিধানকেইখনমানৰ পৰা প্ৰসংগ তুলি ধৰিব খুজিছোঁ৷
ক) হেমকোষ, পঞ্চদশ সংস্কৰণৰ পৰা—
কাইলৈ : কালিলৈ, অহা দিনলৈ, আগত দিনলৈ, tomorrow ৷ (পৃষ্ঠা নং - ২৯৩)
কালিলৈ, কাইলৈ: আজিৰ পিচৰ দিনটো, আজিৰ দিনটো শেষ হৈ আৰম্ভ হ'বলগীয়া পৰৱৰ্তী দিনটো, tomorrow, the day after today ( পৃষ্ঠা নং— ৩১৬)
খ) চন্দ্ৰকান্ত অভিধান, তৃতীয় সংস্কৰণৰ পৰা—
কাইলৈ: কালিলৈ; অহা আগত দিনলৈ; tomorrow (পৃষ্ঠা নং ১৯৪)
গ ) শৰাইঘাট অভিধান, চতুৰ্থ সংস্কৰণৰ পৰা—
কাইলৈ: কালিলৈ; আজিৰ পিছদিনা ৷ tomorrow ( পৃষ্ঠা নং—১৫৩)
কালিলৈ: আজিৰ পাছৰ দিনটো; কাইলৈ ৷ tomorrow ( পৃষ্ঠা নং—১৭১)
কালি: ৪) হৈ যোৱা দিনটো ৷ yesterday (পৃষ্ঠা নং—১৫২)
ঘ) আধুনিক অসমীয়া শব্দকোষ, (সুমন্ত চলিহা) দ্বিতীয় তাঙৰণৰ পৰা—
কাইলৈ: কালিলৈ; আজিৰ পিচদিনা [ tomorrow] (পৃষ্ঠা নং— ৯৩)
ঙ) অসমীয়া অভিধান, গিৰিধৰ শৰ্মা, তৃতীয় সংস্কৰণৰ পৰা —
কাইলৈ: কালিলৈ, tomorrow (পৃষ্ঠা নং—১৮৭)
উক্ত আটাইকেইখন অভিধানতে আমি দেখিলোঁ যে ‘কাইলৈ’ আৰু ‘কালিলৈ’ দুয়োটা সমাৰ্থক৷
‘অংকুৰণ’-কেইখনৰ প্ৰথমভাগতে থকা 'শিক্ষকে মন কৰিবলগীয়া কথা'-ত আমি পাওঁ যে পাঠ্যপুথিসমূহ প্ৰস্তুত কৰোঁতে আখৰ-জোঁটনি আৰু শব্দাৰ্থৰ ক্ষেত্ৰত বিশেষকৈ 'হেমকোষ' আৰু 'চন্দ্ৰকান্ত অভিধান'-কে আধাৰ স্বৰূপে লোৱা হৈছে৷ প্ৰয়োজন সাপেক্ষে এই দুখন অভিধান ব্যৱহাৰ কৰিবলৈ পৰামৰ্শও দিয়া হৈছে৷ বাকীবোৰ অভিধানৰ কথা বাদ দিছোঁ ৷ পাঠ্যপুথিৰ আধাৰ স্বৰূপ এই দুখন অভিধানতো দেখা গ'ল— কাইলৈ = কালিলৈ৷ অৰ্থাৎ প্ৰশ্নটোত থকা বিকল্প A = বিকল্প D৷ দুয়োটা বিকল্পই সম্পূৰ্ণ শুদ্ধ৷
বহুবিকল্পী প্ৰশ্ন (MCQ)-ত এটাহে মাথোঁ শুদ্ধ উত্তৰ দিব পাৰে৷ দুটা বা অধিক শুদ্ধ উত্তৰ দিয়াটো ভুল৷ গতিকে এইক্ষেত্ৰত প্ৰশ্নকাকত প্ৰস্তুতকৰোঁতাৰেই ভুল বুলি ভাবিব পাৰি৷

উক্ত কথাখিনিৰে গোটত এটি প’ষ্ট দিওঁতে এজনে যুক্তি দৰ্শাইছিল যে ‘কালি‍’ হ’ল কাল আৰু ‘লৈ’ হ’ল বিভক্তি৷ এজনে ক’লে যে ‘কালি‍’ যদি পাৰ হৈ যোৱা দিনটো হয়, তেন্তে ‘কালিলৈ‍’ শব্দটো এটা ভুল শব্দ৷ এই বিষয়টো স্পষ্ট কৰিবৰ বাবে অলপ কথা সংযোগ কৰিব খুজিছোঁ— শব্দ এটাৰ শেষৰ অংশত ‘লৈ‍’ থকা মানেই সকলো ক্ষেত্ৰতে ‘লৈ‍’-টো বিভক্তি নহয়৷ শেষত ‘লৈ‍’ থকা দুটামান শব্দলৈ মন কৰিলেই কথাষাৰ স্পষ্ট  হ’ব— খালৈ, বিলৈ, হালৈ, হিলৈ, দলৈ৷ এইকেইটাত শব্দৰ শেষত ‘লৈ‍’ আছে যদিও ইয়াত ‘লৈ‍’ অংশটো বিভক্তি হিচাপে ব্যৱহাৰ হোৱা নাই৷ খালৈ, বিলৈ, হালৈ, হিলৈ আৰু দলৈ একো একোটা স্বতন্ত্ৰ শব্দ৷ ঠিক তেনেকৈ ‘কালিলৈ‍’ শব্দটোও এটা স্বতন্ত্ৰ শব্দ৷ সেইবাবে এই প্ৰসংগত বিভক্তিৰ কথাটো নাহে আৰু সেই বাবেই ‘কালি’ আৰু ‘কালিলৈ’ — এই দুয়োটা শব্দই শুদ্ধ আৰু এটা আনটোৰ সমাৰ্থক হিচাপেই ব্যৱহৃত৷  মান্য ৰূপত 'অহাকালি' আৰু 'যোৱাকালি' শব্দ দুটাহে ভুল৷

— দেৱভূষণ

Thursday, April 26, 2018