Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Saturday, July 1, 2023

জীপাল ধৰা

জীপাল ধৰা



দুখৰ ৰাতি ভাবুকি অযুত।

অশলাগি নহয় তুমি প্ৰকৃতি,

আশা আছে, বুকুৰ অনুভৱখিনি আনে নুবুজিলেও তুমিয়ে

 অকণমান বুজিবা বুলি।

তোমাক দেখিয়ে আশাবোৰ বাৰে বাৰে ৰঙচুৱা হয় দেখোন।

যদি তোমাক লৈয়ে যুগে অহংকাৰ কৰিব পাৰে,

তোমাক লৈ আমিনো সাহস গোটাব নোৱাৰো কিয়??

কিবা এটা ভাবিয়ে ভাল লাগে ন' !

কথাই প্ৰতি নাই কোনো অভিমান,

নাই কোনো খঙ,ৰাগৰ অৱকাশ,

এয়াই সেয়া আমাৰ জীপাল ধৰা।



সহোদৰে আজি দেখিও নেদেখে,

বুজিও নুবুজাৰ ভাও জুৰে।

সুদূৰলৈ চাই চিঞৰি চিঞৰি

উভতাই বিচাৰিলে জানো দুনাই পাম??

বাটৰুৱা পখিলাই তোমাৰ সদ্‌ব্যৱহাৰ নাজানিলে অ!
 


লিখক- কমল ৰাভা, শিক্ষক, ছয়গাও, কামৰূপ গ্ৰাম্য
ফোন নং-৮৪৮৬৯-৬৩৩৮৬

Thursday, September 6, 2018

ইঞ্জিনিয়াৰ

ইঞ্জিনিয়াৰ


মনত অদম্য হেঁপাহ আছিল
ইঞ্জিনিয়াৰ হোৱাৰ৷
মেট্ৰিকৰ ৰিজাল্ট্ ওলাবৰ দিনা
মনত আনন্দৰ জোৱাৰ উথলি উঠিছিল৷
ইঞ্জিনিয়াৰিঙৰ প্ৰথম চিৰিত মই যেন বগালোঁৱেই!

দেউতাই সৰুৰে পৰাই সপোন দেখুৱাইছিল—
"মোৰ ছোৱালী ইঞ্জিনিয়াৰ হ'ব৷"
সেইমতে ময়ো সেই সপোনত উটি-ভাহি ফুৰিছিলোঁ৷
পিছে ইঞ্জিনিয়াৰিঙত নাম লিখি নিদিলে দেউতাই,
ক'লে—  "তই নিৰ্জীৱ নহয়, সজীৱ সৃষ্টিৰহে ইঞ্জিনিয়াৰ হ'ব লাগিব৷"
একো নুবুজিলোঁ৷


পঢ়ি গ'লোঁ দেউতাই বিচৰা মতে
সপোন ভগাৰ বোজা বুকুত বান্ধি লৈ, নিৰৱে৷

এদিন শিক্ষয়িত্ৰীৰ চাকৰি এটা পাই
দেউতাক সেৱা জনাবৰ পৰত
তেওঁ সকলোকে কৈ ফুৰিছিল—
"মোৰ ছোৱালী আজি ইঞ্জিনিয়াৰ হ'ল;
নিৰ্জীৱ নহয়, সজীৱ সৃষ্টিৰ৷"

আজিহে বুজিলোঁ
দেউতাই আচলতে মই কি হোৱাটো বিচাৰিছিল৷
কিন্তু!
মই জানো হ'ব পাৰিছোঁ
মানুহ গঢ়া ইঞ্জিনিয়াৰ?
..............................
—  বন্দনা বৰদলৈ 
কুটিল খেল

কুটিল খেল


ক্ৰমশঃ
আকাশখন এন্ধাৰ হৈ আহিল,
উতনুৱা কুটিল বতাহজাকত
কাৰোবাৰ আঁচল খহিল
তিৰবিৰাই জ্বলি উঠিল৷
দুটি তৰা;
এহালি চকুত চমকি উঠিল
তৰাৰ বিজুলী৷

মহাবি‍ষ খহি পৰিল
সৌ বালিচাপৰিত
সৰগৰ পৰা,
অপৰাধ
পলকবিহীনতাত ডুব যোৱাৰ বাবে৷
তৰা দুটিৰ উজ্জ্বলতাত চমকি উঠাৰ বাবে৷

এয়াইতো অন্য এক ষড়যন্ত্ৰ!
দেৱৰ সভাত মানৱৰ স্থান
কাৰোবাৰ বাবে অসহ্য যন্ত্ৰণা!
.............................
                                    যতিন বড়া

ঈশ্বৰ

ঈশ্বৰ


ঈশ্বৰবোৰ এতিয়া নাই
দুখীয়াৰ ঘৰত
ঈশ্বৰবোৰ থাকে হেনো
ধনী দুলালৰ দালানত
বন্ধ কোঠাত সিংহাসনত
নিতালে...
ধূপ—ধূণা, অগৰু, চন্দন
সোণৰ ফুল ৰূপৰ কাৰেঙত
নিস্তব্ধতাৰে...
দুখীয়াসকলে ঈশ্বৰক চায়
দূৰৰ পৰাই
সেৱা জনায় অন্তৰৰ পৰা
মনতে গুণগুণায়
মুক্তিত নিস্পৃহ যিটো সেহি
ভকতকো নমো
শংখ, ঘণ্টা, উৰুলিৰ মাতত
জীন যায় সকলো
ভিৰ ফালি ধনীবোৰ আগুৱায়
দামী মিঠাই টকাৰ মালাৰে
যাচে নৈৰ্বেদ্য ...
পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰে
সৰ্বে ভৱন্তো সুখীনঃ
আগলি কলপাতত গুৱা-পাণ
বন্তি এগচিৰে দুখীয়াই
ঈশ্বৰ থাপে
চাদৰৰ আঁচল পাতি সেৱা জনায়
ঈশ্বৰ আছে
ঈশ্বৰ আছে
ঈশ্বৰ আছে...


মাধুৰ্য্য সন্দিকৈ
 টেঙাখাত , ডিব্ৰুগড়
 ফোন ৯৯৫৭৬৩৩০২২

Wednesday, September 5, 2018

জন্মভূমিৰ ছবি

জন্মভূমিৰ ছবি


(প্ৰিয় দেশবাসীলৈ)
কিশোৰ মনজিৎ বৰা

মলিয়ন, ধূসৰ---অথচ ছবিখন
অন্ধকূপৰ বুলি নাভাবোঁ

এতিয়াও চৰাইৰ চিঞৰত
ইয়াত সাৰ পাই কাহিলি পুৱাৰ আকাশ
চিতা জুইৰ পোহৰত থোকাথুকি হয়
দূৰ বান্ধৈৰ মাত

আচলতে আমি কোনোদিন ল'বই নাজানিলোঁ
স্বাধীনতাৰ সোৱাদ-- হকে-বিহকে চিঞৰি থাকিলোঁ 'স্বাধীনতা এটা পুকীয়া আম'--অথচ সেই আমজোপাৰ তলত এটা যাগ দিয়াৰ কথা নাভাবিলোঁ

আমি বাহিৰত ফিটা মাৰি মাৰি ঈশ্বৰৰ বাবে ঘৰ সাজিলোঁ
অথচ ভিতৰত অনুকম্পাৰ বাবে নাৰাখিলোঁ এক ইঞ্চি হৃদয়

গীতা, কোৰআন, বাইবেল পঢ়িলোঁ
নপঢ়িলোঁ নিজক
আমি নিজৰ হঠকাৰিতাৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰিলোঁ
আৰু মূৰকত আঙুৰ খাব নোৱৰা শিয়ালটোৰ দৰে ক'লোঁ--'স্বাধীনতা ইমান টেঙা!'

ছবিখন বেছ উজ্জ্বল নহ'লেও
আপোন বুলি নিশ্চয় ভাবিব পাৰোঁ
কাৰণ, এইখন আইৰ মুখৰ ছবিতেই এদিন
বুকুৰ ছবিখন এৰি থৈ যামগৈ

আহা , কেঁচকলি ওঁঠৰ সুৰুঙাৰে ৰঙা হৈ অহা সূৰ্যটোক
আকৌ এবাৰ প্ৰাণ ভৰি চাওঁ!
শিক্ষকসকললৈ

শিক্ষকসকললৈ


✍🏻দিগন্ত নিবিড়

মই একান্ত অন্ধকাৰত চটফটাই আছিলোঁ এসময়ত
আপোনালোক পোহৰ হৈ আহিছিল তেনেকুৱা এটা দিনতেই

আৰু তেতিয়াৰে পৰাই চাগে
শিক্ষকসকল এডাল মমবাতিৰ দৰে হ'ল

আপোনালোক গলি গ'ল
আমি গঢ় লৈ আহিলোঁ
সবল আৰু সযুক্তিৰে

মই যি শূন্য এটাৰ গঁড়ালত আবদ্ধ হৈ
অস্পৃশ্য কাহিনী এটাক ৰহন সানি
নিজৰ কৰিব খুজিছিলোঁ
আপোনালোকৰ মহৎ কথাই মোক
সেই কাহিনী এনেকৈ শিকালে যে
মই এতিয়া সেই শূন্যটোক বিশাল পৃথিৱী এখন বুলি উদযাপন কৰি আহিছোঁ

আপোনালোকৰ বাবেই আকাশ নীলা- বুজিলোঁ
আপোনালোকৰ বাবেই সাগৰ লুণীয়া- বুজিলোঁ
আপোনালোকৰ বাবেই উশাহ সেউজীয়া বুলি জানি
বুকুতে ৰুই থ'লোঁ পোহৰৰ হেজাৰজোপা গছ

মোৰ হাতৰ তলুৱা এদিন ৰঙা হোৱাৰ বাবেই চাগে
মোৰ চকুত আজি ইমান ৰং জীৱনৰ!
এদিন মোৰ গাল উখহি উঠা বাবেই চাগে
আজি মই ওখ হৈ আহিছোঁ
শব্দৰ এই মায়াময়তাত

ত্যাগ আৰু নিঃস্বাৰ্থৰ উপমা যদি
কেতিয়াবা ইতিহাসে দিয়ে
তেনেহ'লে ক'বই লাগিব আপোনালোকৰ কথা
দান আৰু জ্ঞানৰ কথা কেতিয়াবা যদি কয় এই সভ্যতাই
তেনেহ'লে ক'বই লাগিব আপোনালোকৰ কথা

সত্য আৰু যুক্তিৰ মানুহবোৰ সদায় সুন্দৰ
মমবাতিৰ দৰে শিক্ষকসকল সদাজ্যোতিষ্মান

শত সহস্ৰ সেৱা আৰু শ্ৰদ্ধাৰ শৰাই মই
আপোনালোকৰ চৰণত শতকাল স্থাপন কৰি আহিম
মোৰ মাজত
সযতনে এজন মানুহ গঢ়াই তোলাৰ বাবে ।
--------------@-----------------

ঠিকনা:
দিগন্ত নিবিড়,
সহ: শিক্ষক,
৯৮৪ নং দক্ষিণ খাবলাৰভিঠা প্ৰাথমিক বিদ্যালয়,
ভৱানীপুৰ শিক্ষাখণ্ড, বৰপেটা
ফোন: ৮০১১৯২০৪৪৮
আত্মবিলাপ

আত্মবিলাপ


অৰ্জুন দাস

শেষ সীমনাত ৰৈ
তোমালোকলৈ উভতি চাইছোঁ।
হাড়ে-হিমজুৱে শিপাই থকা
পুৰাতন নৈখনক সুঁৱৰিছোঁ।
বায়ু,পানী আৰু বতাহ পায়ো
নীৰৱে শিল হৈছোঁ,
চকুলোত ভাহিছোঁ।
উটি হ'লে যোৱা নাই,
পুনৰ শুকাইছোঁ।
কাৰোবাৰ হাতৰ শুভ্ৰতাত
ভিতৰি জাগি উঠিছোঁ।
আৰু তোমালোকেও ৰৈ ৰৈ
মোলৈ চাই আছা
তোমালোকৰ চকুত
মই মাথোঁ অঘৰী শিলাখণ্ড।
ওপজা মাটিৰ উমনি ভাঙিব নোৱাৰি
দৃশ্যান্তৰ হোৱালৈ
চাইয়েই আছা---
মোৰ ক্ষুধাৰ্ত বাগৰবোৰলৈ।

         -------
শিশু

শিশু


দিনান্তৰৰ শেষৰ স্বপ্ন
আদিম পুৱাৰ,

যেন
সঞ্জীৱিত সঞ্জীৱনী !

দুহাত চপাই
মৃত্যু জিনাৰ উশাহ সামৰি
জন্ম হয় এনে বহু উশাহৰ
সেয়ে
গৰ্ভাশয়ত বিচাৰ নহয়
কোনো বিভেদৰ |

ধাৰণ কৰিব পাৰিলেই
প্ৰতিটো উশাহেই
জন্ম দিব পাৰে
একোটি নিষ্পাপ শিশুৰ৷

 নিবেদিতা হাজৰিকা
৪৩৫ নং বৰকাপলা প্ৰাথমিক বিদ্যালয়, বৰপেটা
আঘোনৰ কুঁৱলীয়ে বাট ভেটা বঁকিয়াইদি

আঘোনৰ কুঁৱলীয়ে বাট ভেটা বঁকিয়াইদি


৫৫০ নং বৰগাঁও প্ৰাথমিক বিদ্যালয়।

আঘোণৰ কুঁৱলীয়ে বাট ভেটা বঁকিয়াইদি
ছলা পথাৰলৈ বুলি বাট বুলিছোঁ ;
সুমথিৰাটোৰ দৰে বেলিটো পকি উঠাৰ আগতেই
অৱনৰি পাৰত অইনিঃতমৰ কলি এটা গুণগুণাইছোঁ।

নদী আৰু শইচৰ নীল-সেউজ সংগমত
জীপাল হোৱা যৌৱনমতী হাঁহিবোৰ
নৰাৰ পেঁপা বজাই  লেছেৰি বুটলা শৈশৱবোৰ
অপসৃয়মাণ ছায়াৰ দৰে ক্ৰমশঃ
পাল্কীত উঠি গুচি গৈছে বহুদূৰ।

আপাততঃ চট পৰা নদীৰ দৰে
মোৰ বুকুত ভিৰ কৰিছে
বানবিধ্বস্ত কৃষকৰ নষ্ট সপোনবোৰ।

উদিত সূৰুযৰ উত্তাপত
অজান যাদুকৰৰ ভৌতিক ভেলেকীবাজিত
পিয়াপি দিয়া কুঁৱলীবোৰ
হঠাৎ আঁতৰি গ'ল মঞ্চৰ আঁৰকাপোৰৰ দৰে

আস্ !
মই কি দেখিছোঁ, মই কি দেখিছোঁ
দৃষ্টিৰ  সীমনা জুৰি হালধীয়া সৰিয়হৰ সাগৰ !
নকৈ হাঁহি বিৰিঙিছে খেতিয়কৰ সপোনবোৰ ।

লেনিন কামান
মালাপিন্ধা, মাজুলী-785104
ম'বাইল-9706359906
জীৱন যাত্ৰা

জীৱন যাত্ৰা


        শ্ৰী নোমল উপাধ্যায়
         
লুইতৰ কোবাল বুকুত যাত্ৰা
                      নিতৌ পূৱা.....
         মাথোঁ এটাই লক্ষ্য!
বিদ্যালয়ৰ কণ কণ বীজবোৰক অংকুৰিত কৰা......
পোহৰাই তোলা তেওঁলোকক জ্ঞানৰ দীপ্তিৰে।
             কত যে বৰ্ণনাতীত ঘাত-প্ৰতিঘাত
                কেতিয়াবা বতাহ-বৰষুণ...
                 কেতিয়াবা সূৰ্যৰ ৰুদ্ৰমূৰ্তি উত্তাপ..
                  কেতিয়াবা আকৌ পছোৱাই    
                  উফৰোৱাৰ ভয় ভূটভূটিখন।।
তথাপিও নেওচি জীৱন-মৃত্যুৰ ভয়
 অবিৰত যাত্ৰা মোৰ আপোন নঘৰী
                                বিদ্যালয়খনলৈ।
               লক্ষ্য মাথোঁ এটাই—
                  পোহৰাই তোলা জ্ঞানৰ চাকিৰে
                     বীজৰ পৰা একোটিকৈ উন্নত
                          ফলবৃক্ষলৈ, জ্ঞানবৃক্ষলৈ।
  ধন্য মানো নিজকে
       পালোঁ কিবা এটা কৰিবলৈ ....
          কণ কণ ছাত্ৰ-ছাত্ৰীৰ নিমিত্তে
            মোৰ এই জীৱন যাত্ৰাত।
***************

 শ্ৰী নোমল উপাধ্যায়
           সহ: শিক্ষক ,নঘৰী চৰ প্ৰাথমিক
                                           বিদ্যালয়
             শিক্ষাখণ্ড: লাহৰিঘাট
              জিলা: মৰিগাঁও
অনুভৱৰ স্তৱক

অনুভৱৰ স্তৱক



তোৰ চিগাৰেটৰ ধোঁৱাৰে মোক বিষাক্ত নকৰিবি
সভ্যতাৰ নামত পিন্ধা তোৰ অৰ্ধনগ্ন পোছাকযোৰ
আৰু বৰ্বৰতাৰে ভৰা তোৰ শৰীৰৰ মলিবোৰ ।
পথৰ দাঁতিত আৰু চহৰৰ সম্ভ্ৰান্ত গলিবোৰত
নাইবা জাৱৰৰ দ'মত দলিয়াই দিয়া
তোৰ সুখবোৰৰ
চিৎকাৰ শুনিছনে কেতিয়াবা?
মাজনিশা হাড়বোৰে যেতিয়া উচুপে,
তেতিয়া চাগে তই সুখৰ নিদ্ৰাত
কলংকিত শৰীৰত আছে জানো 'হৃদয়' নামৰ দুৱাৰ!
আছে যদি এবাৰ মেলি দি চাচোন
তোৰ বিষাক্ত হৃদয়ৰ দুৱাৰ
কিজানিবা কিঞ্চিতো ওলাই আহেই
তোৰ মনৰ মলিবোৰ!
আৰ্তজনৰ মুখত সুখৰ আবিৰ সানিবলৈ
স্বাৰ্থান্বেষী হৃদয়ত এটুপি অশ্ৰু ওলাবনে কাহানিবা ?
 .......................
নিজৰা বৰুৱা


শিক্ষকতাৰ আত্মালাপ

শিক্ষকতাৰ আত্মালাপ


✍বিপুল কুমাৰ নাথ।
------------------------------------
মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
আমিও আপোনাসৱৰ দৰেই
তেজ-মঙহেৰে গঢ়া নিঃকিন মানৱ !
হয়তো নহ'ব পাৰোঁ আমি আপোনাসৱৰ দৰে
গাড়ী-বাৰী-নাৰী কিম্বা বিশাল ধনৰ অধিকাৰী,
তীক্ষ্ণ বুদ্ধিমত্তা অথবা ক্ষমতাৰ উত্তৰাধিকাৰী।
আমি ইমানতেই লওঁ পৰম মানসিক সন্তুষ্টি।
ঘৰখনত ৰোগীয়া বৃদ্ধ পিতৃ-মাতৃ ,
কাৰোবাৰ হেঁপাহৰ জীৱন লগৰী,
অথবা ছমহীয়া পানী কেঁচুৱাটিক এৰি
আমি যে আছোঁহি চৰ-চাপৰি, নদ-নদী,
পাহাৰ-ভৈয়াম একাকাৰ কৰি ।
শ শ কিঃমিঃ যাত্ৰাপথ অতিক্ৰমী
কেৱল পেটৰ ভাতমুঠিৰ বাবেই
হয়তো জীৱন গঢ়াৰ খনিকৰ হৈছোঁহি।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
দুখীয়া দৰিদ্ৰৰ শিশুসকলক লৈয়েই
আমি নিতৌ ন ন বাধাকো নেওচি
ভৱিষ্যৎ  মানুহ গঢ়াৰ সপোন ৰচিছোঁ।
কেতিয়াবা যদি পাহাৰ বগাইছোঁ,
কেতিয়াবা খৰস্ৰোতা নদী পাৰ হৈছোঁ,
কেতিয়াবা আকৌ চাইকেল-বাইক লৈ, টেম্প'-বাছেৰে গৈ এদলীয়া সাঁকো পাৰ হৈ উত্তপ্ত বালিচৰত পেণ্ট-মেখেলা-ধুতি উজাই  আমাৰ পাঠশালালৈ বুলি ঢাপলি মেলিছোঁ।
তাৰ পাছতো কিন্তু 'নিয়মীয়াকৰণ', 'বদলিকৰণ'
অথবা 'নিৰাপত্তা'-ৰ পৰা আমি বঞ্চিত হৈছোঁ।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
লোকপিয়ল, নিৰ্বাচন কিম্বা নাগৰিকপঞ্জী
এইসৱেই নহয় জানো আমাৰ জীৱনসংগী!
হেঁপাহৰ বিহুটি, ঈদ, বৰদিন, হোলী
অথবা  পোহৰৰ উৎসৱ দীপাৱলী ।
সামান্য যিকেইটা মঞ্জুৰ হয় ছুটী
সেয়াও দেখোন যাত্ৰাপথতেই পৰে যতি ,
আদবাটতেই আৰম্ভ হয় যাত্ৰা ওভটনি !

মহাশয়, সবিনয় নিবেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
সেনাবাহিনীৰ উদাহৰণ আমাক নিদিব,
বেতনভোগী দাস বুলি তাচ্ছিল্য নকৰিব।
আমি টিভিত টক্ শ্ব' কৰিব নাজানো,
কাকতত বৰ বৰ স্তম্ভ লিখিবও নাজানো,
নাজানো ৰাজনীতি-কূটনীতিৰ মেৰপেচ,
অথবা  ৰজা-মন্ত্ৰী ভঙা-পতাৰ পাশাখেল।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
পদূলিমূৰৰ পাঠশালাখনত এসময়ত
খুৰা-খুৰী, বৰদেউতা-বৰমাহঁতেই
শিক্ষকতাৰে সঁচাকৈ মহীয়ান আছিল ।
ন বজালৈকে কৃষিজীৱী হৈ পাঠশালালৈ গৈ
জিৰণিত ঘৰত  চাহ-পিঠা-সান্দহ খাই,
তিনি বজাত আহি জেওৰা-বেৰা দি,
মাজে-সময়ে খৰাহী-ঢাৰি-বিচনী বান্ধিছিল।
দেওবৰীয়া হাটত নি হাতখৰচ উলিয়াইছিল,
সভাই-সমিতিয়ে জাপি-গামোচা পাইছিল ,
সন্ধিয়া পৰত পুথি-ভাগৱতৰ চৰ্চা কৰিছিল।

তাতেই আছিল বোধহয় প্ৰকৃত মাদকতা,
আজি  'জিঅ'ফেনচিং'-ত আবদ্ধ হয়
কিয় আমাৰ শিক্ষকতাৰ 'ব্যক্তি স্বাধীনতা'?

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
আমাৰ বেতন বৃদ্ধিত যে চকু ডাঙৰ হয়,
জানেনে আমাৰ বেতন কিমান বৃদ্ধি হয়?
ৰজাঘৰীয়াই বিদেশী প্ৰভুভক্তক
মাহেকত যিমান টকাৰ মঙহ খুৱায়,
সেয়াও আমাৰ বেতনৰ তিনিগুণ হয়!
দৰমহা আয়োগৰ কৃপাত
মাহিলী যি অলপ বৃদ্ধি পায়,
ৰজাঘৰীয়াৰ কোপদৃষ্টিত
সিও দেখোন আধাতে কৰ্তন যায়।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
দেউতাৰ প্ৰেছাৰ, মাৰ গেষ্ট্ৰিকৰ দৰব,
পত্নী-পুত্ৰ, ভাতৃ-ভগ্নীৰ  ন্যূনতম আব্দাৰ,
বিয়া-সবাহ, উৎসৱ-পাৰ্বণ আৰু হাট-বজাৰ,
সকলো মিলাওঁ আমি যদিও হয় দিগদাৰ,
যোগ-বিয়োগ-পূৰণ-হৰণ মিলি হয় একাকাৰ।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
মানি লৈছোঁ, কামচোৰ দুই-এজন নথকা নহয়
পিছে চাউলত থকা পাথৰবোৰ আঁতৰ নকৰি
পাথৰ সিজালৈ উতলালে জানো ভাত হয়?
মহাশয়, নিবিচাৰোঁ আমি মিছা  গুণগান,
নিবিচাৰোঁ আমি কোনো প্ৰতিদান,
সহানুভূতি কিম্বা সেৱাৰ পৰিত্ৰাণ।
নালাগে আমাক যৎকিঞ্চিতো মান-সন্মান,
আছে যে মূৰ তুলি জীৱন জীয়াৰ স্বাভিমান ।
নালাগে আমাক ৰাজহুৱা তিৰস্কাৰ,
লাগে মাথোঁ ন্যূনতম 'প্ৰাপ্যৰ অধিকাৰ'।

মহাশয়, সবিনয় নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব।
আমাক অকণ সুস্থ পৰিৱেশ দিয়ক,
আমিয়েই পাঠশালাত হাতুৰী কোবাই মহাত্মা, ৰবীন্দ্ৰনাথ, কালাম, ভূপেনদাৰ উত্তৰসুৰী জানো গঢ় দিব নালাগিব?
মহাশয়, পুনঃ সবিনয়ে নিৱেদন জনাইছোঁ।
শিক্ষকতাক সঘনে তিৰস্কাৰ নকৰিব ।

ফাইল

ফাইল


চেহেৰাত তোৰ 
তেজ-মঙহৰ গঢ় নাথাকিল বুলি,
কোনোবা কাৰখানাৰ কক্ষত
 
তোৰ জন্ম হ'ল বুলি
মাথোঁ ব্যাৱহাৰিক চাহিদাৰ মাপকাঠীৰে যে
তোৰ জীৱন জুখিব নোৱাৰি ।
বস্তুবাদৰ একপক্ষীয় বিচাৰ আৰু অনুদাৰ দৃষ্টিৰে
তোৰ বিচিত্র-বৈবিধ্যময় জীৱন চৰ্চা কৰিবলৈ
জান? মই বৰ কষ্ট পাওঁ, অন্তৰে হাহাকাৰ কৰে!
জীৱনত তোক প্ৰথম দেখাৰ কথা।
ঠিক স্কুলত নাম লগাবলৈ অহা
বেণী গোঁঠা এজনী ছোৱালী যেন
তোৰ সেই আলফুলীয়া বেশ !
তোৰ বুকুৰ অভ্যন্তৰত মনৰ চকুৱে মোৰ
হয়তো সন্তৰ্পণে বিচাৰি ফুৰিছিল
ভৱিষ্যৎ সপোন-সম্ভাৱনাৰ আলেখ-লেখ।
সেইদিন ধৰি 
তোৰে মোৰ এক অবিচ্ছেদ্য সম্বন্ধ৷
আচলতে আত্মীয়তাৰ সম্বন্ধত
 
জাত-পাত অথবা জন্ম ইতিহাসৰ প্ৰশ্ন গৌণ৷
তোৰ ধাৰক-বাহক কিম্বা ৰক্ষকসকলেও
বুজা উচিত গুণ-মহত্ত্ব-গৰিমাৰে যে
তোৰ পৰিচয় পূৰ্ণ।
মই জানো, নিৰপেক্ষ সংৰক্ষণেই তোৰ ধৰ্ম 
অব্যক্ত গুণ-আদৰ্শৰ কথাও তোৰ সৰ্বদিশে অভিব্যাপ্ত।
সেইদেখি নিঃকিন-চহকী,
চোৰ-সাধু সকলোৱে বুজে তোৰ মৰ্ম ।
তোৰ অজৈৱিক জীৱন পৰিক্ৰমাক লৈ
কোনোবাই অনুচিত উপহাস কৰিব খুজিলেও
তোৰ হৈ মই ৰিঙিয়াই ক'ব পাৰোঁ --
মাতৃ হৃদয়ৰ দৰে অপৰিমেয় তোৰ উদাৰতা
সাগৰ-সংকাশ তোৰ বুকুৰ গভীৰতা আৰু
বটবৃক্ষৰ দৰেই যে তোৰ অকল্পনীয় সহিষ্ণুতা।
তোৰ গতি কেতিয়াবা 
শামুকীয়া বা স্থৱিৰো হ'ব পাৰে
তোৰ স্থিতি নিৰ্বিকাৰ হ'ব পাৰে চিৰকাল
 
সেয়াওনে কিবা তোৰ গুৰু অপৰাধ?
ক্ৰীতদাসীৰূপে তই যে জীৱন যাপন কৰ,
মাত্ৰ প্ৰভুৰ দাস্যপ্ৰেমতে হৱ গদ্‌গদ্‌ !
গতি-পৰিণতিলৈ ভ্ৰূক্ষেপ নকৰি
 
তই যে হেলাৰঙে উদং কৰি দিয়
 
তোৰ বুকু --লোকৰ খেয়াল-খুচিতে
তয়েইতো দুৰ্নীতি-কেলেংকাৰীৰ
ন্যায়িক তদন্তৰ হকে সাক্ষ্য দিয় ।
তোৰ গৰ্ভত সত্য-অসত্য উভয়কে ধাৰণ কৰি
অসহায় হৈ যে
কাৰোবাৰ নিশ্ছিদ্ৰ পৰীক্ষণ
অথবা অস্ত্ৰোপচাৰলৈ বাট চাই ৰৱ ।
চৰকাৰী অফিচ-কাছাৰীৰ চেৰাশালিত
তোৰ যি প্ৰসৱ-বেদনা,
 
সেয়াও যে অনুভৱৰ অগোচৰ
তোৰ স্নেহ-আপ্‌ডালতে লালিত-পালিত
জীৱন-জীৱিকাৰ কত স্বপ্নই
 
কৰিছে জগত পোহৰ!
আনে য'ত যেনেকৈ থয়, ত'তেই তোৰ থিতি
তথাপি প্ৰমাদবশতঃ
 
নানাজনে তোলৈহে মাৰে দোষৰ ফৰ্মুটি ।
আৰু ভাল নালাগে ইটো-সিটো অজুহাত
অথবা গাফিলতি।
চামনি পৰা ধূলি-মাকতিৰ বাবেও
বহুজনৰ মানত তই অস্পৃশ্য
 
সিহঁতৰ চুপতি
 
হামি-এঙামুৰিও তোৰ যে কি অসহ্য !
ফাইল, তোৰ অগা-পিছা কিম্বা হৰলুকীৰ বাবে
বিয়াগোম বিষয়াৰ অথন্তৰ ঘটিলে,
 
হুলস্থূল হ'লে,
তোক লৈ কাৰোবাৰ মূৰ কামোৰণি হ'লে তোৰনো কি আহে-যায় ?
তথাপি মানুহৰ মুখে মুখে
 
তোৰ সেই পুৰণি বদনাম
ট্ৰান্স্‌ফাৰ,প্ৰম’শ্বন বা পেন্সনৰ বেলিকা
উৎকোচলোভী বিষয়াৰ হাতৰ স্পৰ্শত
তই হেনো অসতী গাভৰু হৈ লচ্‌পচ্‌ কৰ!
আকৌ সত্যসন্ধানী জননেতাই তোলৈ
 
আঙুলি টোঁৱালেই বতাহত আঁহতৰ পাত
কঁপাদি কপিবলৈ ধৰ।
নিজা সুখ-দুখ-বাসনা বুলিবলৈ তোৰতো একোৱেই নাই!
ঠিক ঘনচিৰিকাৰ দৰে
পৰৰ সুখ-দুখ, মংগল-অমংগলৰ
 
ভু ৰাখিবলৈ যে তোৰ এই নিৰ্লিপ্ত,
ব্যতিক্ৰম জীৱন!
মানুহে কিয় যে ভাবি নাচায় এবাৰ
অজস্ৰ বেকাৰৰ সপোনৰ পিছে‍ পিছে‍
তই যে ঢাপলি মেল
মৰণাপন্ন ৰোগীৰ জীৱন ঘূৰাই আনো বুলিয়েইতো কত যে মেডিকেল ৰিপ'ৰ্ট,
প্ৰি‍ছ্‌ক্ৰিপ্‌শ্বন যতনাই থৱ !
এনেকি বহু অপ্ৰসিদ্ধ কবিৰ আধা লেখা কবিতা
নতুবা কাৰোবাৰ ব্যৰ্থ প্ৰেমৰ
বেদনাসিক্ত চিঠিৰ টুকুৰাকো বুকুৰ উম দি
কতজনকে যে তই উদ্দীপনা যোগাৱ !
          ****** ● ******

অবিনাশ কলিতা, টিহু
ভ্ৰাম্যভাষ: ৯৬১৩৮ ১৭৫৯৬

মোৰ পৃথিৱী: মই কিয় জীয়াই আছোঁ ?

মোৰ পৃথিৱী: মই কিয় জীয়াই আছোঁ ?




"দাদা, এইবাৰ পূজাত কিন্তু মোক এযোৰ ভাল কাপোৰ দিবা দেই৷"
ভণ্টী-ভাইটিৰ সেই মৰমৰ অনুৰোধ,
পাৰিম জানো না কৰিবলৈ ।
আৰু ভাইটিৰ সেই সৰু সৰু মিছা অভিমানবোৰ,
"দাদাই মোক মৰমে নকৰে৷"
কৰোঁ, অ' সোণ!
মাজে মাজে ককায়েক হোৱাৰ 
সুযোগ লৈ দুই-এচাট লগাই দিওঁ। 
মোৰ জানো সেইখিনি অধিকাৰ নাই?

আৰু মা-দেউতাৰ সেই মিঠা মাতষাৰি 
"বাবা, আমাৰ বাবে চিন্তা কৰি থাকিব নালাগে। 
আমি সকলো ঠিকে আছোঁ। ভগৱান তোমাৰ সহায় হওক।"
তাত যে মিশ্ৰিত হৈ আছে পিতৃ-মাতৃৰ এক আকুল আহ্বান ।
মই জানো নুবুজোঁ হ'বলা?
তোমালোকে চিন্তা নকৰিবা 
তোমালোকৰ সপোন মই বাস্তৱত ৰূপ দিম, মা।
মই জীয়াই আছোঁ আৰু জীয়াই থাকিম।
তোমালোকৰ আশি‍সৰ হাত সদায় মোৰ 
পথৰ লগৰী হওক৷

        ✍ ভূষণ চন্দ্ৰ বড়ো

তুমি বাৰু কিয় ইমান কৈ কান্দিছা?

তুমি বাৰু কিয় ইমান কৈ কান্দিছা?


তুমি কোৱাৰ দৰেই
মই প্ৰথমতে সেউজীয়াই আছিলোঁ,
ধান বাঢ়ি অহা পথাৰখনৰ দৰেই৷
তেতিয়া মই দুখ বুজি নাপাইছিলোঁ,
বুজি নাপাইছিলোঁ প্ৰেম….

হঠাৎ জানো কি হল!
এদিন ৰতিপুৱা সাৰ পাই উঠি দেখোঁ-
মোৰ সেউজীয়া পথাৰত
মোৰ অনুমতি নোলোৱাকৈয়ে বাহৰ পাতিলে আঘোণে‍...
মই সেউজীয়াৰ পৰা লাহে লাহে হালধীয়া হ’লোঁ।

লাহে লাহে মোৰ নীলা আকাশ আগুৰি ধৰিলে
দুখৰ লেথেৰি-নিছি‍গা ক’লা ডাৱৰে৷
এবাৰ ভাবিলোঁ - ঈগলৰ দৰেই উৰি যাওঁ ডাৱৰৰ ওপৰেৰে...৷
কিন্তু মোৰ ডে‍উকাতকৈ আকাশখনৰ বিশালতা বহুত বেছি !
সেইবাবেই পুনৰ মই সোমাই থাকিলোঁ
মোৰ চালি নথকা ঘৰটোত,
ৰৈ থাকিলোঁ কলীয়া মেঘৰ বৰষুণজাকলৈ৷

মোৰ দুচকুৰ মথাউৰি ভাঙি‍
মই ভবাৰ দৰেই নামি আহিল বৰষুণজাকে সৃষ্টি কৰা বানপানীৰ ঢল৷
মানুহবোৰে মোক বাৰে বাৰে প্ৰশ্ন কৰিলে –
“তুমি বাৰু কিয় ইমানকৈ কান্দিছা?”

:::::::::::::::::::::

নৱজিৎ কলিতা

এগৰাকী শিক্ষকৰ অাধৰুৱা সপোনৰ জুমুঠি

এগৰাকী শিক্ষকৰ অাধৰুৱা সপোনৰ জুমুঠি


লুংলুঙীয়া পথ এটিৰে 
আগুৱাইছিলোঁ সূৰুযৰ সন্ধানত
ধুলিয়ৰি এটি পথ।
দেখিলোঁ এদল কণমানি
খেলিছে, দৌৰিছে ধুলি উৰুৱাই
চিঞৰ-বাখ, হাই-উৰুমি, শৈশৱৰ কলৰৱ
এয়াই সিহঁতৰ নিত্য কৰ্ম
এয়াই সিহঁতৰ আনন্দ।
মই মাতিলোঁ
কোন যাবা মোৰ স’তে সূৰুযৰ দেশলৈ
জোন-বেলি-তৰাবোৰে যি বাটে বোলে
কোন যাবা সেই পথে
সোণ বুটলিবলৈ।
হোঁহকা-পিছলা কৰি এজন-দুজনকৈ
আহিল মোৰ কাষলৈ।
আমি বাট বুলিলোঁ।
বাটত পোৱা মইনাহঁতে
যোগ দিলে আমাৰ মিছিলত।
আমি উমলিছিলোঁ, আমি খেলিছিলোঁ
খেলি খেলি আগুৱাইছিলোঁ
সমস্বৰে গাইছিলোঁ আনন্দৰ গান,
চেনেহৰ মাতেৰে
মৰমবোৰে থিতাপি লৈছিল,
বিশ্বাসখিনিয়ে‍ ঘৰ কৰিছিল মনত।
এজনে আনজনক কৰিছিলোঁ আপোন
এজন আনজনৰ হৈছিলোঁ আপোন
গঢ়িছিলোঁ নিভাঁজ আত্মীয়তা।
হঠাৎ
এজাক ধুমুহা আহিল ধুলি উৰুৱাই
আন্ধকাৰ কাল ধুমুহা।
কোনেও কাকো নেদেখা হ’লোঁ
মৰমৰ এনাজৰী ছিগি যোৱা শুনিলোঁ
ফট্‌ফটাই শব্দ কৰি,
উৰুৱাই নিলে মোক বহু দূৰলৈ।
নাথাকিলেও মই কাষত
অকলশৰীয়া নহয় তোমালোক
মোৰ হাত নধৰাকৈয়ে
আগুৱাই যোৱা সেই পথেৰেই।
ধুমুহাৰ বিপৰীতে,
অন্ধকাৰৰ বুকু ফালি চকু মেলি চোৱা
 
সৌৱা দেখা যায় সোণোৱালী ভৱি‍ষ্যৎ।
ভাবিছিলোঁ দেখুৱাম সেন্দূৰীয়া সপোন
নিজকে চিনি পাবলৈ শিকাম
ভৱিষ্যৎ গঢ়িবা নিজ হাতেৰে
জগত জিনিবা তোমালোক।
সেই আশা আধৰুৱা হৈ ৰ'ল
সপোনবোৰ নিঠৰুৱা হ'ল
মিলি গ’লোঁ পথৰ ধুলিত
তথাপি মনত ক্ষীণ এটি আশা
হয়তোবা লগ পাম পথৰ প্ৰান্তত।

       ...................
                        
আচফাৰ আলি‍

বিজ্ঞান শি‍ক্ষক, গৰৈমাৰি এম. ই. মাদ্ৰাছা




Thursday, April 26, 2018

Wednesday, April 25, 2018

মহীয়সী নাৰীৰ কথা

মহীয়সী নাৰীৰ কথা


মহীয়সী নাৰীৰ কথা
(১৩ চ'ত জয়মতীৰ স্মৃতি দিৱস উপলক্ষে)

শান্ত-শিষ্ট সোণমইনাৰ
কৌত‌ূহলী মন,
প্রশ্ন সুধি কথা জনাৰ
লৈছে যেনিবা পণ ৷
শিৱসাগৰতে সোণমইনাৰ