Showing posts with label গল্প. Show all posts
Showing posts with label গল্প. Show all posts

Monday, September 17, 2018

অৰ্থহীন

অৰ্থহীন

দিপিকা ডেকা
—"মা, মোৰ লগৰ ছোৱালী এজনীৰ ঘৰত পূজা আছে। স্কুলৰ পাছত সিহঁতৰ ঘৰলৈ মাতিছে। যামনে?"
—"নালাগে। দেউতাৰা ঘৰত নাথাকে। এনেকৈ ছোৱালী মানুহ অকলে ঘূৰি ফুৰাটো ভাল কথা নহয়।"

—"মা, স্কুলৰ পৰা আজি ওচৰৰ মন্দিৰলৈ আমাক ফুৰাবলৈ নিম বুলি কৈছে। যামনে? আমাৰ শ্ৰেণীৰ সৱ যাব।"
—"নালাগে যাব। চিধাই ঘৰলৈ আহিবি।"

—"মা, ইহঁতে বাটত ৰৈ আছে পথাৰৰ ফালে ফুৰিবলৈ যাবলৈ লগ ধৰিছে। যাওঁনে?"
—"নালাগে। ছোৱালী মানুহ এনেকৈ বাটে-পথাৰে ঘূৰি নুফুৰে।'

—"পৰীক্ষাতহে যাম। গোটেইবোৰ একেলগে যাম। আৰুনো লগত বেলেগক কিয় পঠিয়াব লাগে? পৰীক্ষাৰ পৰা ওলাম আৰু ঘৰলৈ আহিম।"
—"নিজৰ মতে সৱ কথা নহয়‌। সি যাব বুলি নিজে কৈছে। সি লৈ যাব আৰু লৈ আহিব।"

—"আজিৰ পৰা ছবি শিকিবলৈ হেনো স্কুললৈ যাব লাগিব। বাইদেউৰ ঘৰত শিকাবলৈ সময় মিলাবলৈ অসুবিধা। সিহঁতো যাব। যামনে মা?"
—"নালাগে ইমান দূৰ, ছোৱালী মানুহ অকলে যাব।"

—"সিহঁতৰ মাইনাক গানৰ স্কুলত দিছে হেনো। মা মোৰো গান শিকিবৰ মন আছিল। দেউতাক ক'বচোন।"
—"এইবোৰ শিকি কি কৰিবি ! এনেও তোক গান গাই ফুৰিবলৈ নিদিয়ে। ঘৰতে থাকি পঢ়।"

—"কাইলৈ বিষ্ণুৰাভা দিৱস বাবে সিখন হাইস্কুলত কুইজ প্ৰতিযোগিতা পাতিছে। আমাৰ স্কুলৰ পৰা কোন কোন যাম, সুধিছে ছাৰে। মা মই যামনে?"
—"কোন যায় যাওক। তই যাব নালাগে। এনেও দাদাৰে যাব যেতিয়া তই নগ'লেও হ'ব।"

—"মোৰো কম্প্যুটাৰ শিকিবলৈ মন আছিল। লগৰবোৰে পৰীক্ষা শেষ হ'লেই এডমিশ্বন ল'ব। ময়ো ল'মনে?"
—"তইনো আৰু কম্প্যুটাৰ শিকি কি কৰিবি ! দাদাৰে শিকিছে নহয়! সি ঘৰতে শিকাব তোক, যদি মন কৰ। এনেয়ে তালৈ যাবলৈ দৰকাৰ নাই।"

"মা, আমাৰ কলেজৰ পৰা পিকনিক যাব। লগৰ সৱ যাব। মোৰো যাবলৈ মন আছিল। মই সৰুৰে পৰা ক'লৈও গৈয়েই পোৱা নাই। এইবাৰ যামনে মা? দেউতাক সুধিবচোন।"
—"ছোৱালী মানুহ এনেকৈ ক'ত পিকনিক-চিকনিকলৈ যাৱ। নালাগে দে যাব। পাছত আমাৰ লগত কেতিয়াবা যাবি।"

—"টিউচন নহ'লে মোৰ পঢ়িবলৈ অসুবিধা হয়। দাদাই লোৱা ছাৰজনৰ তাতে ল'ব পাৰিলোঁহেঁতেন। ক'বচোন তাক কথা পাতিবলৈ।"
—"তই আৰু টিউচন কিয় ল'ব লাগে! তাৰ টিউচনৰ বহীবোৰ আছেই নহয়। সেইবোৰকে পঢ়িবি।"

তাইৰ আজি হায়াৰ চেকেণ্ডাৰীৰ ৰিজাল্ট দিছে। ৰিজাল্ট ল'বলৈ তাইৰ মন যোৱা নাই। মনটোৱে অলপো উকমুকনি জগোৱা নাই সৰুতে পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগমুহূৰ্তত জগোৱাৰ দৰে। মাকৰ লগত তাঁতশালত বহি গামোচাৰ ফুল বাছিছে। মাকৰ মতে এতিয়াই যদি গামোচাবোৰ বৈ নথয়, বিয়াৰ দিন ঠিক কৰিলে সকলো একেলগে উলিয়াবলৈ অসুবিধা হ'ব। দাদাক কলেজলৈ গৈছে যেতিয়া সিয়ে ৰিজাল্ট চাই আহিব পাৰিব। চেৰীটোৰে কাণীবোৰ উঠোৱা-নমোৱা কৰোঁতে ডিঙিলৈ উজাই অহা কিবা দৈত্যকায় যেন লগা অশৰীৰীয়ে জাল পেলাই চকুযুৰি ধোঁৱাময় কৰি তুলিছিল। সন্মুখত মহুৰা ফুৰাই থকা মাকৰ ফালে লাহেকৈ মূৰটো দাঙি কেৰাহিকৈ চাওঁতে আগফালৰ পৰা অহা বতাহচাটিয়ে ডেউকা কোবাই তাইৰ চকুৰ পৰা জুলীয়া পদাৰ্থখিনি শুহি লৈ গৈছিল।
......................



Thursday, September 6, 2018

ডাইনী

ডাইনী



প্ৰথম খণ্ড
—"মৰিলোঁ  ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।"
—"আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই।"
কাতৰ চিঞৰকেইটা এতিয়াও কাণত বাজি থাকে মাজে মাজে। অস্থিৰ হৈ পৰোঁ। মন-মগজু ঘূৰি যায় চাৰি বছৰ আগৰ সেই দিনকেইটালৈ।
২০১২ চনৰ জুন মাহ। বিদ্যালয়ত যোগদান কৰিয়ে মন কৰিলোঁ মলিয়ন গা, নাকত শেঙুন, ভৰিবোৰত সাপৰ দৰে আঁক-বাক থকা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে। হয়তো ভৰি ধুয়েই পোৱা নাই সিহঁতে। শিক্ষক-ছাত্ৰ-অভিভাৱকৰ এটা সম্পৰ্ক গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ। ঘনে ঘনে সভা পাতিলোঁ। নাই, নাহে । দুই-এগৰাকী আহি গুচি যায় কোনো নাহে বুলি। ভোজৰ আয়োজন কৰিলোঁ এইবাৰ। দলে-বলে আহিল। ঔ বুজিলোঁ। ভোজৰ আয়োজন ঘনে ঘনে কৰিলোঁ। ক'বলগীয়াবোৰ তাতে ক'লোঁ। এটা সময়ত এনেকুৱা হ'লগৈ যে সভা পাতিলে দলে-বলে আহিবলৈ ধৰিলে। লাহে লাহে বিদ্যালয়খন তেওঁলোকৰ বুলি অনুধাৱন কৰিবলৈ ধৰিলে।
কিছু চাফ-চিকুণ হ'ল ছাত্ৰ-ছাত্ৰীসকল। কিন্তু মন কৰিলোঁ— এজন ছাত্ৰ আগৰ দৰেই আছে। সি অকণমানো সলনি নহ'ল। খুব ভয় কৰে। কাৰো লগত মিলা-মিছা নকৰে। ভোজলৈএদিনো নাই অহা তাৰ অভিভাৱক ।
—"দেউতাক মাতিছে বুলি ক'বা দেই কাইলৈ৷"
—"কি দেউতা?"
—"পিতাইৰ কথা কৈছোঁ৷"
—"মোৰ পিতাই নাই৷"
— "ক'লৈ গ'ল?"
— "মৰিলে৷"
— "অ' অও। বেয়া নাপাবা দেই। নাজানো যে। মা আছে নে নাই?"
—"আই আছে। মই মাক আই বুলিয়ে কওঁ।"
— "অ। আইকে মাতিছে বুলি ক'বা নহ'লে!"
—"আই নাহে।"
— "কিয়?"
— "আইক আহিবলৈ মানা কৰে মানুহবোৰে। আইক মানুহবোৰে ক'লৈকো ওলাবলৈ নিদিয়ে। মোৰ আইৰ কাৰণেই বোলে পিতাই মৰি থাকিল। আৰু আইৰ কাৰণেই বোলে গাঁওখনত মানুহবোৰ মৰে, গাঁৱত মানুহবোৰৰ বেমাৰ আইৰ কাৰণেই হয়। মোৰ আই ডাইনী বুলি কৈ মোক সিহঁতৰ লগত খেলিবলৈ নিদিয়ে। ছাৰ ডাইনী মানে কি নো?"
মই তাৰ চকুলৈ চালোঁ। এহেজাৰটা প্ৰশ্নৰ উত্তৰ বিচৰা ধৰণে সি মোৰ চকুলৈ চাই আছে। মই কি কওঁ ভাবি নাপালোঁ।
— "হেই ডাইনী-চাইনি এইবোৰ একো নাথাকে নহয়।"
—"আপুনি মিছাকৈ কৈছে ন ছাৰ?"
— "নহয় ঔ। এইবোৰ মানুহে মিছাকৈ উলিয়াইছে।"
কৌতূহল হ'ল ল'ৰাটোৰ ওপৰত। বিদ্যালয় ছুটীৰ পাছত তাৰ ঘৰত সোমালোগৈ। ঘৰ বুলি ক'ব নোৱাৰি। এটা কোঠা মাত্ৰ। মোক যোৱা দেখি ভিতৰলৈ সোমাই গ'ল মানুহগৰাকী।
— "কি হ'ল? ভিতৰলৈ সোমাই গ'ল যে?"
— "আপুনি আমাৰ ঘৰলৈ আহিব নালাগিছিল, ছাৰ৷"
—"কিয়?"
—"মানুহবোৰে আপোনাক বেয়াকৈ চাব।
"কি বেয়াকৈ" বুলি কৈ ভিতৰলৈ সোমাই গ'লোঁ। তেওঁ একেবাৰে শিল পৰা কপৌৰ দৰে অবাক হল মোক ভিতৰত এনেকৈ দেখি। এনেও বাহিৰৰ পৰা দেখিয়ে থাকি ভিতৰখন। এচুকত এটা কলহ, চৌকাত এখন ক'লা কেৰাহী আৰু এটা বাল্টি ওলমি আছে বেৰত। আনফালে এখন বাঁহৰ চাং। আৰু একো নেদেখিলোঁ কোঠাটোত।
— "আপোনাৰ বিষয়ে জানিবলৈ আহিছোঁ।"
—"কি জানিব খোজে?"
—"কিয় ডাইনী বুলি কয় মানুহে আপোনাক?"
—"জানি কি কৰিব!"
— "একো কৰিব নোৱাৰিলেও কিবা কৰিব পাৰোঁ বা! কওক মোক৷"
— আপোনাক কিয় ক'ম। আপোনবোৰেই বিশ্বাসঘাটকতা কৰিলে। আপোনাক কিয় বিশ্বাস কৰিম। আপুনিও এজন পুৰুষেই হয়।"
বহু দেৰি লাগি লাগি শেষত ক'বলৈ বাধ্য হ'ল। তেওঁ কৈ গৈছে এফালৰ পৰা সকলো। তেওঁ যেন কথাবোৰ কাৰোবাক ক'বলৈহে বাট চাই আছিল। মই শুনি গৈছোঁ— গিৰীয়েক ঢুকুৱাৰ পাছত পৰিয়ালৰ মানুহখিনিয়ে সম্পত্তিখিনি কেনেকৈ কাঢ়ি ল'লে, এতিয়া বিচাৰি গ'লেই ডাইনী সজাই কেনেকৈ খেদায়, সহায় বিচাৰি গাঁওবুঢ়াৰ ওচৰলৈ যাওঁতে তাইৰ দেহাটো কেনেকৈ অকলে পাই সুযোগ ল'লে। তাকে ন্যায় বিচাৰি গাঁৱৰ মানুহ চপাওঁতে উদণ্ড ডেকাবোৰে গম পাই ৰাতি কেনেকৈ আমনি কৰিবলৈ ধৰিলে। এইবোৰ বাধা দি দি ভাগৰিব নুখুজোঁতেই গাঁৱৰ বেজজনে নিজৰ আধিপত্য বঢ়াবলৈ কেনেকৈ গাঁৱৰ প্ৰতিটো অমংগল তাইৰ বাবেহে হয় বুলি বাছনি ধৰিবলৈ ধৰিলে। কথাবোৰ কৈ কৈ শেষত তেওঁ হুকহুকাই কান্দি উঠিল। বেচেৰীজনীক চকুপানীখিনি মচি দিবলৈ মন গৈছিল। কিন্তু থমকি ৰ'লোঁ৷ কিজানিবা মোকো সুবিধা ল'ব বিচৰিছে বুলি ভাবে।
— "পানী খাব নেকি?" পানী ক'ত আছে নেজানো৷ তথাপি সুধিয়ে পেলালোঁ।
—ওঁহো। নালাগে। আপুনি যাওক এতিয়া। এটা ভাৰাক্ৰান্ত মন লৈ ঘূৰিলোঁ
২০১৩ চনৰ চ'ত মাহৰ ১৩ তাৰিখ। বিদ্যালয়লৈ আহোঁতেই মন কৰিলোঁ তেওঁৰ চোতালত কেইজনমান মানুহ গোট খাই আছে। কৌতুহলবশতঃ আগবাঢ়ি গ'লোঁ।
"এই ডাইনীজনীক মাৰিই পেলাব লাগে।"— এজনে গৰজি উঠিল।
— "অ অ । এইক মাৰিয়েই পেলাওঁ। এজনে গৈ চুলিকোছাত ধৰি টানিয়েই আনিলেগৈ। তোৰ কাৰণেই মোৰ ছোৱালীজনীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে। তোৰ কাৰণে আৰু কিমানে মৰিব! তাৰ আগতে তোকে মাৰি পেলাওঁ।"
"মৰিলোঁ ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।"— কণমানি ল'ৰাটোক বচাবলৈ ক'লে। পোনাকণ আগবাঢ়ি গ'ল। পোনাকণক সাৱটি ধৰিলে।
— "আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই ।.... মানুহকেইজনে মাকক মৰা কোবকেইটা গাত পাতি এনেকৈয়ে চিঞৰিলে পোনাকণে।
দ্বিতীয় খণ্ড
“পোনাকণ নথকাহেঁতেন নিজেই মৰি থাকিলোঁহেঁতেন ছাৰ।” নিমখ অকণমান মিহলি কৰি ভাত এগৰাহ মুখলৈ নি তাই ক’লে
—“কিয় তেনেকৈ কৈছে?”
—“ইহঁতৰ হাতত মৰাতকৈ…”
—“আপুনি জীয়াই থাকিব লাগিব৷”
—“এনেকৈ জীয়াই থাকিব পাৰোঁনে।” কাষতে থকা মেকুৰীজনীক ভাত কেইটামান মাটিতে দি দিলে। বহু দিন ভোকত থকাৰ দৰে মকামক খাই পেলালে। হয়তো মেকুৰীজনীয়ে নাজানে তাইৰ গৰাকীক বাকী মানুহবোৰে ডাইনী সজাইছে। মেকুৰীজনীয়েও যদি সিহঁতৰ সমান বুজি পোৱা হ’লহেঁতেন, তেন্তে তায়ো চাগে ভাতখিনি নাখালেহেঁতেন। কালিৰ মানুহখিনিকো অবোধ মেকুৰীজনীৰ দৰেই লাগিল। সিহঁতেও যদি নিজৰ মগজুৰে অকণমান চিন্তা কৰিব পাৰিলেহেঁতেন, তেন্তে কালিৰ দৰে অভাৱনীয় পৰিস্থিতি কেতিয়াও ক’তো নহ’লহেঁতেন।
—“আজিৰ পৰা অন্ততঃ পাৰিব লাগিব।”
—“মোক যদি কিবা কৰে, আপুনি পোনাকণক চাব দেই।”
তেওঁ যেন মোক বিশ্বাস কৰিছে, তেনেকুৱা সুৰত ক’লে। বৰ সহজে মানুহক বিশ্বাস কৰি লয় নে বিশ্বাস কৰিবলৈ আৰু মানুহ নথকা বাবেই মোক তেনেকৈ ক’লে বুজি নাপালোঁ।
—“আপোনাক সিহঁতে একো কৰিব নোৱাৰে৷”
—“কালি আপুনি নথকাহেঁতেন!”
—“কালিৰ কথা বাদ দিয়ক। আজিৰ পৰা আপুনি সিহঁতৰ বিৰুদ্ধে যুঁজিব লাগিব৷”
—“কেনেকৈ?”
—“কেনেকৈ সেইটো মই নাজানো। কিন্তু আপুনি সিহঁতৰ আচল ৰূপটো উদঙাই দেখুৱাবই লাগিব সমাজক৷”
—“তামোল খাব নে?”
পাত্ৰটোত থকা অন্তিম ভাতকেইটা চুঁচি খাই শেষ কৰি ভাতৰ চৰুৰ ঢাকোন যেন লগা প্লেট এখনত শুকাই থকা পাণ আৰু মলিয়ন তামোল দুডোখৰমানেৰে আগবঢ়াই দিলে৷
—“দিয়ক এখন৷”
—“আপুনি যাওক এতিয়া। দেৰি হ’ব নহ’লে৷”
—“ওঁ!”
মানুহগৰাকীক কিছু সাহস দিওঁ বুলিয়ে সোমাইছিলোঁ। তামোলখন খাবলৈ অলপ ঘিণ লাগছিল যদিও তাইক দেখুৱাই মুখত ভৰাই ওলাই আহিলোঁ। বিদ্যালয়ৰ জপনা খুলি সোমাবলৈ লওঁতেই বড়ো সম্প্ৰদায়ৰ মানুহজনক দেখিলোঁ। তেওঁ মোক দেখি কিছু সংকোচ বোধ কৰা দেখি ময়েই মাত লগালোঁ।
—“ক’ৰ পৰা আহিলে?”
—“গাঁওবুঢ়াৰ ঘৰলৈ গৈছিলুং৷”
এই বুলি কৈ তেওঁ চাইকেলৰ পেডেল জোৰকৈ মাৰি বেগেৰে গ’লগৈ। তাতকৈ বেগেৰে মোৰ মনটো কালিৰ ঘটনাটোলৈ আগবাঢ়ি গ’ল।
...................................
মাককে পুতেককে বচাবলৈ আগবাঢ়ি গ’লোঁ। উগ্ৰ খঙাল মানুহকেইজনক শান্ত কৰিবলৈ সেই মুহূৰ্তত একো উপায় ভাবি পোৱা নাছিলোঁ।
—“ছাৰ, ছাৰ বচাওক, মাৰি পেলাব এতিয়া আমাক।” চৰ-ঘোচা উপৰ্যুপৰি তাৰ গাত পৰাত সি আকৌ চিঞৰিলে।
কি কৰোঁ কি নকৰোঁ বুলি উপায় নাপাই একেবাৰে ওচৰলৈ আগবাঢ়ি গৈ সাৱটি ধৰা দি হাত দুখন মেলি মানুহকেইজনক বাধা দিবলৈ চেষ্টা কৰিলোঁ।
ঠা……….আ……..চ
কেইবাজনো মানুহৰ ঠেলা-হেঁচাত মানুহজনীৰ গালৈ মৰা চৰ এটা পৰিল গালতে। সৰিয়হ ফুল দেখি গলোঁগৈ। জীৱনত দ্বিতীয় বাৰ এনেকুৱা এটা চৰ গালত পৰিল। বিদ্যালয়ত এদিন ছাৰে দিছিল এনেকুৱা এটা চৰ, পঢ়োৱা সময়ত কথা পাতি হাঁহি থকাৰ বাবে। ঘপহ্কৈ ধমলা ছাৰলৈ মনত পৰি গ’ল আকৌ।
—“ঐ মাষ্টৰ আঁতৰিবি টুই। টুইভি মৰিবি নহ’লে ডাইনীটোৰ লুগতে।” অলপ আগতে লগ পোৱা বড়ো সম্প্ৰদায়ৰ মানুহজনে তেঁও নভবাকৈ তেওঁৰ চৰটো মোৰ গালত পৰাত ইতঃস্তত বোধ কৰি বাধা দিয়া সুৰত ক’লে
—“ঐ ঐ মাষ্টৰক নামাৰিবি। মাষ্টৰক মাৰিলে বহুত ডাঙৰ কেছ হ’ব।”— আন এজনে চিঞৰি কোৱাৰ দৰে ক’লে।
—“এই, আপোনালোকে শুনকচোন মোৰ কথা, এওঁ ডাইনী নহয়। এওঁক নামাৰিব।”
“হুহ এইজনী ডাইনী নহয় নে? আপুনি বাধা নিদিব, আজি এইক খতম কৰিবই লাগিব।”— দাখন হাতত লৈ এজন উদ্যত হ’ল কাটিবলৈ। লগে লগে গাঁওৰ চেঙেলীয়া কেইটামানেও কিৰীলিয়াই আগবাঢ়ি আহিল সিহঁতক প্ৰহাৰ কৰিবলৈ।
—“হেৰী, ৰ’বচোন ৰ’ব। মোৰ কথা শুনকচোন প্ৰথমে। এই ডাইনী-চাইনি নাথাকে নহয় পৃথিৱীত!”
“আপুনি একো নাজানে ছাৰ। এইৰ কাৰণে বহুত ঘটনা ঘটিল এই গাঁৱত। আপুনি আহিছেহে পাছত চব গম পাব।”— অন্য এজনে অলপ দূৰৰ পৰা চিঞৰি কোৱা দি ক’লে।
—“এইজনীক দুছেও কৰিহে আজি ছোৱালীজনীৰ মৃতদেহটো চামগৈ।”
দাখন দাঙি ধৰিলে। দাখন আহি মোৰ ডিঙিৰ ওচৰ পালেহি।
কথা বিষম দেখি যিমান জোৰ আছে, সিমান জোৰেৰে চিঞৰি দিলোঁ— “এ……ই…..ৰ’…..ব…..হে…”
মানুহখিনি য’ত যেনেকৈ আছিল, তেনেকৈয়ে ৰৈ গ’ল।
“এই মানুহজনীক আজি মাৰি পেলাব নালাগে। মানুহ কেতিয়াও ডাইনী হ’ব নোৱাৰে। যিজনে ডাইনী বুলি আপোনালোকক কৈছে, তেওঁক মাতি আনক। তেওঁ যদি মোৰ সন্মুখত ডাইনী বুলি প্ৰমাণ দিব পাৰে, তেতিয়া এইৰ লগত মোকো কাটি মাৰি পেলাব। যদি নোৱাৰে, তাইৰ ওচৰলৈ এনেদৰে নাহিব কেতিয়াও।”
মানুহবোৰে গুণগুণাই কিবাকিবি পাতিলে।
—“চাওক মাষ্টৰ, আপুনি কোৱা কাৰণে আজি এইক এৰি গ’লোঁ। কিন্তু কলীয়া বেজে যদি আমাক প্ৰমাণ দিয়ে, তেন্তে আপুনি বাধা দিলে আপোনাৰো কথা বেয়া হ’ব।”—বৃদ্ধ এজনে কলে।
“ঠিক আছে, হ’ব।”— দৃঢ়তাৰে কোৱাদি ক’লোঁ। মোৰ দৃঢ়তা দেখি মানুহ এজন-দুজনকৈ গ’লগৈ। দুই-এজনে বেয়া বেয়া ভাষাৰে কৈ থৈ গ’ল কিবাকিবি।
এবাৰ দীঘলকৈ উশাহ এটা ল’লোঁ। অলপ আগতে চিঞৰ-বাখৰ হৈ থকা চোতালখন নিজম পৰিল। এখোজ-দুখোজকৈ আগবাঢ়ি গ’লোঁ বিদ্যালয়লৈ।
কিন্তু নিশ্চিত হ’লোঁ যে এই মানুহগৰাকীক সিহঁতে সহজে এৰি নিদিয়ে...


দেৱজিৎ চুতীয়া,ডিমৌ (ধেমাজি)
ভ্ৰাম্যভাষ: ৯৮৫৪৬ ১৩৮৬৪


ক্ষুদ্ৰ গল্প

ক্ষুদ্ৰ গল্প


-------------পোন্ধৰ আগষ্টৰ দিনাই বৰুৱাৰ একমাত্ৰ সন্তান ঈশানৰ জন্ম।কথাটোৰ পৰা বিনা বেতনে শিক্ষকতা কৰা বৰুৱাৰ আচলতে লাভেই হয়। কাৰণ এসময়ৰ আনন্দৰ দিনটোত আজিকালি যেন যুদ্ধৰ হে আখৰা চলে --- । সকলোবোৰ প্ৰায় বন্ধ থাকে—গতিকে জন্মদিন পতাৰ খৰছ কমি যায়।কাৰণ বন্ধ বাবে ঈশানৰ স্কুলৰ লগৰ বোৰ আহিব নোৱাৰে-- গতিকে পতাই নহয় ।অবশ্যে খোলা থাকিলেও টিউচন কৰি যি কেই টকা পায় তাৰে বৰুৱাই এনেও জন্মদিন পাতিব নোৱাৰিলেহেঁতেন।
পোন্ধৰ আগষ্টটো মাত্ৰ এটা দায় সৰা যুক্তি।অবশ্যে এই কথাটো বৰুৱাই নিজে ভবাহে---- তেওঁক এই কথাটো না চতুৰ্থ শ্ৰেণীৰ ঈশানে কৈছে, না মাকে।কোনেও বৰুৱাক কোৱা নাই আজিলৈকে---জন্ম দিন পতাৰ কথা।কিন্তু বৰুৱানীয়ে এই দিনটোত বৰ ধূনীয়াকৈ পায়স বনাই থাপনাত ধূপ- চাকি জ্বলাই--- বহু সময় সেৱা কৰি পাৰ কৰে।মাকৰ লগত কিছু সময় লৰাটোৱে প্ৰাৰ্থনা কৰে---" কিমতে ভকতি কৰিবো তোমাক----"
--- কিন্ত এইবাৰ বৰুৱাই ভাবিছিল, ঈশানৰ জন্মদিন পাতিব, ---- , তেওঁলোক-- সকলোৰে ভাল লগাকৈ পাতিব।চাকৰি নিয়মীয়া হোৱাৰ প্ৰতিশ্ৰুতি পোৱাৰ পিছত প্ৰথম এই কথাটোৱেই মনলে আহিছিল---- । কিন্তু প্ৰতিশ্ৰুতি পূৰণৰ দাবীত অনশণ কৰি বৰুৱা বৰ্তমান চিকিৎসালয়ত।
---ভাল পাইছেনে দেউতা।
--- বৰুৱাই জোৰকৈ চকু মেলি চালে।পুতেকে তেওৰ চুলিত আলফুলকৈ হাত ফুৰাই আছে— বৰুৱানী ভৰি পথানত বহি বৰুৱাৰ ভৰি পিটিকি আছে।
--- অনশণ থলিত হঠাত স্বাস্থ্যৰ অৱনতি ঘটাত বৰুৱাকে ধৰি কেবাজনো চিকিৎসালয়ত।তেওঁলোকক জোৰ কৰি চৰকাৰী চিকিৎসা দিয়া হৈছে।
--- পুতেক ঈশানলে চাই বৰুৱাই ভাবিলে---- “ এইবাৰো তোমাৰ জন্মদিন পাতিব নোৱাৰিলো। মোক বেয়া নেপাবা দেই বাবা”--- বৰুৱাই যেন তাক কব ।
দান-প্ৰতিদান

দান-প্ৰতিদান


শাওণ মাহ৷ দিনটোৰ প্ৰখৰ ৰ'দজাকে আবেলি জিৰণি লৈছে সমীৰণৰ সুকোমল কোলাত৷ বতাহজাকত যেন শাওণৰ পংকময় পথাৰৰ সেউজ কোমল সুবাস এটি উৰি ফুৰিছে! চৌপাশৰ সৌন্দৰ্যত যেন কিবা এটা ক্লান্তিৰ ভাব বিৰাজমান! বতাহত দুলি থকা গছৰ পাতবোৰতো ক্লান্তিৰ ছাঁ পৰিস্ফুট৷ শাওণৰ প্ৰখৰ তাপ বিনা প্ৰতিবাদে সহ্য কৰি হয়তো এতিয়া ভীষণ ক্লান্ত এই পাতবোৰ৷
গছৰ পাতবোৰৰ দৰেই কণ্টকময় এখন মুখ; জীৱনৰ কণ্টকময় বাট বুলোঁতে যন্ত্ৰণাৰ নিৰ্মম তাপত দগ্ধ হোৱা, অথচ প্ৰতিবাদহীন; বাৰ্ধক্যই ধীৰে ধীৰে গ্ৰাস কৰি অনা এখন মুখ৷ বাৰাণ্ডাৰ একোণত চকীখনত বহি চাই আছে শূন্যলৈ, নিৰ্বিকাৰভাৱে৷ সমাজত তেখেতৰ পৰিচয় গুণাৰাম শইকীয়া (মাষ্টৰ) হিচাপে৷ এসময়ৰ কৰ্মোদ্যমী, শিক্ষাব্ৰতী পুৰুষ গুণাৰাম শইকীয়া আজি তেলৰ অভাৱত ঢিমিক-ঢামাককৈ জ্বলা চাকিৰ শিখাৰ দৰেই জীৰ্ণ-শীৰ্ণ৷ বাৰ্ধক্যৰ কৰাল গ্ৰাসে এক অস্তিত্বহীন সত্তালৈ পৰিণত কৰি তুলিছে তেওঁক৷ আজি-কালি তেওঁক কোনেও কোনো কাৰণতে নিবিচাৰে৷ তেওঁ যেন এতিয়া হৈ পৰিছে অনাৱশ্যকীয় আৱৰ্জনা; অথচ পেলাই দিবও নোৱাৰি৷
আবেলিৰ বতাহজাকে ভাবত বিভোৰ হৈ থকা গুণাৰাম শইকীয়াৰ জীৱনৰ অতীত আৰু বৰ্তমানৰ পৃষ্ঠাবোৰ খেলিমেলি কৰি দিলেহি৷
বেলি দুপৰলৈকে পথাৰত হাল বাই পথাৰৰ পৰা আহি খাই-বৈ তেওঁ আগতেও শাওণমহীয়া আবেলি বাৰান্দাত চকী এখনত বহি জিৰণি লৈছিল৷ কাষৰ শাৰী শাৰী নাহৰ গছৰ পাতবোৰে হালি-জালি বা দিছিল তেওঁক৷ তেতিয়াৰ সেই মিঠা আমেজৰ লগত এতিয়াৰ অকণো মিল নাই৷
শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পাছতেই তেওঁৰ মাক-দেউতাকে ঘৰখনৰ একমাত্ৰ ল'ৰাৰল'ৰা বিয়া পাতি দিছিল৷ কাঞ্চন আছিল তাইৰ নাম৷ গাঁৱৰ সকলোৱে একেমুখে কৈছিল— "নামো যেনে, তাই ছোৱালীজনীও তেনে৷" সঁচাকৈয়ে অকণো খুঁত গাত নোহোৱাকৈয়ে দুয়ো চল্লিছ বছৰীয়া যুগ্ম জীৱন পাৰ কৰিলে৷ বাবা (বিনোদ) আৰু ধন (মনোজ)-ক জন্ম দিলে, নিজে নাখায়ো সিহঁতক খুৱালে, নিজে নিপিন্ধিও সিহঁতক পিন্ধালে, উচ্চ শিক্ষাৰে দুয়োকে শিক্ষিত কৰিলে৷ ডাঙৰজন ল'ৰা বাবাক চিকিৎসক আৰু সৰুজন ল'ৰা ধনক প্ৰবক্তা হিচাপে প্ৰতিষ্ঠিত কৰিলে৷ তেওঁলোকৰ সপোন দুই পুত্ৰই কৰিব পাৰিছিল৷ কিন্তু বহু সপোন আধৰুৱা হৈয়েই ৰ'ল... দুয়ো কল্পনা কৰিছিল পো-বোৱাৰী, নাতি-নাতিনীৰে ভৰপূৰ এখন ঘৰৰ৷ কিন্তু সকলো ওলট-পালট হৈ গ'ল৷ অলপ অলপকৈ সাঁচি থোৱা দৰমহাৰ টকাৰে সদা বৃহৎ ঘৰটোলৈ আগমণ নঘটিল তেওঁলোকৰ সপোনৰ অৱগুণ্ঠিতা নৱবধূৰ৷ চেনেহৰ নাতিৰ কলকলনিৰ সলনি ঘৰৰ কোঠাবোৰ দখল কৰিলে ভয়ংকৰ নিৰৱতাই৷
মহানগৰত চাকৰি কৰা গুণাৰাম শইকীয়াৰ দুই পুত্ৰই তাতেই বিয়া-বাৰু কৰাই নিগাজীকৈ বসবাস কৰিবলৈ ধৰিলে৷ এই কথা জনাৰ পাছত মাক-দেউতাকৰ অন্তৰে যে কিমান আঘাত পাব, এই কথা সিহঁতৰ এটায়ো এবাৰলৈও ভাবি নাচালে৷ আনকি নৱবিবাহিতা পত্নীক এবাৰলৈও ঘৰখন দেকুৱাবলৈ, মাক-দেউতাকৰ আশীৰ্বাদ ল'বলৈ লৈ নাহিলে৷ ইয়াতে গুণাৰাম শইকীয়াৰ আত্মাভিমানত চৰম আঘাত লাগিল আৰু আগ-পিছ নাভাবি সিহঁতক ত্যাজ্য পুত্ৰ ঘোষণা কৰিলে৷ কিন্তু মাকে এই কথা একেবাৰেই সহজে ল'ব নোৱাৰিলে৷ তেওঁ বুজাইছিল যে আন্তৰীকতাহীন তেজ-মঙহৰ সম্পৰ্ক নথকাই ভাল৷ কিন্তু ভীষণ মানসিক চাপে জুৰুলা কৰি বৃদ্ধা মানুহজনীক সহজেই সংসাৰৰ পৰা মুক্তি লভাত সহায় কৰিলে৷ নাহিল... সিহঁত তেতিয়াও নাহিল৷
দুটোপাল পানী গুণাৰাম শইকীয়াৰ চকুৰ কোণত বিৰিঙি উঠিল৷ কান্ধৰ গামোচাখনেৰে চকু দুটা মোহাৰি তাক নিগৰি অহাত তেওঁ বাধা দিলে৷ আজি গুণাৰাম শইকীয়াৰ মৃত পত্নীলৈ বৰকৈ মনত পৰিছে৷ কথা পাতিবলৈ মন গৈছে৷ কিন্তু পাতিবই বা কেনেকৈ! আপোন মানুহৰ অমানুষিক মানসিক অত্যাচাৰৰ যন্ত্ৰণা তেওঁক অকলে সহি থাকিবলৈ দি তেওঁতো কেতিয়াবাই গুচি গ'ল! আজি এবছৰৰ মূৰত পত্নীৰ স্মৃতিয়ে তেওঁক অহৰহ খুন্দিয়াবলৈ ধৰিলে৷ গুণাৰাম শইকীয়াৰ মনত এটা অদ্ভুত বাসনা জাগি উঠিল৷ আজি মৃত পত্নীলৈ তেওঁ এখন চিঠি লিখিব৷ মনত থুপ খাই থকা স্মৃতিবোৰ ভগাই ল'ব৷ তেওঁ কাগজ-কলম গোটাই আনি লিখিবলৈ ধৰিলে—
"মৰমৰ কাঞ্চন,
নাজানো তুমি ক'ত আছা৷ আশা কৰোঁ ভালেই আছা৷ মোৰ বাবে চিন্তা নকৰিবা; মই ভালদৰেই আছোঁ৷ কিন্তু আজি-কালি কিবা ভোকটোহে কমি গৈছে৷ ভাত খাবলৈকে মন নাযায়৷ নাই, নাই চিন্তা নকৰিবা৷ আচলতে কি জানা?— তুমি কৰি তৈ যোৱা, মই আৰু ধনে খাই ভাল পোৱা জলফাই টেঙাৰ আচাৰখিনি যোৱা মাহতেই খাই শেষ কৰিলোঁ নহয়! তুমিতো জানাই, আচাৰ অকণ নহ'লে মোৰ পেটলৈ ভাতকে নাযায়৷ আমাৰ ঘৰত বৰ্তমান সকলোৰে ভাল৷ পিছে ক'লা দমৰাটোকহে কালিৰে পৰা মনটো মাৰি থকা দেখিছোঁ৷ ঘাঁহ-বন একোকে মুখত নিদিয়া হৈছে৷ কিবা হৈছে নেকি তাৰ! অ', তুমি নাজানা নহয়, আমাৰ মেকুৰীজনীয়ে পৰহি দিনা তিনিটা পোৱালি জন্ম দিলে নহয়৷ আৰু ক'ৰ জানো বগী কুকুৰ এজনী আহি আমাৰ পখৰাৰ লগ লাগিছেহি! মই নিজৰ বাবে নহ'লেও সিহঁতৰ বাবেই ভাত ৰান্ধিব লাগে৷
আৰু কিনো ক'ম! অ' তোমাৰ মনত আছেনে কাঞ্চন, বিয়াৰ প্ৰথম নিশা যে তুমি গোটেই নিশাই বিছনাত বহি কান্দি থাকিলা? তোমাৰ লগতে যো ময়ো টোপনি খটি কৰি বহি আছিলোঁ! পিছদিনা ন-কইনা চাবলৈ অহা মানুহবোৰে তোমাৰ অমৰা গুটি হেন চকু দেখি হাঁহি ৰখাব নোৱৰা হৈছিল৷ মনত পেলাই দিয়াৰ বাবে খং উঠিছে নেকি তোমাৰ? আচলতে আজি মোৰ বাবা আৰু ধনলৈ বৰকৈ মনত পৰিছে৷ সিহঁতে যিয়েই নকৰক কিয়, নিজ সন্তানক বাৰু কোনে পাহৰিব পাৰে? কাঞ্চন, তোমাৰ বাৰু মনত আছেনে, বাবাই যে জন্মৰ পাছত দুদিনলৈকে গাখীৰ খোৱা নাছিল? আমি যে ইমান ভয় খাইছিলোঁ! কম হাৰাশাস্তি কৰিছিলনে সি আমাক! স্কুললৈ যাবলৈ চাইকেল কিনি দিব নোৱৰাৰ খঙতে যে পাকঘৰৰ কাঁহি-বাটি সোপাকে নি বৰপুখুৰীটোত পেলাই দিছিল; আৰু ধন, ইমান যে লাজকুৰীয়া আছিল সি! তুমি আৰু মই ক'ৰবালৈ যাবলৈ ওলালে সি যে আমাৰ লগত কোতিয়াও নাহিছিল! মনত আছেনে বাৰু তোমাৰ? মোৰ কিন্তু আৰু বহুত কথাই মনত আছে৷ এতিয়া বাবা আৰু ধন কেৱল আমাৰেই হৈ থকা নাই৷ বহুত ডাঙৰ ডাঙৰ মানুহে বিচাৰে সিহঁতক, শ্ৰদ্ধা কৰে, সন্মান কৰে৷ এয়া জানো আমাৰেই গৌৰৱ নহয়? অ' তোমাক ক'বলৈকে পাহৰিছিলোঁ, সিদিনা ধনপোনাৰ সৰুটো ল'ৰা ৰোহনৰ ফট' পেপাৰত ওলাইছিল বোলে৷ কিবা বোলে সদৌ অসম ভিত্তিত 'মৰমৰ ককা আৰু আইতা' শীৰ্ষক ৰচনা লিখা প্ৰতিযোগিতাত সি প্ৰথম হৈছে৷
আৰু ... আৰু...
হাতখন বৰকৈ কঁপিছে দেখোন৷ উশাহ-নিশাহ ঘন হৈ আহিছে৷ ফোঁপাইছোঁ মই৷ আৰু হয়তো তোমাক একো ক'ব নোৱাৰি! কাঞ্চন...
ইতি
হঠাৎ কলমডাল তেওঁৰ হাতৰ পৰা সৰি পৰিল৷ তেতিয়া পশ্চিম আকাশত অস্তগামী সূৰুযৰ শোকৰ বন্যা৷
..................................

- দেৱযানী বকলীয়াল
প্ৰবক্তা, অসমীয়া বিভাগ (গড়গাঁও মহাবিদ্যালয়)

অভিমানী পাৰজনী

অভিমানী পাৰজনী


দীপহঁতৰৰ পাৰ চৰাইযোৰৰ ৰং বগা৷ সিহঁত দীপহঁতৰ বৰ মৰমৰ৷ পাৰহালে বৰ মিলা-প্ৰীতিৰে বাস কৰে৷ সাংসাৰিকভাৱে সিহঁত সুখী দম্পতী৷ মতা পাৰটো বৰ মৰমিয়াল আৰু দয়ালু৷ ঘৈণীয়ে‍কক সি বহুত মৰম কৰে৷ ঘৈণীয়েকেও তাক বহুত মৰম-শ্ৰদ্ধা কৰে৷ ঘৈণীয়েকজনী কিন্তু স্বভাৱত বৰ অভিমানী৷ তাইৰ অভিমান আন পাৰবোৰতকৈ বহুত বেছি৷ এদিনাখন পাৰহালৰ মাজত মনোমালিন্য হ'ল৷ মনোমালিন্যৰ কাৰণ একেবাৰে সৰাধাৰণ৷
সেইদিনা নিচেই পুৱাতে মাইকী পাৰজনীয়ে ৰুণ দিলে৷ মতা পাৰটো আছিল চিকুণ টোপনিত৷ উৎকট গৰমৰ বাবে ৰাতি দুপৰলৈ তাৰ টোপনি অহা নাছিল৷ পুৱতি নিশা গৰম কিছু কমাত তাৰ চকু দুটা জাপ খাইছিল৷ ঘৈণীয়েকৰ ৰুণত সি সাৰ পালে৷ ৰাতিপুৱাৰ চিকুণ টোপনি ভাগি যোৱাত ঘৈণীয়েকলৈ‍ তাৰ খং উঠিল৷ খঙতে সি ঘৈণীয়েকক গালি পাৰিলে -‘‘ইমান ৰাতিপুৱাই ৰুণ দিবলৈ কিনো হ'ল তোমাৰ? গৰমৰ বাবে ৰাতি দুপৰলৈ টোপনি নাই৷ চকু দুটা জাপ খাইছিলহে মাথোন৷ দিলাই টোপনি ভাঙি৷”
সেইদিনা গোটেই দিনটো গিৰীয়েকে তাইক ভালকৈ মাত-বোল নকৰিলে৷ আবেলি এপাক গাঁৱখনৰ সিটো মূৰলৈ সি অকলে ফুৰিবলৈ ওলাই গ'ল৷ আনদিনা ঘৈণীয়েকো লগত যায়৷ গাঁৱৰ ল'ৰাবোৰে খেলা ফুটবল খেল চায়, গাঁৱখনৰ মনোৰম দৃশ্য উপভোগ কৰে৷ গাঁৱখনৰ কিছু আঁতৰেৰে নৈ এখনি বৈ গৈছে৷ নৈখনৰ ওপৰে ওপৰে কিছু দূৰ উৰি সিহঁতে মনত অজান সুখ-আনন্দ অনুভৱ কৰে৷
‘‘এদিন নৈখনৰ ওপৰে ওপৰে উৰি গৈ থাকিম দেই৷”- মতা পাৰটোৱে ঘৈণীয়েকক কয়৷
‘‘উম, যাম দেই কেতিয়াবা৷ গৈ থাকিলে কি পাম?” - মাইকী পাৰজনীয়ে উৎসুকতাৰে সোধে৷
‘‘সৌ পাহাৰবোৰ পাম৷”- গিৰীয়েকে উত্তৰ দিয়ে৷
‘‘পাহাবোৰত কি আছে?”
‘‘গছ-গছনি আৰু ডাঙৰ ডাঙৰ শিল আছে কিজানি!”
গিৰীয়েকে নমতাত আৰু অকলে ফুৰিবলৈ যোৱাত মাইকী পাৰজনীৰ মনত বহুত দুখ লাগিল, অভিমান জাগিল৷ নিচেই পুৱাতে ৰুণ দি তাই ইমান ডাঙৰ দোষ-অপৰাধ কৰা নাই৷ পোহৰ হোৱাৰ লগে লগে ৰুণ দিয়াটো সিহঁতৰ পাৰবোৰৰ ধৰ্ম৷ তাইৰ দুখ-অভিমানবোৰ ক্ৰমশঃ বাঢ়ি গ'ল৷ গিৰীয়েকক তাই বহুত বেয়া পালে৷ তালৈ তাইৰ খং উঠিল৷ ‘‘এনেকৈ সংসাৰ কৰিব নোৱাৰি আৰু!”- পাৰজনীয়ে ভাবিলে৷ তাই সিদ্ধান্ত ল'লে, যদি গিৰীয়েকে ৰাতিও তাইক মাত-বোল নকৰে, তেনেহ'লে তাই গিৰীয়েকৰ লগত আৰু নাথাকে৷ সংসাৰ নকৰে৷ তাক এৰি, বাহ এৰি দূৰ-দূৰণিলৈ গুচি যাব৷
ৰাতিও গিৰীয়েকে তাইক মাত-বোল নকৰিলে৷ ফলত ভবা মতেই কাম৷ পিছদিনা নিচেই পুৱাতে উঠি মুখ ধুই, প্ৰাতঃক্ৰিয়াকৰ্মাদি সমাপন কৰি পানী এটুপিও নোখোৱাকৈ, খালী পেটেৰেই তাই বাহ এৰি উৰা মাৰিলে৷ ৰাতিয়ে তাই ভাবি থৈছিল, নৈখনৰ ওপৰে ওপৰে নীলা পাহাৰবোৰ ধিয়াই উত্তৰ দিগন্তলৈ উৰি যাব, পাহাৰবোৰ চাব৷ ভাল লাগিলে পাহাৰৰ বুকুতে বাহ সাজি আশ্ৰয় ল'ব৷ গিৰীয়েকৰ কাষলৈ কেতিয়াও আৰু উভতি নাহে৷
নৈখনৰ ওপৰে ওপৰে পাৰজনী উৰি গৈ থাকিল৷ উজনিৰ ফালে ধুনীয়া নৈখন আৰু বেছি ধুনীয়া, ঠেক, পানীবোৰ নীলা আৰু খৰস্ৰোতা৷
উৰি উৰি পাৰজনীৰ অলপ ভাগৰ লাগিল৷ ডেউকা দুখনি কিছু অৱসাদগ্ৰস্ত হৈ পৰিল৷ পেটত প্ৰচণ্ড ভোকো অনুভৱ কৰিলে৷ উৰণৰ গতি তাই হ্ৰাস কৰিলে৷ কিবা খাবলৈ পায় নেকি বুলি নৈৰ দুয়োপাৰলৈ চালে৷ নৈৰ পাৰত এঠাইত নামিল তাই৷ ঠাইখন লেতেৰা৷ বনভোজথলী৷ ভাত, চাউল, মাংসৰ হাড়, মাছৰ কাঁইট, প্লাষ্টিকৰ গিলাচ, বটল, আধাপোৰা খৰি আদি পৰি আছে তাত৷ পৰি থকা দুটামান চাউল তাই বুটলি খালে৷ পৰি থকা কাপোৰ এটুকুৰাৰে চাউল কেইটামান ডেউকাত বান্ধি ল'লে৷ নৈৰ শীতল পানী দুঢোকমান খাই অকণ জিৰাই, শক্তি গোটাই তাই পুনৰ ডেউকা মেলিলে৷
নৈৰ ওপৰে ওপৰে পাৰজনী উৰি গৈ থাকিল৷ নৈখনৰ দুয়োপাৰে সেউজীয়া গছ-গছনি৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ শোভা সেয়া৷
পাৰজনী ভূটান পাহাৰত গৈ উপস্থিত হ'ল৷ তাৰে গছ এজোপাত পৰি অলপ জিৰণি ল'লে৷ ডেউকাত বান্ধি নিয়া চাউল দুটামান খালে৷ ভূটান পাহাৰৰ অপৰূপ সৌন্দৰ্য দেখি তাই মুগ্ধ হ'ল৷ তাইৰ বৰ আনন্দ লাগিল৷ চাট্‌কৰে‍ গিৰীয়েকলৈ মনত পৰিল৷ ইতিমধ্যে গিৰীয়েকলৈ উঠা তাইৰ খং আৰু অভিমান গলিবলৈ আৰম্ভ কৰিছিল৷ সি যে এই পাহাৰবোৰ নিচেই কাষৰ পৰা দেখি কিমান আনন্দিত আৰু উৎফুল্লিত হৈ উঠিলহেঁতেন!
: ধ্যুৎ, তেওঁৰ কথা মই কিয় ভাবিম? তেওঁক এৰি আহিছোঁ, আহিছোঁৱেই৷ তেওঁৰ কথা আৰু মই কেতিয়াও নাভাবোঁ৷ বাহলৈ কেতিয়াও উভতি নাযাওঁ৷ গিৰীয়েকৰ স্মৃতি মনৰ পৰা জোকাৰি পেলাবলৈ চেষ্টা কৰি তাই আকৌ উত্তৰ দিগন্তলৈ ডেউকা মেলিলে৷
আন্ধাৰ হ'বলৈ কিছু সময় বাকী৷ পাৰজনী উৰি উৰি হিমালয়ৰ পাদদেশ পালে৷ তাই দেহত প্ৰচণ্ড শীত অনুভৱ কৰিলে৷ আনফালে হু হু বতাহ৷ আৰু আগলৈ যোৱাতো অনুকূল নহ'ব বুলি ভাবি তাই ওভতনি যাত্ৰা কৰিলে৷
ভাগৰ আৰু আন্ধাৰৰ বাবে পাৰজনী গছ এজোপাত আশ্ৰয় ল'বলৈ বাধ্য হ'ল৷ ইয়াতো কিছু শীতৰ প্ৰকোপ৷ বতাহো বলি আছে৷ কিছু সময়ৰ পাছত কিন্‌কিনীয়া বৰষুণ এজাক নামি আহিল৷ আপদীয়া বৰষুণজাকে শীতৰ প্ৰকোপ বৃদ্ধি কৰিলে৷ ডাঙৰ ডাল এটাৰ আঁৰত লুকাই তাই বৰষুণৰ পানীৰ পৰা নিজকে ৰক্ষা কৰিলে৷
বৰষুণজাক পৰিয়ে আছে৷ পাৰজনী শীতত থৰ্‌থৰ্‌কৈ কঁপিছে৷ “প্ৰভু ৰক্ষা কৰিবা” - তাই ভগৱানৰ নাম ল'লে৷ তাইৰ গিৰীয়েকলৈ বৰকৈ মনত পৰিল৷ গিৰীয়েকক এনেকৈ এৰি আহিব নালাগিছিল তাই৷ পাৰজনীয়ে অনুশোচনা কৰিলে৷ ইতিমধ্যে গিৰীয়েকৰ প্ৰতি‍ উঠা তাইৰ খং-অভিমান গলি গলি নিঃশেষ হৈ গৈছিল৷ গিৰীয়েকৰ কাষলৈ উৰি যাবলৈ তাইৰ বৰ মন গ'ল৷
পিছদিনা ৰাতিপুৱা৷ এটা বিনিন্দ্ৰ ৰজনী পাৰ হ'ল পাৰজনীৰ৷ অলপ অলপ পোহৰ হৈছে পৃথিৱীত৷ আকাশ ফৰকাল৷ ৰাতিৰ বৰষুণজাক কেতিয়াবাই এৰিছে৷ পাৰজনীয়ে চাৰিওফালে চকু ফুৰালে৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য তাইৰ চাৰিওফালে৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য এৰি পাৰজনীয়ে বাহ অভিমুখে দ্ৰুতভাৱে ডেউকা কোবালে৷ এনে অপৰূপ সৌন্দৰ্য অকলে উপভোগ কৰা নাযায়৷ সংগ লাগে প্ৰিয়জনৰ৷ গিৰীয়েকৰ সৈতে কেতিয়াবা আকৌ আহিব তাই৷
ঘৈণীয়েক অবিহনে মতা পাৰটোৰো এটা উজাগৰী নিশা পাৰ হ'ল৷ কালি দুপৰীয়াৰ পৰা তাৰ পেটত খুদকণ এটাও পৰা নাই৷ দুখ, নিঃসংগতা আৰু নানান চিন্তাই তাক হেঁচা মাৰি ধৰিছে৷ খং উঠিছে নিজৰ ওপৰত৷ হৈছে অনুশোচনা৷ ৰুণ দিয়াৰ কাৰণে ঘৈণীয়েকক সি গালি পাৰিব নালাগিছিল৷ বেয়া ব্যৱহাৰ কৰিব নালাগিছিল৷ তাই বেচেৰীজনী মনৰ দুখ-খং আৰু অভিমানত ক'লৈ বা গুচি গ'ল? ৰাতিটো ক'ত, কেনেকৈ বা কটালে! উভতি আহিবনে তাই? যদি নাহে সি অকলে দীঘলীয়া জীৱনটো কেনেকৈ পাৰ কৰিব? কথাবোৰ দুখমনে ভাবি ভাবি সি নিচেই পুৱাতে বাহৰ পৰা ওলাই নৈৰ পাৰলৈ উৰা মাৰিলে৷ এবাৰ ভাবিলে ঘৈণীয়েকক বিচাৰি উত্তৰ দিশলৈ যাব৷ কিন্তু কিবা ভাবি তেনে নকৰিলে৷ নৈৰ পাৰৰ ওখ গছ এজোপাৰ ডালত পৰি সি উত্তৰ দিশলৈ আকুল দৃষ্টিৰে চাই থাকিল৷ মনতে সিদ্ধান্ত ল'লে, যদি আজি ঘৈণীয়েক উভতি নাহে, তেনেহ'লে সি কাইলৈ ৰাতিপুৱাই তাইক বিচাৰি উৰা মাৰিব৷
সময় গৈ থাকিল৷
মতা পাৰটো নৈৰ পাৰৰ গছজোপাতে পৰি ঘৈণীয়েকলৈ ৰৈ থাকিল৷
বেলি দুপৰ হ'ল৷ মতা পাৰটো অনাহাৰে নৈৰ পাৰৰ ওখ গছজোপাতে ঘৈণীয়েকলৈ অপেক্ষাৰত হৈ ৰ'ল৷
বেলি লহিয়ালে৷ মতা পাৰটো এতিয়াও নৈৰ পাৰৰ ওখ গছজোপাত ঘৈণীয়েকলৈ অপেক্ষাৰত৷ পেটত প্ৰচণ্ড ভোক৷ অথচ তাৰ একো খাবলৈ মন যোৱা নাই৷ ঘৈণীয়েক নথকা বাহটোলৈ উভতি যাবলৈ মন যোৱা নাই৷ হঠাৎ সি বতাহত ডেউকাৰ চিনাকি শব্দ শুনিবলৈ পালে৷ হয় হয়, সেয়া তাৰ ঘৈণীয়েকৰ ডেউকাৰ শব্দ৷ উত্তৰ দিশৰ পৰা বতাহত ভাহি আহিছে সেই শব্দ৷ ক্ৰমশঃ কাষ চাপি আহিছে সেই আপোন, চিনাকি শব্দ৷ তাৰ বুকুখন আশা আৰু আনন্দত উথলি উঠিল৷ দুচকুত জিলিকি উঠিল আশাৰ ৰেঙনি৷
তীব্ৰ বেগেৰে ঘৈণীয়েক উৰি অহা তাৰ চকুত পৰিল৷ সি আৰু ৰৈ থাকিব নোৱাৰিলে৷ মৰমৰ ঘৈণীয়েকক আগবঢ়াই আনিবলৈ সি ডেউকা মেলি উৰা মাৰিলে...৷
দুয়ো গিৰীয়েক-ঘৈণীয়েক মুখামুখি হ'ল৷ অনাহাৰ, অনিদ্ৰা আৰু দুখ-চিন্তাত বিধ্বস্ত গিৰীয়েকৰ চেহেৰা দেখি মাইকী পাৰজনীৰ মনত বহুত দুখ লাগিল৷ চকুপানী নিগৰিল৷ গিৰীয়েকৰো দুখ লাগিল ঘৈণীয়েকৰ শুকান মুখখন দেখি৷
: “ক'লৈ গৈছিলা? তুমি অবিহনে মই জানো জীয়াই থাকিব পাৰোঁ?” - মতা পাৰটোৱে থোকাথুকি মাতেৰে ঘৈণীয়েকক ক'লে৷
: “ময়োতো নোৱাৰোঁ তোমাৰ অবিহনে জীয়াই থাকিব৷”
: “তেনেহ'লে মোক এৰি কিয় গুচি গৈছিলা?”
: “ৰুণ দিওঁতে তুমি মোক কিয় গালি পাৰিছিলা? কিয় মোক এদিন এৰাতি নমতাকৈ আছিলা?”-অভিমানী কণ্ঠৰে ঘৈণীয়েকে উত্তৰ দিলে৷
: “আজিৰ পৰা গালি নাপাৰোঁ দিয়া৷ নমতাকৈয়ো নাথাকোঁ৷”- মতা পাৰটোৰ প্ৰতিশ্ৰুতিভৰা সান্ত্বনা৷
: “সঁচানে?”
: “সঁচা৷ ভগৱানৰ শপত...৷”
: “গালি পাৰি‍লে মই কিন্তু আকৌ বহু দূৰলৈ গুচি যাম৷ এইবাৰ গ'লে উভতি নাহোঁ৷”
: “সেই সুযোগ তোমাক আৰু কেতিয়াও নিদিওঁ মোৰ অভিমানী সোণজনী...৷”
ইতিমধ্যে সিহঁত আহি বাহ পাইছিল৷ ঘৈণীয়েক ভোক আৰু ভাগৰত লেবেজান হৈ পৰিছিল৷ তাই বিছনাত জিৰণি লৈছিল৷ গিৰীয়েকে আহাৰ আৰু পানী যতনাই আনি বৰ মৰমেৰে তাইক খুৱাবলৈ আৰম্ভ কৰিছিল৷

(সমাপ্ত)
প্ৰদীপ পাটগিৰি৷

গাঁও: বাৰাপেটা৷
ডাক: মইনামাতা৷
জিলা: বাকসা, অসম৷
পিন: ৭৮১৩১৫, 
দূৰভাষ: ৮৪৭৪০ ২১৫২৫


Wednesday, September 5, 2018

শিয়ালী এ' নাহিবি ৰাতি

শিয়ালী এ' নাহিবি ৰাতি


বগা চাদৰ এখনেৰে কেঁচুৱাটো বুকুত বান্ধি মাণিক গেলামালৰ দোকানখনৰ আগত চাইকেলৰ পৰা নামিল। তাৰ বুকুত সোমাই থকা গুলপীয়া শৰীৰটোৱে অকণমান কেৰ্‌মেৰাই উঠিল ৷ পুনৰ এক আমেজত আকৌ চকু দুটা মুদি দিলে৷ শুই থকা কেঁচুৱাকণৰ নিষ্পাপ মুখখন চাই মাণিকৰ অন্তৰ ভৰি আহিল। 
"মচুৰ দাইলৰ নাম যেনেকৈহে বাঢ়িছে, ভয়েই খাইছোঁ অ’ ভবেন কাইটি৷ বনশাকৰ জোলহে খাবলৈ ল’ম আৰু৷
মাণিকৰ কথাত মিঠাতেল আধা লিটাৰ, ঢেলা চাবোন এটা আৰু চেনি এপোৱা কিনি বেগত ভৰাই ভবেনে হয়ভৰ দিলে- "অকল দাইলৰহে দাম হৈছে নে বাকীবোৰ বস্তু একা ? জুই লাগিছে অ’… জুই বজাৰত৷"
"এৰা আমাৰ দৰে দিন হাজিৰা কৰা মানুহে এদিন কাম নকৰিলেই ভোকত মৰিব লাগিব৷"
দোকানৰ আগত কথা চোবাই থকা মাণিক আৰু ভবেনলৈ ঠগী দোকানীয়ে পোন্দোৱাকৈ চাই পঠিয়ালে৷ এনেকৈ আড্ডা মৰাটো ঠগীয়ে ভাল নাপায়৷ সেইকাৰণে দোকানৰ আগত বহিবলৈও একো সুবিধা কৰি থোৱা নাই৷ অভিজ্ঞতাৰ পৰা বুজি উঠিছে ঠগীয়ে- যিবোৰ দোকানৰ আগত বেঞ্চত বহি গ্ৰাহকে ভৰি জোকাৰি আড্ডা মাৰে, সেইবোৰ দোকানলৈ মানুহ কমকৈ আহে৷ বিড়ি-চিগাৰেট খাই কিৰিলিয়াই মানুহ এজাক বহি থকা দোকানলৈ কোন ভদ্ৰ মানুহ বজাৰ কৰিবলৈ আহিব!
"অ’ই মাণিক, দোকানৰ ভিতৰলৈ সোমাই নাহ কিয় ? আবেলিৰ ৰ’দচেৰেঙা তোৰ কোলাত থকা কেঁচুৱাৰ মুখতে পৰি আছে৷"
"যা মাণিক, বজাৰ কৰি ল৷ মই যাওঁ৷ গৰু-গাইকেইটাও বান্ধিবলৈ আছেই৷"
ভবেন কাইটি লৰালৰিকৈ গ’লগৈ৷
ঠগীৰ মাতত মাণিক দোকানৰ বাৰাণ্ডাখনত ৰ’লগৈ৷ আলু, পিঁয়াজ, হালধি‍, ঢেলা চাবোনৰ মিহলি গোন্ধ এটা আহি তাৰ নাকত লাগিলেহি৷ কেতিয়াবা মাণিকে সৰুকৈ গেলামালৰ দোকান এখন খোলাৰ কথাও চিন্তা নকৰা নহয়৷ কিন্তু দোকান খুলিবলৈ নাই কমেও দহ হাজাৰ টকা মূলধন হাতত লাগেই৷ তাৰ দৰে হাজিৰা কৰা মানুহৰ ওচৰত ক’ত ইমানখিনি টকা জমা হয়!
"কেঁচু্ৱাকণৰ কেইমাহ হৈছে অ’ মাণিক?"
"এবছৰ হ’বৰে হ’ল দাইটি৷"
"দেখাত কিন্তু নালাগে৷ মাকৰ বুকুৰ অমৃতকণ খাবলৈ নোপোৱা কেঁচুৱা দেহি৷"
মনলৈ আহি থকা কথাষাৰ ঠগীয়ে ঘপহ্‌কৈ কৈ পেলালে৷
*******
মাণিক আৰু তগৰৰ দহ বছৰীয়া সংসাৰখনলৈ আহি পোহৰাই তোলা গুলপীয়া কেঁচুৱাকণক লৈ দুয়োটাৰে আদৰ-যত্ন আৰু সপোনৰ অন্ত নাই৷ মাক-বাপেক হোৱাৰ আশা বাদেই দিছিল দুয়ো৷ কবিৰাজী, বনদৰব বহুত খালে৷ টাউনৰ ডাক্টৰক দেখুৱায়ো দৰব খালে৷ কিন্তু তগৰৰ শৰীৰলৈ আশা কৰাৰ দৰে পৰিৱৰ্তন নাহিল৷ কোলা নভৰিল তাইৰ৷
আৰু এদিন হঠাতেই দুয়োটাৰ জীৱনলৈ আহিল এই ঢক্‌ঢকীয়া বগা কেঁচুৱাকণ৷ দুখন গাঁৱৰ সীমাত থকা আঁহতজোপাৰ তলত কোনোবাই পেলাই থৈ যোৱা কেঁচুৱাকণক বুকুত সাৱটি আতোল্‌তোলকৈ লৈ আহিছিল তগৰে৷ নাম থ’লে ‘শেৱালী’৷ কাৰ কেঁচুৱা আৰু কোনে জন্মৰ পাছতে তেনেকৈ এৰি থৈ গ’ল, কোনেও গম নাপালে৷ মাথোঁ বহুত দিনলৈ এই বিষয়টো লৈ গাঁৱৰ তিনিআলিৰ আড্ডা আৰু বিয়নী মেলবোৰ গৰম হৈ থাকিল।
সেইদিন ধৰি মানুহহাল ব্যস্ত শেৱালীক লৈয়ে৷ সময় কেনেকৈ গৈছে, এটায়ো ক’ব নোৱাৰে৷ মাণিকে বুকুত শেৱালীক সাৱটি‍ যেনেদৰে ঘূৰি ফুৰে, সকলো আচৰিত হয়। পিতৃত্বৰ গৌৰৱেৰে উজ্জ্বল মুখখন তাৰ৷ শেৱালী দুয়োটাৰ বাবে সুখৰ এচেৰেঙা হাঁহি, কলীয়া ডাৱৰ ঠেলি ওলাই অহা এজাক ৰ’দ তাই।
*****
পলিঅ’ ৰবিবাৰ৷
কেঁচুৱা লৈ মাকবোৰ গাঁৱৰ ছাব্ চেণ্টাৰটোলৈ গৈছে৷ তগৰক অকলে নপঠাই মাণিকে৷ মানুহে হাঁহিলেও হাঁহক৷ সিও ওলাল, লগতে তগৰক চাইকেলৰ কেৰিয়াৰত বহুৱাই ল’লে‍। শেৱালি মাকৰ কোলাত টোপনি‍ত৷
দৰবৰ টোপাল দুটা শেৱালিৰ মুখত দি নাৰ্ছ বাইদেউৱে তগৰৰ ফালে চালে৷
"শেৱালিয়ে ভালদৰে খোৱা-বোৱা নকৰে নেকি তগৰ? স্বাস্থ্যটো বৰ ভাল দেখা নাই তাইৰ৷ ওজনটো জুখি দিওঁ আহাচোন৷"
******
নগৰৰ হস্পিটেলৰ কেঁচুৱা চোৱা ডাক্টৰজনৰ কোঠাৰ বাহিৰত এঘণ্টামান বহাৰ পাছতহে শেৱালিৰ নামটো মাতিলে৷ নাৰ্ছ বাইদেউৱে বুজাই পঠোৱা ঠিকনাতে আহিছে মাণিক আৰু তগৰ… শেৱালিৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ৷ অজান আশংকাত দুয়োৰে মন গধুৰ হৈ আছে৷ কিয় বাৰু নাৰ্ছ বাইদেউৱে ডাক্টৰৰ ওচৰলৈ পঠালে? শেৱালিৰচোন একো বেমাৰ-আজাৰো হোৱা নাই! তগৰে মনে মনে ভগৱানৰ নাম ল’লে৷
"বয়স কিমান বুলি ক’লে বেবি‍টোৰ ?"
কপাল থুপ খোৱাই সোধা ডাক্টৰজনৰ প্ৰশ্নত তগৰৰ বুকুখন কঁপি উঠিল৷ তাইৰ মাতেই নোহোৱা হ’ল৷
"ডেৰ বছৰেই হ’ব অহা মাহত ছাৰ৷"
মাণিকে উত্তৰ দিলে৷
"বিছনাত শুৱাই থ’লে হাত-ভৰি মাৰেনে? উবুৰি হৈছেনে?"
"মাৰে ছাৰ হাত-ভৰি৷ মাজে মাজে উবুৰিও হয়৷"
তাৰ পাছত আধা ঘণ্টা পৰীক্ষা-নিৰীক্ষা কৰি ডাক্টৰজনে কোৱা কথাকেইটাই মাণিক আৰু তগৰৰ সুখৰ পৃথিৱীখন ভাঙি-ছি‍ঙি চূৰমাৰ কৰি দিলে৷ চাদৰৰ আঁচলেৰে চকুপানী মোহাৰি শেৱালিক কোলাত লৈ ওলাই অহা তগৰৰ ফালে মাণিকে চাব পৰা নাই৷ চালেই যে তাৰো চকুপানী ওলাব!
মাণিকহঁতৰ গাঁও অভিমুখী মেজিকখনত বহি শেৱালিৰ ফালে হাতখন মেলি দিলে সি -"মই লওঁ দে দেহাক৷"
"নালাগে ময়েই লওঁ৷ পাৰিম ল’ব তাইক৷"
তগৰে শেৱালিক পৰম মমতাৰে আৰু জোৰেৰে বুকুত সাৱটি ধৰিলে৷
ডাক্টৰে কৈছে শেৱালি আন ল’ৰা-ছোৱালীবোৰৰ নিচিনা নহ’ব ডাঙৰ হ’লে৷ হয়তো তাই ভালকৈ খোজ নাকাঢ়িবও পাৰে৷ হয়তো তাই দেখাত ডাঙৰ হ’ব; কিন্তু ভিতৰি এজনী সৰু ছোৱালীৰ দৰেই হৈ থাকিব৷ বয়স অনুসৰি তাইৰ বিকাশ হোৱা নাই। কথাবোৰ বুজাত আৰু কোৱাতো অসুবিধা হ’ব পাৰে তাইৰ৷ কিন্তু তেওঁ আশা আছে বুলি কৈছে তাইৰ ভাল হোৱাৰ৷ তেখেতে গুৱাহাটীৰ ডাক্টৰ এজনৰ নাম-ঠিকনা লিখি দি তেওঁৰ ওচৰলৈ নি তাইক দেখুৱাবলৈ কৈছে৷
অপত্য স্নেহত মাণিকে মূৰটো লাহেকৈ মোহাৰি দিলে শেৱালিৰ৷ তাইক ভাল কৰিবলৈ সি সকলো কৰিব৷ হাৰ নামানে সি৷
মেজিকখন গৈ থাকিল আৰু দুলি দুলি গৈ থাকিল এহাল মাক-বাপেক৷


মৌচুমী বৰুৱা 
কলেজ ৰোড, সৰুপথাৰ
 (গোলাঘাট)
দূৰভাষ ৯১০১০৪১৬৩২

 ডাইনী

ডাইনী


প্ৰথম খণ্ড

—"মৰিলোঁ ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।"
—"আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই।"
কাতৰ চিঞৰকেইটা এতিয়াও কাণত বাজি থাকে মাজে মাজে। অস্থিৰ হৈ পৰোঁ। মন-মগজু ঘূৰি যায় চাৰি বছৰ আগৰ সেই দিনকেইটালৈ।

 ২০১২ চনৰ জুন মাহ। বিদ্যালয়ত যোগদান কৰিয়ে মন কৰিলোঁ মলিয়ন গা, নাকত শে‍ঙুন, ভৰিবোৰত সাপৰ দৰে আঁক-বাক থকা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে। হয়তো ভৰি ধুয়েই পোৱা নাই সিহঁতে। শিক্ষক-ছাত্ৰ-অভিভাৱকৰ এটা সম্পৰ্ক গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ। ঘনে ঘনে সভা পাতিলোঁ। নাই, নাহে । দুই-এগৰাকী আহি গুচি যায় কোনো নাহে বুলি। ভোজৰ আয়োজন কৰিলোঁ এইবাৰ। দলে-বলে আহিল। ঔ বুজিলোঁ। ভোজৰ আয়োজন ঘনে ঘনে কৰিলোঁ। ক'বলগীয়াবোৰ তাতে ক'লোঁ। এটা সময়ত এনেকুৱা হ'লগৈ যে সভা পাতিলে দলে-বলে আহিবলৈ ধৰিলে। লাহে লাহে বিদ্যালয়খন তেওঁলোকৰ বুলি অনুধাৱন কৰিবলৈ ধৰিলে।
  কিছু চাফ-চিকুণ হ'ল ছাত্ৰ-ছাত্ৰীসকল। কিন্তু মন কৰিলোঁ— এজন ছাত্ৰ আগৰ দৰেই আছে। সি অকণমানো সলনি নহ'ল। খুব ভয় কৰে। কাৰো লগত মিলা-মিছা নকৰে। ভোজলৈএদিনো নাই অহা তাৰ অভিভাৱক ।
—"দেউতাক মাতিছে বুলি ক'বা দেই কাইলৈ৷"
—"কি দেউতা?"
—"পিতাইৰ কথা কৈছোঁ৷"
—"মোৰ পিতাই নাই৷"
— "ক'লৈ গ'ল?"
— "মৰিলে৷"
— "অ' অও। বেয়া নাপাবা দেই। নাজানো যে। মা আছে নে নাই?"
—"আই আছে। মই মাক আই বুলিয়ে কওঁ।"
— "অ। আইকে মাতিছে বুলি ক'বা নহ'লে!"
—"আই নাহে।"
— "কিয়?"
— "আইক আহিবলৈ মানা কৰে মানুহবোৰে। আইক মানুহবোৰে ক'লৈকো ওলাবলৈ নিদিয়ে। মোৰ আইৰ কাৰণেই বোলে পিতাই মৰি থাকিল। আৰু আইৰ কাৰণেই বোলে গাঁওখনত মানুহবোৰ মৰে, গাঁৱত মানুহবোৰৰ বেমাৰ আইৰ কাৰণেই হয়। মোৰ আই ডাইনী বুলি কৈ মোক সিহঁতৰ লগত খেলিবলৈ নিদিয়ে। ছাৰ ডাইনী মানে কি নো?"
মই তাৰ চকুলৈ চালোঁ। এহেজাৰটা প্ৰশ্নৰ উত্তৰ বিচৰা ধৰণে সি মোৰ চকুলৈ চাই আছে। মই কি কওঁ ভাবি নাপালোঁ।
— "হেই ডাইনী-চাইনি এইবোৰ একো নাথাকে নহয়।"
—"আপুনি মিছাকৈ কৈছে ন ছাৰ?"
— "নহয় ঔ। এইবোৰ মানুহে মিছাকৈ উলিয়াইছে।"
 কৌতূহল হ'ল ল'ৰাটোৰ ওপৰত। বিদ্যালয় ছুটীৰ পাছত তাৰ ঘৰত সোমালোগৈ। ঘৰ বুলি ক'ব নোৱাৰি। এটা কোঠা মাত্ৰ। মোক যোৱা দেখি ভিতৰলৈ সোমাই গ'ল মানুহগৰাকী।
— "কি হ'ল? ভিতৰলৈ সোমাই গ'ল যে?"
— "আপুনি আমাৰ ঘৰলৈ আহিব নালাগিছিল, ছাৰ৷"
—"কিয়?"
—"মানুহবোৰে আপোনাক বেয়াকৈ চাব।
"কি বেয়াকৈ" বুলি কৈ ভিতৰলৈ সোমাই গ'লোঁ। তেওঁ একেবাৰে শিল পৰা কপৌৰ দৰে অবাক হল মোক ভিতৰত এনেকৈ দেখি। এনেও বাহিৰৰ পৰা দেখিয়ে থাকি ভিতৰখন। এচুকত এটা কলহ, চৌকাত এখন ক'লা কেৰাহী আৰু এটা বাল্টি ওলমি আছে বেৰত। আনফালে এখন বাঁহৰ চাং। আৰু একো নেদেখিলোঁ কোঠাটোত।
— "আপোনাৰ বিষয়ে জানিবলৈ আহিছোঁ।"
—"কি জানিব খোজে?"
—"কিয় ডাইনী বুলি কয় মানুহে আপোনাক?"
—"জানি কি কৰিব!"
— "একো কৰিব নোৱাৰিলেও কিবা কৰিব পাৰোঁ বা! কওক মোক৷"
— আপোনাক কিয় ক'ম। আপোনবোৰেই বিশ্বাসঘাটকতা কৰিলে। আপোনাক কিয় বিশ্বাস কৰিম। আপুনিও এজন পুৰুষেই হয়।"
বহু দেৰি লাগি লাগি শেষত ক'বলৈ বাধ্য হ'ল। তেওঁ কৈ গৈছে এফালৰ পৰা সকলো। তেওঁ যেন কথাবোৰ কাৰোবাক ক'বলৈহে বাট চাই আছিল। মই শুনি গৈছোঁ— গিৰীয়েক ঢুকুৱাৰ পাছত পৰিয়ালৰ মানুহখিনিয়ে সম্পত্তিখিনি কেনেকৈ কাঢ়ি ল'লে, এতিয়া বিচাৰি গ'লেই ডাইনী সজাই কেনেকৈ খেদায়, সহায় বিচাৰি গাঁওবুঢ়াৰ ওচৰলৈ যাওঁতে তাইৰ দেহাটো কেনেকৈ অকলে পাই সুযোগ ল'লে। তাকে ন্যায় বিচাৰি গাঁৱৰ মানুহ চপাওঁতে উদণ্ড ডেকাবোৰে গম পাই ৰাতি কেনেকৈ আমনি কৰিবলৈ ধৰিলে। এইবোৰ বাধা দি দি ভাগৰিব নুখুজোঁতেই গাঁৱৰ বেজজনে নিজৰ আধিপত্য বঢ়াবলৈ কেনেকৈ গাঁৱৰ প্ৰতিটো অমংগল তাইৰ বাবেহে হয় বুলি বাছনি ধৰিবলৈ ধৰিলে। কথাবোৰ কৈ কৈ শেষত তেওঁ হুকহুকাই কান্দি উঠিল। বেচেৰীজনীক চকুপানীখিনি মচি দিবলৈ মন গৈছিল। কিন্তু থমকি ৰ'লোঁ৷ কিজানিবা মোকো সুবিধা ল'ব বিচৰিছে বুলি ভাবে।
— "পানী খাব নেকি?" পানী ক'ত আছে নেজানো৷ তথাপি সুধিয়ে পেলালোঁ।
—ওঁহো। নালাগে। আপুনি যাওক এতিয়া। এটা ভাৰাক্ৰান্ত মন লৈ ঘূৰিলোঁ
২০১৩ চনৰ চ'ত মাহৰ ১৩ তাৰিখ। বিদ্যালয়লৈ আহোঁতেই মন কৰিলোঁ তেওঁৰ চোতালত কেইজনমান মানুহ গোট খাই আছে। কৌতুহলবশতঃ আগবাঢ়ি গ'লোঁ।
"এই ডাইনীজনীক মাৰিই পেলাব লাগে।"— এজনে গৰজি উঠিল।
— "অ অ । এইক মাৰিয়েই পেলাওঁ। এজনে গৈ চুলিকোছাত ধৰি টানিয়েই আনিলেগৈ। তোৰ কাৰণেই মোৰ ছোৱালীজনীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে। তোৰ কাৰণে আৰু কিমানে মৰিব! তাৰ আগতে তোকে মাৰি পেলাওঁ।"
"মৰিলোঁ ঔ...মৰিলোঁ ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।"— কণমানি ল'ৰাটোক বচাবলৈ ক'লে। পোনাকণ আগবাঢ়ি গ'ল। পোনাকণক সাৱটি ধৰিলে।
— "আই আই। ছাৰ ছাৰ আমাক বচাওক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় । এয়া মোৰ আই ।....  মানুহকেইজনে মাকক মৰা কোবকেইটা গাত পাতি এনেকৈয়ে চিঞৰিলে পোনাকণে।

দ্বিতীয় খণ্ড

“পোনাকণ নথকাহেঁতেন নিজেই মৰি থাকিলোঁহেঁতেন ছাৰ।” নিমখ অকণমান মিহলি কৰি ভাত এগৰাহ মুখলৈ নি তাই ক’লে

—“কিয় তেনেকৈ কৈছে?”

—“ইহঁতৰ হাতত মৰাতকৈ‍…” 

—“আপুনি জীয়াই থাকিব লাগিব৷” 
—“এনেকৈ জীয়াই থাকিব পাৰোঁনে।” কাষতে থকা মেকুৰীজনীক ভাত কেইটামান মাটিতে দি দিলে। বহু দিন ভোকত থকাৰ দৰে মকামক খাই পেলালে। হয়তো মেকুৰীজনীয়ে নাজানে তাইৰ গৰাকীক বাকী মানুহবোৰে ডাইনী সজাইছে। মেকুৰীজনীয়েও যদি সিহঁতৰ সমান বুজি পোৱা হ’লহেঁতেন, তেন্তে তায়ো চাগে ভাতখিনি নাখালেহেঁতেন। কালিৰ মানুহখিনিকো অবোধ মেকুৰীজনীৰ দৰেই লাগিল। সিহঁতেও যদি নিজৰ মগজুৰে অকণমান চিন্তা কৰিব পাৰিলেহেঁতেন, তেন্তে কালিৰ দৰে অভাৱনীয় পৰিস্থিতি কেতিয়াও ক’তো নহ’লহেঁতেন।
—“আজিৰ পৰা অন্ততঃ পাৰিব লাগিব।”
—“মোক যদি কিবা কৰে, আপুনি পোনাকণক চাব দেই।”
তেওঁ যেন মোক বিশ্বাস কৰিছে, তেনেকুৱা সুৰত ক’লে। বৰ সহজে মানুহক বিশ্বাস কৰি লয় নে বিশ্বাস কৰিবলৈ আৰু মানুহ নথকা বাবেই মোক তেনেকৈ‍ ক’লে বুজি নাপালোঁ।

—“আপোনাক সিহঁতে একো কৰিব নোৱাৰে৷”

—“কালি আপুনি নথকাহেঁতেন!”

—“কালিৰ কথা বাদ দিয়ক। আজিৰ পৰা আপুনি সিহঁতৰ বিৰুদ্ধে যুঁজিব লাগিব৷”

—“কেনেকৈ‍?”
—“কেনেকৈ সেইটো মই নাজানো। কিন্তু আপুনি সিহঁতৰ আচল ৰূপটো উদঙাই দেখুৱাবই লাগিব সমাজক৷”
—“তামোল খাব নে?”

 পাত্ৰটোত থকা অন্তিম ভাতকেইটা চুঁচি খাই শেষ কৰি ভাতৰ চৰুৰ ঢাকোন যেন লগা প্লেট এখনত শুকাই থকা পাণ আৰু মলিয়ন তামোল দুডোখৰমানেৰে আগবঢ়াই দিলে৷

—“দিয়ক এখন৷”

—“আপুনি যাওক এতিয়া। দেৰি হ’ব নহ’লে৷”

—“ওঁ!”

মানুহগৰাকীক কিছু সাহস দিওঁ বুলিয়ে সোমাইছিলোঁ। তামোলখন খাবলৈ অলপ ঘিণ লাগছিল যদিও তাইক দেখুৱাই মুখত ভৰাই ওলাই আহিলোঁ। বিদ্যালয়ৰ জপনা খুলি সোমাবলৈ‍ লওঁতেই বড়ো সম্প্ৰদায়ৰ মানুহজনক দেখিলোঁ। তেওঁ মোক দেখি কিছু সংকোচ বোধ কৰা দেখি ময়েই মাত লগালোঁ। 
—“ক’ৰ পৰা আহিলে?”
—“গাঁওবুঢ়াৰ ঘৰলৈ গৈছিলুং৷”
এই বুলি কৈ তেওঁ চাইকেলৰ পেডেল জোৰকৈ মাৰি বেগেৰে গ’লগৈ। তাতকৈ বেগেৰে মোৰ মনটো কালিৰ ঘটনাটোলৈ আগবাঢ়ি গ’ল।
...................................
মাককে পুতেককে বচাবলৈ আগবাঢ়ি গ’লোঁ। উগ্ৰ খঙাল মানুহকেইজনক শান্ত কৰিবলৈ সেই মুহূৰ্তত একো উপায় ভাবি পোৱা নাছিলোঁ। 
—“ছাৰ, ছাৰ বচাওক, মাৰি পেলাব এতিয়া আমাক।” চৰ-ঘোচা উপৰ্যুপৰি তাৰ গাত পৰাত সি আকৌ চিঞৰিলে।
কি কৰোঁ কি নকৰোঁ বুলি উপায় নাপাই একেবাৰে ওচৰলৈ আগবাঢ়ি গৈ সাৱটি ধৰা দি হাত দুখন মেলি মানুহকেইজনক বাধা দিবলৈ চেষ্টা কৰিলোঁ। 
ঠা……….আ……..চ 
কেইবাজনো মানুহৰ ঠেলা-হেঁচাত মানুহজনীৰ গালৈ মৰা চৰ এটা পৰিল গালতে। সৰিয়হ ফুল দেখি গলোঁগৈ‍। জীৱনত দ্বিতীয় বাৰ এনেকুৱা এটা চৰ গালত পৰিল। বিদ্যালয়ত এদিন ছাৰে দিছিল এনেকুৱা এটা চৰ, পঢ়োৱা সময়ত কথা পাতি হাঁহি থকাৰ বাবে। ঘপহ্‌কৈ‍ ধমলা ছাৰলৈ মনত পৰি গ’ল আকৌ।
—“ঐ মাষ্টৰ আঁতৰিবি টুই। টুইভি মৰিবি নহ’লে ডাইনীটোৰ লুগতে।” অলপ আগতে লগ পোৱা বড়ো সম্প্ৰদায়ৰ মানুহজনে তেঁও নভবাকৈ তেওঁৰ চৰটো মোৰ গালত পৰাত ইতঃস্তত বোধ কৰি বাধা দিয়া সুৰত ক’লে
—“ঐ ঐ মাষ্টৰক নামাৰিবি। মাষ্টৰক মাৰিলে বহুত ডাঙৰ কেছ হ’ব।” আন এজনে চিঞৰি কোৱাৰ দৰে ক’লে।
—“এই, আপোনালোকে শুনকচোন মোৰ কথা, এওঁ ডাইনী নহয়। এওঁক নামাৰিব।”
হুহ এইজনী ডাইনী নহয় নে? আপুনি বাধা নিদিব, আজি এইক খতম কৰিবই লাগিব।” দাখন হাতত লৈ এজন উদ্যত হ’ল কাটিবলৈ। লগে লগে গাঁওৰ চেঙেলীয়া কেইটামানেও কিৰীলিয়াই আগবাঢ়ি আহিল সিহঁতক প্ৰহাৰ কৰিবলৈ।
—“হেৰী, ৰ’বচোন ৰ’ব। মোৰ কথা শুনকচোন প্ৰথমে। এই ডাইনী-চাইনি নাথাকে নহয় পৃথিৱীত!”
আপুনি একো নাজানে ছাৰ। এইৰ কাৰণে বহুত ঘটনা ঘটিল এই গাঁৱত। আপুনি আহিছেহে পাছত চব গম পাব।” অন্য এজনে অলপ দূৰৰ পৰা চিঞৰি কোৱা দি ক’লে।
—“এইজনীক দুছেও কৰিহে আজি ছোৱালীজনীৰ মৃতদেহটো চামগৈ‍।”

 দাখন দাঙি ধৰিলে। দাখন আহি মোৰ ডিঙিৰ ওচৰ পালেহি।

কথা বিষম দেখি যিমান জোৰ আছে, সিমান জোৰেৰে চিঞৰি দিলোঁ— “এ……ই…..ৰ’…..ব…..হে…”

মানুহখিনি য’ত যেনেকৈ আছিল, তেনেকৈয়ে ৰৈ গ’ল। 

“এই মানুহজনীক আজি মাৰি পেলাব নালাগে। মানুহ কেতিয়াও ডাইনী হ’ব নোৱাৰে। যিজনে ডাইনী বুলি আপোনালোকক কৈছে, তেওঁক মাতি আনক। তেওঁ যদি মোৰ সন্মুখত ডাইনী বুলি প্ৰমাণ দিব পাৰে, তেতিয়া এইৰ লগত মোকো কাটি মাৰি পেলাব। যদি নোৱাৰে, তাইৰ ওচৰলৈ এনেদৰে নাহিব কেতিয়াও।”

মানুহবোৰে গুণগুণাই কিবাকিবি পাতিলে।
—“চাওক মাষ্টৰ, আপুনি কোৱা কাৰণে আজি এইক এৰি গ’লোঁ। কিন্তু কলীয়া বেজে যদি আমাক প্ৰমাণ দিয়ে, তেন্তে আপুনি বাধা দিলে আপোনাৰো কথা বেয়া হ’ব।”বৃদ্ধ এজনে কলে।
ঠিক আছে, হ’ব।” দৃঢ়তাৰে কোৱাদি ক’লোঁ। মোৰ দৃঢ়তা দেখি মানুহ এজন-দুজনকৈ গ’লগৈ। দুই-এজনে বেয়া বেয়া ভাষাৰে কৈ থৈ গ’ল কিবাকিবি।

এবাৰ দীঘলকৈ উশাহ এটা ল’লোঁ। অলপ আগতে চিঞৰ-বাখৰ হৈ থকা চোতালখন নিজম পৰিল। এখোজ-দুখোজকৈ আগবাঢ়ি গ’লোঁ বিদ্যালয়লৈ। 
কিন্তু নিশ্চিত হ’লোঁ যে এই মানুহগৰাকীক সিহঁতে সহজে এৰি নিদিয়ে... 



https://static.xx.fbcdn.net/images/emoji.php/v9/fe2/1/16/270d.png দেৱজিৎ চুতীয়া,ডিমৌ (ধেমাজি)

ভ্ৰাম্যভাষ: ৯৮৫৪৬ ১৩৮৬৪