গ্ৰীষ্ম বন্ধৰ আগত টাব দিয়া হৈছিল ফুল ৰোপন কৰি আনিবলৈ… ইমান ধুনীয়াকৈ যতন কৰি ধুনীয়া ধুনীয়া ফুল ৰোপন কৰিছে সেয়ে সকলোৰে লগত শ্বেয়াৰ কৰিব মন গ'ল ।
Showing posts with label শুৱনি_বিদ্যালয়. Show all posts
Showing posts with label শুৱনি_বিদ্যালয়. Show all posts
Thursday, September 6, 2018
Thursday, April 26, 2018
Sapkata LP School
পৰিশ্ৰমে সফলতা আনিলে..|
"B" গ্ৰেড পালো, আমি| ৮ মাহ হৈছিল ;
নতুন স্কুলত ভৰ্তি হোৱা| সেই কেইমাহতে পাৰো মানে চেষ্টা কৰিছিলো স্কুলখনৰ সামগ্ৰিক পৰিকাঠামো উন্নত কৰাৰ; সহায় হৈছিল ব্ল'কৰ চি.আৰ.চি.চি ছাৰ, বিদ্যালয়ৰ বয়োজেষ্ঠ প্ৰধান শিক্ষক, সহকৰ্মী, সভাপতি, বিদ্যালয় কমিটিৰ গোটচেৰেক সদস্য/সদস্যা আৰু স্থানীয় ৰাইজ..|

কণ কণ ছাত্ৰ-ছাত্ৰীৰ অফুৰন্ত হেঁপাহ আৰু উদ্যোগো আছিল বিশেষভাবে শলাগ ল'বলগীয়া|
পৰিশেষত, গুণো~সৱৰ সতে জড়িত সমগ্ৰ অসমৰ প্ৰতিজন শিক্ষাগুৰুলৈ শুভকামনা জনালো|
পৰিশেষত, গুণো~সৱৰ সতে জড়িত সমগ্ৰ অসমৰ প্ৰতিজন শিক্ষাগুৰুলৈ শুভকামনা জনালো|
1226নং টাকিমাৰী এল পি স্কুল
অতিকৈ পিছপৰা দুৰ্গম চৰ অঞ্চলত অৱস্থিত 1226নং টাকিমাৰী এল পি স্কুল গুণোতসৱত Aগ্ৰেড পালে | আমি কৰা পৰিশ্ৰমৰ এটা যেন প্ৰমান পত্র পালো |বহুত ভাল লাগিছে আজি এটা সীকৃতি লাভ কৰি |
Rahim Chand AT
1 No Toradubi Lp School
অতি পিছপৰা অঞ্চলৰ এখন বিদ্যালয়।125 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনত সতীৰ্থ টেট শিক্ষক সূৰুজ বুঢ়াগোহাঁই, প্ৰধান শিক্ষক ৰতন দাস আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত বিদ্যালয়ৰ উন্নতিৰ বাবে শিক্ষক তা জীৱনৰ আৰম্ভণি কৰিছিলোঁ। পৰিশ্ৰমৰ ফল মিঠা। A+ গ্ৰেড লাভ কৰি বহুত আনন্দিত।স্থানীয় ৰাইজে প্ৰতি মুহূৰ্ততে আগবঢ়োৱা প্ৰেৰণা আৰু সহায় সহযোগিতা বাবে এনে ফলাফল লাভ কৰিলো।
( Bijit Chutia, AT)
Hojai Town LP School
আশা কৰা ধৰণেই A গ্ৰেড পালো (B বা Aভিতৰতে পাম বুলি ভাবিছিলো, যদিও সকলোৱে ভাল স্কুল বুলি কয়) । A+ পাব পৰা বিদ্যালয়ত পৰিণত কৰিবলৈ আৰু বহুতো কষ্টৰ লগতে অন্যান্য বহুতো কাৰকৰ প্ৰয়োজন আছে।আৰু এনে কিছু সমস্যা আছে যি সমূহ সমাধানৰ সূত্ৰ বিচাৰিয়ে পোৱা নাই। ভাষিক সমস্যা,কিছু অভিভাৱকৰ সচেতনতাৰ অভাৱ(নিজৰ ল'ৰাটো কোনটো শ্ৰেণীত পঢ়ে তাকো গম নোপোৱা অভিভাৱকো দেখিছো), শিক্ষকৰ অভাৱ, ন পুৰণি মাজৰ ব্যৱধান আদি বহুতো সমস্যাৰ লগতে কিছু প্ৰকাশ কৰিব নোৱাৰা সমস্যা ।300+ ছাত্ৰ ছাত্ৰীৰ মাজত সকলো সমান নহয় বা সকলোকে সমানে আগুৱাই লৈ যোৱাটো সম্ভৱও নহয়।