Showing posts with label প্ৰবন্ধ. Show all posts
Showing posts with label প্ৰবন্ধ. Show all posts

Wednesday, September 5, 2018

ৰাজপথত প্ৰভুভক্ত

ৰাজপথত প্ৰভুভক্ত


আজি বহু বছৰৰ পাছত কবি অমূল্য বৰুৱাদেৱৰ 'কুকুৰ' নামৰ কবিতাটি পঢ়ি মনটো সেমেকি উঠিল৷ কবিতাটিত কুকুৰ নামৰ প্ৰাণীবিধক কবিয়ে প্ৰতীকী ৰূপত ব্যৱহাৰ কৰিছে৷ মোৰ চকুৰ আগত আজি কিন্তু সেই 'ৰাস্তাৰ আৱৰ্জনাৰ দ'মবিলাকৰ কাষে কাষে' ঘূৰি ফুৰা ভোকাতুৰ কুকুৰকেইটাৰ ছবিহে ভাহি আছে৷
'কুকুৰ', যি প‌ৃথিৱ‌ীৰ একমাত্ৰ প্ৰভুভক্ত প্ৰাণী, সেইবিধ জীৱৰ আজিৰ পৃথিৱীত এনে এলাগী অৱস্থা কিয়? বিশেষকৈ ভাৰতীয় সমাজত আন জীৱৰ তুলনাত কুকুৰক কিয় ইমান অৱজ্ঞা কৰা হয়? কাৰণ ভাৰতীয় ধৰ্মীয় বিশ্বাস বা সমাজ ব্যৱস্থা বা

বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব?

বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব?


    বজ্ৰপাতৰ ফলত প্ৰতি বছৰেই বহু লোকৰ মৃত্যু হোৱাৰ বাতৰি পাওঁ৷ গতিকে আমি কেনেকৈ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ, তাকে লিখিবলৈ লৈছোঁ৷
   প্ৰথমতেই কওঁ— কিছু গাঁৱলীয়া সমাজত বজ্ৰপাতৰ সম্পৰ্কে অন্ধবিশ্বাস আছে৷ গতিকে আমি প্ৰথমতেই এই অন্ধবিশ্বাস পৰিহাৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বজ্ৰপাত কি আৰু কেনেকৈ, কিয় হয়— এই বিষয়ে অধ্যয়ন কৰিব লাগিব৷ কাৰণ অন্ধবিশ্বাসী মানুহে সত্যক মানিবলৈ টান পায়৷
চমুকৈ ক’বলৈ গ’লে বতাহৰ ফলত বায়ুমণ্ডলৰ ওপৰৰ অংশত আৰু নিম্ন অংশত বায়ুৰ সৈতে পানীৰ সৰু সৰু কণিকাৰ ঘৰ্ষণৰ সৃষ্টি হয় আৰু এই ঘৰ্ষণৰ ফলত দুয়ো অংশতে অসংখ্য আধানৰ সৃষ্টি হয়৷ বায়ুমণ্ডলৰ ওপৰৰ অংশত সাধাৰণতে ধনাত্মক (+) আধান আৰু নিম্ন অংশত ঋণাত্মক (-) আধানৰ সৃষ্টি হয়৷ আনহাতে আমি সকলোৱে জানো যে বায়ু বিদ্যুতৰ কুপৰিবাহী৷ কিন্তু যেতিয়া এই আধানৰ পৰিমাণ অত্যধিক বৃদ্ধি পায়, তেতিয়া বায়ুৰ এই ধৰ্ম ভেদি ধনাত্মক আধান ঋণাত্মক আধানলৈ খুব বেগেৰে প্ৰবাহিত হয় আৰু তেতিয়া পোহৰ আৰু শব্দৰ সৃষ্টি হয়৷ পোহৰৰ গতিবেগ শব্দতকৈ বেছি বাবে আমি পোহৰ আগতীয়াকৈ‍ দেখা পাওঁ আৰু শব্দ পাছত শুনিবলৈ পাওঁ৷ বায়ুমণ্ডলৰ উচ্চ অংশত সৃষ্টি হোৱা এই আধানবোৰ ত্বৰি গতিৰে নিম্ন অংশৰ বিপৰীতধৰ্মী আধানৰ মাজেৰে ভূ-গৰ্ভলৈ পাৰ হৈ যোৱা পৰিঘটনাটোৱেই হৈছে বজ্ৰপাত৷
    এতিয়া আহোঁ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা উপায়সমূহলৈ—
(১) মনত ৰাখিব— বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানতহে পৰিব পাৰে৷ গতিকে বিজুলী-ঢেৰেকনি মৰা সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব বা মুকলি পথাৰৰ মাজেদি পাৰ হৈ যাবলৈ চেষ্টা নকৰিব৷ কাৰণ, মুকলি পথাৰখনত আপুনিহে ওখ হৈ থাকিব৷
(২) বিজুলী-ঢে‍ৰে‍কনি মৰাৰ সময়ত মুকলি স্থানত ম’বাইলত কথা পাতি বা ছাতি লৈ নাথাকিব৷
(৩) আপুনি যদি বিজুলী-ঢে‍ৰে‍কনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত থাকে, তেতিয়া আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নল’ব৷ কোনোবা চাপৰ গছ এজোপাৰ তলত আশ্ৰয় লওক৷
(৪) বিজুলী-ঢেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেৰে খোজকাঢ়ি বা বাইক চলাই নোজোৱাটোৱেই মংগল৷
(৫) আপুনি যদি বিজুলি-ঢেৰেকনি মৰাৰ সময়ত কোনোবা বাছ নাইবা গাড়ীৰ ভিতৰত থাকে, তেন্তে চিন্তা নকৰি সাৱধানে বহি ৰওক৷ কিন্তু গাড়ীৰ দৰ্জা, খিৰিকী বা ব’ডি‍ত স্পৰ্শ কৰি নাথাকিব৷
(৬) ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদ্যুৎ পৰিবাহী দণ্ড লগাওক৷
(৭) বিজুলী-ঢেৰেকনি মৰাৰ সময়ত বৈদ্যুতিক মাধ্যমসমূহ ব্যৱহাৰ নকৰি সংযোগ বিচ্ছি‍ন্ন কৰি ৰাখক৷
মনত ৰাখিব— আপোনাৰ ধৈ‍ৰ্য আৰু অলপ সতৰ্কতাই আপোনাক বজ্ৰপাতৰ দৰে ভয়ংকৰ দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে‍৷ গতিকে নিজেও বাচক আৰু আনকো সতৰ্ক কৰি তেওঁলোকৰো জীৱন ৰক্ষা কৰক৷
.................................
লাশ বৰগোহাঞি

ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান

ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান


আজি আপোনালোকক ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান জনাব বিচাৰিছোঁ
১) ইংৰাজী ভাষাৰ আটাইতকৈ দীঘলীয়া শব্দ হৈছে ‘floccinaucinihipilification’.
২) উক্ত শব্দটোত 14 বাৰ vowel ব্যৱহাৰ হৈছে। অৰ্থাৎ আটাইতকৈ বেছি বাৰ vowel ব্যৱহাৰ হোৱা শব্দ।
৩) সাধাৰণতে পৰীক্ষাত ৮০ নম্বৰ পালে letter পোৱা বুলি জানো। সেই letter নম্বৰৰ ৰহস্য হ'ল L=১২, e=৫, t=২০, t=২০, e=৫, r=১৮ যোগফল৷
১২+৫+২০+২০+৫+১৮= ৮০
৪) ইংৰাজীৰ ‘madam’ আৰু ‘reviver’ শব্দ ওলোটাই লিখিলেও বানান একেই থাকে।
৫) “a quick brown fox jumps over the lazy dog” এই বাক্যটোত ইংৰাজীৰ আটাইকেইটা বৰ্ণ আছে।
৬) ইংৰাজীৰ আটাইতকৈ সৰু বাক্য হ'ল “I am.”৷
৭) ‘Abstemious’ আৰু ‘facetious’ শব্দ দুটাত আটাইকেইটা vowel ক্ৰমানুসাৰে আছে। 
৮) ‘q’-ৰে আৰম্ভ হোৱা সকলো শব্দত ‘q’-ৰ পিছত সদায় ‘u’ থাকে।
৯) ‘Queueing’ একমাত্র শব্দ, য’ত একেলগে ৫ টা vowel আছে।
১০) ‘Queue’ এনে এটা শব্দ, যাৰ শেষৰ ৪ টা বৰ্ণ কাটি দিলেও উচ্চাৰণ একেই হৈ থাকে।
১১) এটাও বৰ্ণৰ পুনৰাবৃত্তি নোহোৱাকৈ আটাইতকৈ দীঘলীয়া শব্দ ‘uncopyrightable’৷
১২) ‘Rhythm’ হ'ল আটাইতকৈ দীঘলীয়া শব্দ, য'ত এটাও vowel ব্যৱহাৰ হোৱা নাই।
১৩) vowel থকা আটাইতকৈ সৰু শব্দ হ'ল ‘a’ (এটা) আৰু ‘I’ (মই)৷
১৪) vowel নথকা আটাইতকৈ সৰু শব্দ ‘by’৷
১৫) গুপ্তহত্যাৰ ইংৰাজী প্ৰতিশব্দ ‘assassination’-ৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল গাধ-গাধ-মই-জাতি।
১৬) ‘Lieutenant’ শব্দাটোৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল মিছা-তুমি-দহ-পৰুৱা।
১৭) ‘uncomplimentary’ শব্দটোত আটাইকেইটা vowel আছে। মজাৰ কথা হ'ল যে ওলোটা ক্ৰমানুসাৰে (u-o-i-e-a) আছে।
১৮) ‘Exclusionary’ এনে এটা পাঁচটা vowel সমৃদ্ধ দীঘলীয়া শব্দ, য'ত এটাও বৰ্ণৰ পুনৰাবৃত্তি নহয়।
১৯) ‘study’, ‘hijak’, ‘nope’, ‘deft’ এই চাৰিটা শব্দৰ প্ৰথম তিনিটা বৰ্ণই ক্ৰমানুসাৰে আছে। 
২০) ‘executive’ আৰু ‘future’ এনে দুটা শব্দ, য'ত প্ৰত্যেক বৰ্ণৰ পিছত একোটাকৈ vowel আছে।
২১) ‘A1’ একমাত্ৰ ইংৰাজী শব্দ, য'ত সংখ্যাৰ ব্যৱহাৰ হয়।
২২) ‘I’-ৰ পিছত ‘am’ হয়। কিন্তু  “I is the ninth letter of alphabet.”
২৩) ‘Stewardesses’ ইংৰাজীৰ একমাত্ৰ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে মাথোঁ বাঁও হাতখন ব্যৱহাৰ হয়।
২৪) ‘dreamt’ একমাত্ৰ ইংৰাজী শব্দ, যাৰ শেষত mt আছে।
২৫) ইংৰাজীত তিনিটাই শব্দ আছে, যাৰ শেষত ceed হয় ‘proceed’, ‘exceed’, ‘succeed’৷
২৬) ‘Lollipop’ আটাইতকৈ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে অকল সোঁ হাতখন ব্যৱহাৰ কৰা হয়।
২৭) ‘almost’ একমাত্র দীঘলীয়া শব্দ, যাৰ বৰ্ণকেইটা ক্ৰমানুসাৰে আছে।
২৮) ইংৰাজীত মাথোঁ চাৰিটা শব্দই আছে, যাৰ শেষত dous ব্যৱহাৰ হয় — ‘tremendous’, ‘horrendous’, ‘stupendous’,
‘hazardous’৷ 
২৯) ‘Screeched’ হ'ল এটা syllable থকা আটাইতকৈ দীঘলীয়া শব্দ।
৩০) ‘underground’ এনে এটা শব্দ, যাৰ আৰম্ভণি আৰু সমাপ্তিত und থাকে। 
৩১) আপুনি জানেনে যে ‘set’ শব্দটোৰ আটাইতকৈ বেছি সংখ্যক অৰ্থ আছে।
৩২) ‘therein’ এনে এটা শব্দ, যাক নসজোৱাকৈ‍ দহটা নতুন শব্দ পাব পাৰি ‘the’, ‘her’, ‘ere’, ‘rein’, ‘in’, ‘there’, ‘he’, ‘here’, ‘herein’, ‘therein’৷
৩৩) ‘Typewriter’ একমাত্ৰ দীঘলীয়া শব্দ, যাক কীব'ৰ্ডত টাইপ কৰোঁতে অকল কীব'ৰ্ডৰ ওপৰৰ শাৰীৰ key-সমূহ ব্যৱহাৰ হয়।
৩৪) ‘indivisibility’ একমাত্ৰ দীঘলীয়া শব্দ, য'ত এটাই মাত্ৰ vowel ৬ বাৰ ব্যৱহাৰ হৈছে।
৩৫) ‘bookkeeper’ এনে এটা শব্দ, য'ত তিনিজোৰ শব্দ একেলগে ব্যৱহাৰ হৈছে oo, kk আৰু ee৷
৩৬) ‘Understudy’ এনে এটা শব্দ, য'ত চাৰিটা ক্ৰমিক বৰ্ণ rstu একেলগে আছে।
...................................
গৌতম দত্ত

কালি, কালিলৈ, অহাকালি, যোৱাকালি‍

কালি, কালিলৈ, অহাকালি, যোৱাকালি‍


কেইমাহমানৰ পূৰ্ব‍ে ‘Facebook Teacher Desk’ গোটত এটা প'ষ্ট দিছিল জয়ন্ত কুমাৰ খাখলাৰী ছাৰে৷ প'ষ্টটোত তেখেতে গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছিল৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ অষ্টম শ্ৰেণীৰ প্ৰশ্নকাকত (Set -A) ৰ ভাষা -১ত থকা ১০ নং প্ৰশ্নটো আছিল এনে ধৰণৰ—
Q.No.10. তলৰ কোনটো বাক্য শুদ্ধ?

(A) সি কাইলৈ গুৱাহাটীলৈ যাব৷

(B) সি কালি গুৱাহাটীলৈ যাব৷ 

(C) সি অহাকালি গুৱাহাটীলৈ যাব৷ 

(D) সি কালিলৈ গুৱাহাটীলৈ যাব৷
কোনটো শুদ্ধ এতিয়া, ছাৰৰ প্ৰশ্নটো আছিল সেইটো৷ বিকল্প B-টো শুদ্ধ নহয়, কিয়নো কালি (yesterday) গুৱাহাটীলৈ যাব বুলি কৈছে৷ ঠিক তেনেদৰে বিকল্প C-টোও শুদ্ধ নহয়, কিয়নো 'অহাকালি' শব্দটো ব্যৱহাৰ কৰা হৈছে৷ 'অহাকালি' আৰু 'যোৱাকালি' শব্দ দুটা অসমৰ কিছুমান অঞ্চলত কথিত ৰূপত ব্যৱহাৰ হয়৷ কিন্তু মান্য ৰূপত আৰু লিখিত ৰূপত সেই দুটা শব্দ ভুল বুলি ধৰা হয়৷ মান্য ৰূপত কালি কালিয়েই৷ অহা কালি (next yesterday) আৰু যোৱা কালি (last yesterday) হিচাপে ব্যৱহাৰ কৰা নহয়৷ মন কৰিব যে মই মান্য ৰূপটোৰ কথাহে কৈ আছোঁ৷ কোনেও ভুলভাৱে নলয়যেন৷

প্ৰশ্নটোত আমি দুটা শুদ্ধ উত্তৰ পাওঁ৷ সেই দুটা হ'ল — বিকল্প A আৰু D৷ বিভিন্নজনে মন্তব্য দিছিল তেখেতৰ প'ষ্টত৷ কাৰোবাৰ মতে কেৱল A শুদ্ধ, কাৰোবাৰ মতে কেৱল D-হে শুদ্ধ আৰু কাৰোবাৰ মতে A আৰু D দুয়োটাই শুদ্ধ৷ প্ৰকৃততে A আৰু D দুয়োটাই শুদ্ধ হ'ব, যদিহে আমি আমাৰ অভিধানসমূহ মানি চলোঁ৷
A-ত লিখিছে "সি কাইলৈ গুৱাহাটীলৈ যাব" আৰু D-ত লিখিছে "সি কালিলৈ গুৱাহাটীলৈ যাব"৷ মাত্ৰ 'কাইলৈ' আৰু 'কালিলৈ' শব্দ দুটাতহে পাৰ্থক্য আছে বাক্য দুটাত, যিকেইটাৰ অৰ্থ একেই; সেইটো হ'ল— ‘tomorrow’৷
বিষয়টো যাতে স্পষ্ট হয়, তাৰ বাবে অসমীয়া ভাষাৰ আগশাৰীৰ অভিধানকেইখনমানৰ পৰা প্ৰসংগ তুলি ধৰিব খুজিছোঁ৷
ক) হেমকোষ, পঞ্চদশ সংস্কৰণৰ পৰা—
কাইলৈ : কালিলৈ, অহা দিনলৈ, আগত দিনলৈ, tomorrow ৷ (পৃষ্ঠা নং - ২৯৩)
কালিলৈ, কাইলৈ: আজিৰ পিচৰ দিনটো, আজিৰ দিনটো শেষ হৈ আৰম্ভ হ'বলগীয়া পৰৱৰ্তী দিনটো, tomorrow, the day after today ( পৃষ্ঠা নং— ৩১৬)
খ) চন্দ্ৰকান্ত অভিধান, তৃতীয় সংস্কৰণৰ পৰা—
কাইলৈ: কালিলৈ; অহা আগত দিনলৈ; tomorrow (পৃষ্ঠা নং ১৯৪)
গ ) শৰাইঘাট অভিধান, চতুৰ্থ সংস্কৰণৰ পৰা—
কাইলৈ: কালিলৈ; আজিৰ পিছদিনা ৷ tomorrow ( পৃষ্ঠা নং—১৫৩)
কালিলৈ: আজিৰ পাছৰ দিনটো; কাইলৈ ৷ tomorrow ( পৃষ্ঠা নং—১৭১)
কালি: ৪) হৈ যোৱা দিনটো ৷ yesterday (পৃষ্ঠা নং—১৫২)
ঘ) আধুনিক অসমীয়া শব্দকোষ, (সুমন্ত চলিহা) দ্বিতীয় তাঙৰণৰ পৰা—
কাইলৈ: কালিলৈ; আজিৰ পিচদিনা [ tomorrow] (পৃষ্ঠা নং— ৯৩)
ঙ) অসমীয়া অভিধান, গিৰিধৰ শৰ্মা, তৃতীয় সংস্কৰণৰ পৰা —
কাইলৈ: কালিলৈ, tomorrow (পৃষ্ঠা নং—১৮৭)
উক্ত আটাইকেইখন অভিধানতে আমি দেখিলোঁ যে ‘কাইলৈ’ আৰু ‘কালিলৈ’ দুয়োটা সমাৰ্থক৷
‘অংকুৰণ’-কেইখনৰ প্ৰথমভাগতে থকা 'শিক্ষকে মন কৰিবলগীয়া কথা'-ত আমি পাওঁ যে পাঠ্যপুথিসমূহ প্ৰস্তুত কৰোঁতে আখৰ-জোঁটনি আৰু শব্দাৰ্থৰ ক্ষেত্ৰত বিশেষকৈ 'হেমকোষ' আৰু 'চন্দ্ৰকান্ত অভিধান'-কে আধাৰ স্বৰূপে লোৱা হৈছে৷ প্ৰয়োজন সাপেক্ষে এই দুখন অভিধান ব্যৱহাৰ কৰিবলৈ পৰামৰ্শও দিয়া হৈছে৷ বাকীবোৰ অভিধানৰ কথা বাদ দিছোঁ ৷ পাঠ্যপুথিৰ আধাৰ স্বৰূপ এই দুখন অভিধানতো দেখা গ'ল— কাইলৈ = কালিলৈ৷ অৰ্থাৎ প্ৰশ্নটোত থকা বিকল্প A = বিকল্প D৷ দুয়োটা বিকল্পই সম্পূৰ্ণ শুদ্ধ৷
বহুবিকল্পী প্ৰশ্ন (MCQ)-ত এটাহে মাথোঁ শুদ্ধ উত্তৰ দিব পাৰে৷ দুটা বা অধিক শুদ্ধ উত্তৰ দিয়াটো ভুল৷ গতিকে এইক্ষেত্ৰত প্ৰশ্নকাকত প্ৰস্তুতকৰোঁতাৰেই ভুল বুলি ভাবিব পাৰি৷

উক্ত কথাখিনিৰে গোটত এটি প’ষ্ট দিওঁতে এজনে যুক্তি দৰ্শাইছিল যে ‘কালি‍’ হ’ল কাল আৰু ‘লৈ’ হ’ল বিভক্তি৷ এজনে ক’লে যে ‘কালি‍’ যদি পাৰ হৈ যোৱা দিনটো হয়, তেন্তে ‘কালিলৈ‍’ শব্দটো এটা ভুল শব্দ৷ এই বিষয়টো স্পষ্ট কৰিবৰ বাবে অলপ কথা সংযোগ কৰিব খুজিছোঁ— শব্দ এটাৰ শেষৰ অংশত ‘লৈ‍’ থকা মানেই সকলো ক্ষেত্ৰতে ‘লৈ‍’-টো বিভক্তি নহয়৷ শেষত ‘লৈ‍’ থকা দুটামান শব্দলৈ মন কৰিলেই কথাষাৰ স্পষ্ট  হ’ব— খালৈ, বিলৈ, হালৈ, হিলৈ, দলৈ৷ এইকেইটাত শব্দৰ শেষত ‘লৈ‍’ আছে যদিও ইয়াত ‘লৈ‍’ অংশটো বিভক্তি হিচাপে ব্যৱহাৰ হোৱা নাই৷ খালৈ, বিলৈ, হালৈ, হিলৈ আৰু দলৈ একো একোটা স্বতন্ত্ৰ শব্দ৷ ঠিক তেনেকৈ ‘কালিলৈ‍’ শব্দটোও এটা স্বতন্ত্ৰ শব্দ৷ সেইবাবে এই প্ৰসংগত বিভক্তিৰ কথাটো নাহে আৰু সেই বাবেই ‘কালি’ আৰু ‘কালিলৈ’ — এই দুয়োটা শব্দই শুদ্ধ আৰু এটা আনটোৰ সমাৰ্থক হিচাপেই ব্যৱহৃত৷  মান্য ৰূপত 'অহাকালি' আৰু 'যোৱাকালি' শব্দ দুটাহে ভুল৷

— দেৱভূষণ

যোগাসন - এক ক্ষুদ্ৰ আলোকপাত

যোগাসন - এক ক্ষুদ্ৰ আলোকপাত


এক আধ্যাত্মিক অনুশাসন - যোগাসন। ই মানুহৰ স্বাস্থ্যৰ কলা আৰু বিজ্ঞান।
জীৱনৰ সকলো দিশৰ উন্নতিৰ বাবে যোগাভ্যাস ভাৰতীয় সংস্কৃতিৰ এক প্ৰাচীন পদ্ধতি। প্ৰকৃততে, যোগ ৰোগৰ পৰা আৰোগ্য লাভৰ বাবে কৰা কিছুমান আসন বা প্ৰাণায়ামেই নহয়, তাতকৈ গভীৰ, অৰ্থৱহ, জীৱনৰ উৎকৰ্ষ সাধনৰ এক প্ৰাচীনতম ব্যৱস্থা।
পুৰণি‍ কালত ঋষি-মুনিসকলে নিজকে নিৰোগী আৰু কাৰ্যক্ষম কৰি ৰখাৰ প্ৰয়োজনত যি আসনৰ পৰামৰ্শ দিছিল, সেই আসনেই হল যোগাসন।
যোগাসন বা যৌগিক ব্যায়ামে মানৱ শৰীৰৰ স্নায়ুসমূহ তথা দেহৰ অভ্যন্তৰৰ যন্ত্ৰসমূহ বিশেষভাৱে পুষ্ট, সবল আৰু কাৰ্যক্ষম কৰি ৰাখিব পাৰে।
যোগাভ্যাস কেইবাটাও ভাগত বিভক্ত। কিছুমান মনোবিজ্ঞান সম্বন্ধীয়, যেনে - যম, নিয়ম আৰু প্ৰাণায়াম। কিছুমান মন আৰু আত্মা সম্বন্ধীয়, যেনে - প্ৰত্যাহাৰ, ধাৰণা। কিছুমান আধ্যাত্মিক, যেনে - ধ্যান, সমাধি। কিছুমান সম্পূৰ্ণৰূপে দৈহিক, অঙ্গ সঞ্চলন প্ৰক্ৰিয়াৰ, যেনে - আসন, মুদ্ৰা ।
প্ৰধানকৈ যোগাসনক দুটা ভাগত বিভক্ত কৰা হৈছে। এটা হ'ল - ৰাজযোগ আৰু আনটো হ'ল - হঠযোগ। 
ৰাজযোগ আধ্যাত্মিক বিকাশ, পৰমাৰ্থিক লাভৰ প্ৰক্ৰিয়াৰে জড়িত। হঠযোগৰ মাধ্যমেৰে দৈহিক অঙ্গ সঞ্চালন প্ৰক্ৰিয়াত মনোযোগ দিয়া হয় আৰু শৰীৰ সততে সুস্থকৈ ৰখাৰ চিন্তা কৰা হয়। হঠযোগৰ আসন আৰু মুদ্ৰাই ৰোগ নিবাৰণ আৰু আৰোগ্য লাভৰ ক্ষেত্ৰত উৎকৃষ্ট ফল প্ৰদৰ্শন কৰে।
যোগাসনৰ নিয়মবোৰ মানি চলিব লাগে। তাৰ বাবে বহুত সময়ৰ প্ৰয়োজন নহয়। স্বাস্থ্য ৰক্ষাৰ বাবে যোগাসন কৰিলে গৰমৰ দিনত ১৫ মিনিট আৰু ঠাণ্ডাৰ দিনত ২৫-৩০ মিনিটেই যথেষ্ট।
উপনিষদ আৰু বৌদ্ধ ধৰ্মৰ পালী ভাষাত লিখা ধৰ্মশাস্ত্ৰ কিছুমানত যোগৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায়। পতঞ্জলিৰ যোগসূত্ৰসমূহ খৃষ্টজন্মৰ প্ৰায় পাঁচশ বছৰৰ ভিতৰতে লিখা হৈছিল।
২০১৪ চনৰ ২৭ ছেপ্তেম্বৰত ৰাষ্ট্ৰ সংঘৰ ৬৯ তম অধিৱে‍শনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ বাবে সমগ্ৰ বিশ্বকে আহ্বান জনাইছিল। সেই বছৰৰে ১১ ডিচেম্বৰত ১৯৩ সদস্যৰে গঠিত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু ১৭৭ খন দেশৰ সহযোগিতাত ২১ জুনক আন্তঃৰষ্ট্ৰীয় যোগ দিৱস ৰূপে উদ্‌যাপনৰ সিদ্ধান্ত লোৱা হয়।
যি বাটেৰে আহিছোঁ, আমি এদিন সেই বাটেৰেই উভতি যাম। জীয়াই থকাৰ দিনকেইটা আমি পৰিপূৰ্ণভাৱে, সুখেৰে থাকিব খোজোঁ। এই পৰিপূৰ্ণভাৱে জীয়াই থকাৰ হেঁপাহত আমি বিভিন্ন কাৰ্য কৰোঁ।
আহক, যোগাসন গ্ৰহণ কৰোঁ জীৱনৰ বাবে।

( মেৰী চাংমাই
৭২১ নং পাগলাহাট বজাৰ জে. বি. স্কুল
( আগমণি শিক্ষাখণ্ড, ধুবুৰী)

চান্দা

চান্দা


সমাজৰ কোনো সামূহিক শুভ কাৰ্য সম্পাদনৰ অৰ্থে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰা হয় আৰু ইয়াকেই কোৱা হয় চান্দা । অৱশ্যে চান্দা আৰু দানৰ মাজত কিঞ্চিত পাৰ্থক্য নথকা নহয় । চান্দা কোনো এক আনুষ্ঠানৰ উদ্যোক্তাসকলে ৰাইজৰ মাজৰ পৰা সংগ্ৰহ কৰে । যি পৰিমাণৰ ধন দাতাগৰাকীয়ে আগবঢ়ায়, সেই পৰিমাণ চান্দা সংগ্ৰহকাৰীয়ে লিপিবদ্ধ কৰি ৰাখে আৰু দাতাগৰাকীকো ধন দানৰ প্ৰমাণস্বৰূপে এখন ৰছিদ  আগবঢ়ায়। কিন্তু দানৰ ক্ষেত্ৰত এনেদৰে তথ্য মজুত কৰা নহ'বও পাৰে। যেনে—  মন্দিৰ বা মছজিদ আদিৰ সন্মুখত থকা দানপাত্ৰত কোনে দান কৰে, তাৰ তথ্য ৰখা নহয় ।
বিভিন্ন সামাজিক কাম-কাজ সম্পাদনৰ বাবে ৰাইজৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰা হয়। মানুহে নিজৰ মনৰ সন্তুষ্টিৰে দান-বৰঙণি আগবঢ়ায় । কোনোৱে ঈশ্বৰৰ নামত, কোনোৱে দৰিদ্ৰ লোকক আৰু কোনো কোনোৱে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান, যেনে—  বিদ্যালয়, অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম বা বিভিন্ন সভা-সমিতি আদিলৈ বৰঙণি আগবঢ়াই মনত শান্তি অনুভৱ কৰে।
কিন্তু বৰ্তমান ই এচাম লোকৰ বাবে ক'লা ধন ঘটাৰ এক সহজ মাধ্যমতহে পৰিণত হৈছে । আজিৰ সমাজত এচাম শিক্ষিত নামধাৰী কুশিক্ষিত লোকে বিভিন্ন দল-সংগঠনৰ নামত ৰাইজৰ পৰা বৃহৎ
পৰিমাণৰ ধন দাবী কৰে আৰু ৰাইজে দিবলৈ অস্বীকাৰ কৰিলে বিভিন্ন ভাবুকি দিয়াও দেখা যায়।
কিছুমান সামাজিক কাৰ্য, যেনে—  বিহু, পূজা বা সভা-সমিতি আদিৰ বাবে উদ্যোক্তাসকলে ঘৰে ঘৰে গৈ ধন দাবী কৰাৰ উপৰি ৰাজপথত চলাচল কৰা বাহনৰ গৰাকীৰ পৰাও বলপূৰ্বকভাৱে ধন আদায় কৰা দেখা যায়। কিছুমান এনে উদ্যোক্তাও আছে, যি দাতাৰ সামৰ্থ্যৰ প্ৰতি লক্ষ্য নকৰাকৈয়ে এনে এটা পৰিমাণ দাবী কৰে, যিটো দান কৰাটো দাতাজনৰ পক্ষে একেবাৰে অসম্ভৱ।
উৎসৱ পালন আৰু সংগঠনৰ নামত একাংশ লোকে বিভিন্ন সময়ত সাধাৰণ ৰাইজৰ সময় আৰু অৰ্থৰ ক্ষতি কৰা পৰিলক্ষিত হৈ আহিছে ।
চান্দা সংগ্ৰহ কৰা লোকৰ ভাব-ভাষা মাৰ্জিত হোৱা উচিত । যি পৰিমাণৰ ধন দাতাই স্বইচ্ছাৰে আগবঢ়ায়, চান্দা সংগ্ৰহকাৰীসকল তাতে সন্তুষ্ট হোৱা উচিত । কোনো লোকৰ ইচ্ছাৰ বিৰুদ্ধে আৰু সামৰ্থ্যতকৈ অধিক পৰিমাণৰ ধন দাবী কৰিলে ই চান্দা নহৈ দিন ডকাইতিতহে পৰিণত হয়। এনে ধৰণৰ ডকাইতিয়ে কোনো কোনো অঞ্চলৰ সাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে । এনেদৰে ডাবী-ধমকী বা ভাবুকি দি সংগ্ৰহ কৰা ধনৰ সিংহভাগেই উদ্যোক্তাসকলৰ পকেট গৰম কৰে। কিছু অংশহে সামাজিক অনুষ্ঠানত ব্যৱহাৰ হয়।
সাধাৰণতে দেখা যায় যে মানুহে কষ্টোপাৰ্জিত ধন অবাবত খৰচ কৰিবলৈ টান পায়। কিন্তু এনেদৰে ঘটা ক'লা ধন অপব্যয় কৰাত অলপো কৃপণালি নকৰে । কাৰণ এই ধনত তেওঁলোকৰ কষ্ট জড়িত হৈ নাথাকে । সেয়ে এই ধৰণৰ লোকসকলে ৰাইজৰ কষ্টোপাৰ্জিত ধনৰ শৰাধ কৰি মদ খোৱা, ভাং খোৱা, জুৱা খেলা আদি কুকৰ্মত অপচয় কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে, যাৰ ফলত সমাজত দিনকদিনে অপকৰ্মৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। যেনে—  নাৰী নিৰ্যাতন, ধৰ্ষণ আদিৰ কথা এইখিনিতে উল্লেখ কৰিব পৰা যায়। সাধাৰণতে নিচাযুক্ত বস্তু সেৱন কৰাৰ পাছত মানুহৰ মগজু বিকল হৈ পৰে। তেওঁলোকে কি কৰি আছে নিজেই গম নাপায়। গতিকে যি অপকৰ্ম তেওঁলোকে সজ্ঞানে নকৰিলেহেঁতেন, তেনে অপকৰ্ম নিচা সেৱন কৰাৰ পাছত কেতিয়া কৰি পেলায়, তেওঁলোকে নিজেই গম নাপায়।
সাধাৰণ জনতাই এনে ধৰণৰ লোকসকলৰ পৰা হ'ব পৰা সম্ভাৱ্য বিপদৰ ভয়ত সামৰ্থ্যতকৈ অধিক পৰিমাণৰ ধন আদায় দিবলৈ বাধ্য হৈ পৰে। ইয়ে সেইচাম লোকৰ লোভ-লালসা বৃদ্ধি কৰাত অৰিহণা যোগাইছে । তেওঁলোকে নিজকে ক্ষমতাশালী বুলি ভাবিবলৈ লৈছে।
বৰ্তমান তেওঁলোকৰ এই ভুল ভঙাৰ সময় আহি পৰিছে। ৰাইজে সাহসেৰে এনেবোৰ অপসংস্কৃতিৰ বিৰুদ্ধে থিয় নিদিলে সহজ-সৰল লোক এই কুকৰ্মবোৰৰ বলি হৈয়ে থাকিব লাগিব । গতিকে আমি এইচাম লোকৰ ভাবুকিক প্ৰশ্ৰয় নিদি সাহসেৰে আৰু বুদ্ধিৰে মোকাবিলা কৰা উচিত আৰু প্ৰশাসনেও এই বলপূৰ্বকভাৱে চান্দা তোলা কাৰ্যটো বন্ধ কৰি দিয়া উচিত। এনেদৰে আমি এই অপসংস্কৃতিবোৰ ৰোধ কৰিব পাৰিলে আওপকীয়াকৈ সমাজত ঘটি থকা আন কুকৰ্মবোৰক ৰোধ কৰাতো কিছু পৰিমাণে অৰিহণা যোগাবলৈ সক্ষম হ'ম।

বাব্‌লি‍ দেৱী, দৰং

আপোনাৰ সন্তানটি দুষ্ট নেকি?

আপোনাৰ সন্তানটি দুষ্ট নেকি?


"মোৰ ল'ৰাটো যে ইমান দুষ্ট হৈ উঠিছে, এখন্তেকো শান্তিৰে থাকিবলৈ নিদিয়ে"—তিনি বছৰীয়া অৰ্ণৱৰ মাতৃৰ ভাষ্য এয়া ৷ "নক'ব আৰু বুজিছে!  মোৰ ছোৱালীজনীও  কম উৎপতীয়া হৈ উঠা নাই!  ডাঙৰ হ'লে কি যে হ'ব তাই, ভাবিলে চিন্তাই হয়৷"—  কণমানি নীহাৰিকাজনীৰ মাকৰো একেই কথা৷

  উক্ত মাতৃ দুগৰাকীৰ ভাষ্যখিনি মাথোঁ তেওঁলোকৰে নহয়, তিনিৰ পৰা দহ বছৰ বয়সৰ শিশুৰ প্ৰতিগৰাকী মাক-দেউতাকৰে নিজ সন্তানটিৰ প্ৰতি অভিযোগ এয়া ৷ তিনিৰ পৰা আঠ-ন বছৰীয়া সন্তানটিৰ উৎপাতত গোটেই ঘৰখনেই ৰজনজনাই থাকে৷ সন্তানটিক কাষৰীয়া লোকৰ ঘৰলৈ ফুৰাবলৈ লৈ যাব নোৱাৰি, যিহে উৎপাত!  শেষত গৈ পিতৃ-মাতৃয়েহে লাজ পাবলগীয়া হয় ৷ এয়া প্ৰতিগৰাকী সন্তানৰ অভিভাৱকৰেই তিক্ত অভিজ্ঞতা৷  অৱশ্যে ল'ৰা শিশুতকৈ ছোৱালী শিশুৰ উৎপাত যথেষ্ট কম হোৱা দেখা যায় ৷
     সন্তানৰ উৎপাত বা দুষ্টালিবোৰত অতিষ্ঠ হৈ পিতৃ-মাতৃয়ে সন্তানক প্ৰায়ে মাৰ-ধৰ কৰা দেখা যায়৷ কিন্তু সন্তানটিক মাৰ-ধৰ কৰাটো মুঠেও উপযুক্ত নহয়৷ মনোবৈজ্ঞানিক দিশৰ পৰাও এনে কৰাটো অনুচিত৷ সৰু সৰু ল'ৰা-ছোৱালীয়ে উৎপাত কৰিবই, এয়া সিহঁতৰ শিশুকালৰ অন্যতম বৈশিষ্ট্য৷ সেয়ে উৎপাত কৰিলেও শিশুক মাৰ-ধৰ কৰাটো উচিত নহয়৷ বৰঞ্চ ক'ব পাৰি যে উৎপাত নকৰি শান্ত-শিষ্ট হৈ বহি থকা ল'ৰাজন বা ছোৱালীজনী 'ভাল শিশু' হোৱাৰ বিপৰীতে বয়স অনুযায়ী অপৰিপক্ক বা অসুস্থ ৷ এগৰাকী সুস্থ শিশুৱে উৎপাত বা দুষ্টালি কৰাটো নিতান্তই স্বাভাৱিক৷ মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে শিশুৱে উৎপাত কৰাটো প্ৰয়োজনীয় ৷ সেয়ে বেছিকৈ দুষ্টালি কৰিলেও শিশুটিক মাৰ-ধৰ কৰিব  নালগে ৷ তাতকৈ শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে তলৰ কথাকেইটা পিতৃ-মাতৃয়ে অনুসৰণ কৰাটো দৰকাৰ—

১)  শিশুটিক কেতিয়াও মাৰ-ধৰ কৰিব নালাগে ৷ এনে কৰিলে শিশুটি অবাধ্য আৰু বিদ্ৰোহী হৈ উঠিব পাৰে ৷ শিশুটিৰ উৎপাতত অতিষ্ঠ হ'লেও ধৈৰ্য ধৰি মৰমেৰে তাক /তাইক শাসন কৰিবলৈ চেষ্টা কৰিব লাগে ৷

২)  বিভিন্ন সাধুকথা বা খেল-ধেমালিৰ মাধ্যমেৰে শিশুক বিভিন্ন শিক্ষামূলক জ্ঞান দিব লাগে ৷

৩)  শিশুটিয়ে যাতে উপযুক্ত শিক্ষা পাব পাৰে, তাৰ বাবে ঘৰুৱা পৰিৱেশ উন্নত কৰি তোলা উচিত৷ কাৰণ এইখিনি বয়সত ঘৰখনেই শিশুটিৰ বাবে একমাত্ৰ আৰু উত্তম শিক্ষাৰ স্থলী৷

৪)  এইটো সদায় মন কৰিব লাগে, যাতে শিশুটিয়ে কিবা কথা শিকাৰ আগত জোৰা-টাপলি মৰা কথা বা ভুলকৈ কিবা কথা নিশিকে৷ কাৰণ আজি সি যি কথা শিকিব,  কাইলৈৰ বাবেও সেইটোৱেই শুদ্ধ বুলি ভাবি থাকিব৷ সেয়ে শিশুটিক সদায় শুদ্ধ কথাৰ জ্ঞান দিয়াহে উচিত৷

৫)  শিশুক কিবা এটা কাম কৰাৰ বিনিময়ত আন এটা বস্তু দিয়া প্ৰথাটো কেতিয়াও অৱলম্বন কৰিব নালাগে ৷ যেনে—  " ক-ফলাখন লিখিব বা পঢ়িব পাৰিলে চক'লেট এপেকেট দিম৷ এনে জাতীয় বাক্য কেতিয়াও ক'ব নালাগে৷ কাৰণ এয়া শিশুৰ অভ্যাস হৈ যাব৷ পাছলৈ সি বস্তু পোৱাৰ আশাতহে কিবা কাম কৰিবলৈ আগ্ৰহী হ'ব আৰু বস্তু নাপালেই কামটো কৰাৰ পৰা বিৰত থাকিব৷ সন্তানটিৰ  উৎপাতবোৰৰ বাবে চিন্তিত বা অতিষ্ঠ নহৈ শিশুটিৰ বিকাশৰ বাবেহে চকু দিব লাগে ৷ শিশুটিক বৰ দুষ্ট আৰু ডাঙৰ হ'লেও এই দুষ্টালিবোৰ থাকি যাব বুলি ভবা কথাও অমূলক৷ বয়স বঢ়াৰ লগে লগেই শিশুৰ দুষ্টালিবোৰো ক্ৰমাৎ নাইকিয়া হৈ আহিব ৷


—  গীতিকা শৰ্মা 
অসমীয়া শিশু-সাহিত্য আৰু ইয়াৰ ভূমিকা

অসমীয়া শিশু-সাহিত্য আৰু ইয়াৰ ভূমিকা


শিশুৰ মানসিক, বৌদ্ধিক, শাৰীৰিক, চাৰিত্ৰিক আদি বিকাশত শিশু-সাহিত্যৰ ভূমিকা অসীম। শিশুৰ চৰিত্ৰ, বয়স, ভাষা,
বোধ-ক্ষমতা ইত্যাদি  মনস্তাত্ত্বিক দিশলৈ লক্ষ্য কৰি ৰচনা কৰা এই সাহিত্যই শিশুৰ জীৱনত উল্লেখনীয় প্ৰভাৱ পেলায়। লিপি শিক্ষাৰ প্ৰাথমিক স্তৰৰ পৰা পূৰ্ণ পাঠ পঠনৰ ক্ষমতা অৰ্জন কৰালৈ শিশু-সাহিত্যই কেইবাটাও স্তৰ অতিবাহিত কৰিলেও শিশুৰ বোধ শক্তিৰ প্ৰতিও বিশেষ নজৰ দিবলগীয়া হোৱা গুণেই শিশু-সাহিত্য ৰচনা অতি কঠিন। তাৰ উপৰি বিষয়বস্তু নিৰ্বাচনো এই ক্ষেত্ৰত এক গুৰুত্ব দিবলগীয়া বিষয়। এই সমস্ত দিশেৰে চাবলৈ গ'লে পৃথিৱীৰ অন্যান্য দেশতকৈ ভাৰতীয় শিশু-সাহিত্য বিশেষ আগবঢ়া নহয়। বিশেষকৈ ইংৰাজী শিশু-সাহিত্যবোৰত প্ৰাপ্য বহুৰঙী চিত্ৰ, উন্নত কাগজ, ছপাৰ কৌশল আৰু আৰ্হি, বিষয়বস্তু নিৰ্বাচন,যেনে— জন্তু-মানুহৰ একত্ৰীকৰণ, শিশুৰ খেলৰ সামগ্ৰীকে মানৱ-চৰিত্ৰলৈ ৰূপান্তৰ আদি ক্ৰিয়াকলাপে শিশুসকলক অতি আকৰ্ষিত কৰে। সেয়ে বিদেশী   শিশু-সাহিত্যৰ আদৰ ভাৰতত বেছি। সম্প্ৰতি বিভিন্ন বৈদ্যুতিন মাধ্যমে বিদেশী শিশু-সাহিত্য আৰু অন্যান্য শিশুমন বিকাশক উপাদানসমূহৰ প্ৰচলনে ভাৰতত জনপ্ৰিয়তা লাভ কৰিছে।
    উক্ত দৃষ্টিভংগীৰে অসমীয়া শিশু-সাহিত্যৰ স্থান বহু পিছপৰা বুলিয়েই ক'ব লাগিব। তথাপি শিশু মনস্তত্ত্বৰ প্ৰতি লক্ষ্য ৰাখি ভালেমান লেখকে এই সাহিত্যৰ ৰচনাত মনোনিৱেশ কৰিছে। শিশুৰ মনোৰঞ্জনৰ মূল আহিলা ৰং-বিৰঙৰ ছবি, শব্দ-ধ্বনি, শব্দ-যোজনা, ছন্দ-লয়যুক্ত বৰ্ণনা আদিৰে ৰচনা কৰা পুথি সম্প্ৰতি কিছুসংখ্যক ওলাইছে যদিও অভাৱ দূৰ কৰিব পৰা নাই। পুথিবোৰৰ অধিকাংশই প্ৰতিষ্ঠিত পৌৰাণিক কাহিনী ভিত্তিক। যিখিনি লেখকৰ নিজা সৃষ্টি, সেইবোৰো বেছিভাগেই দীৰ্ঘ বৰ্ণনাযুক্ত, যি শিশুৰ মনোগ্ৰাহী নহয়। শিশুৰ মানসিক আৰু চাৰিত্ৰিক বৈশিষ্ট্যলৈ লক্ষ্য কৰি বৰ্ণনা  সহজ আৰু সংক্ষেপ হোৱা প্ৰয়োজন।
     স্বাধীনোত্তৰ কালছোৱাত অসমীয়া শিশু-সাহিত্য ৰচনাকাৰীসকলৰ ভিতৰত প্ৰথমেই নাম ল'ব লাগিব অতুল চন্দ্ৰ হাজৰিকাদেৱৰ। তেখেতৰ জাতকৰ সাধু, কথা-কীৰ্তন, গ্ৰিমৰ সাধু, নীলা চৰাই আদি উল্লেখনীয় শিশু-পুথি। ইয়াৰ পিছতে বেণুধৰ শৰ্মা, বাণীকান্ত কাকতি, প্ৰসন্ন কুমাৰ ডেকা, নৱকান্ত বৰুৱা, মুক্তিনাথ বৰদলৈ, হাৰুনাৰ ৰছিদ, নিৰ্মলপ্ৰভা বৰদলৈ, নাৰায়ণ দত্ত বৰুৱা, অনন্তদেৱ শৰ্মা, কৃষ্ণকান্ত ভট্টাচাৰ্য্য, ভাৰতী দত্ত বৰুৱা, ধৰ্মেশ্বৰী কটকী, যতীন গোস্বামী, মুনীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, গগন চন্দ্ৰ অধিকাৰী, সুৰেন্দ্ৰ কুমাৰ দাস, সুৰেন গোস্বামী, এলি আহমেদ প্ৰমুখ্যে ভালেমান সাহিত্যিকে শিশু-সাহিত্যলৈ অৱদান যোগাইছে।
   এইবোৰৰ বহিৰেও চেগা-চোৰোকাকৈ সম্প্ৰতি বহুতো লেখকে বিভিন্ন আলোচনী আৰু কাকতত শিশুৰ বাবে ৰচনা আগবঢ়াই আছে। বেছিভাগ ৰচনাতে শিশুৰ মনস্তাত্ত্বিক দিশত থাকিবলগীয়া দৃষ্টি কম যেন বোধ হয়। তাৰ উপৰি প্ৰায়ে ৰচনাবোৰত থকা বৰ্ণাশুদ্ধি, ভাষা বিভ্ৰান্তি আদিয়ে শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলোৱাৰো আশংকা কৰা যায়।
ৰঙীন আকৰ্ষণীয় চিত্ৰ, উন্নত মানৰ কাগজ, আকৰ্ষণীয় বেটুপাত আৰু মজবুত বন্ধা, আকৰ্ষণীয় ছপা আখৰ আদিৰ অভাৱেও অসমীয়া শিশু-সাহিত্যৰ মান নিম্নগামী কৰা দেখা যায়।
   শিশু-সাহিত্যৰ সীমাত শিশু-আলোচনীৰ গুৰুত্বও কম নহয়। কিন্তু এই ক্ষেত্ৰতো অসমীয়া শিশু-আলোচনীৰ অৱদান দুখলগা বিধৰ । ১৮৮৬ চনৰ পৰা ১৮৮৮ চনৰ ভিতৰত মাথোঁ‌ দুখন এনে আলোচনীয়েহে ভুমুকি মাৰে; সেই দুখন হ'ল 'মৌ' আৰু 'ল'ৰাবন্ধু'। ইয়াৰ পাছত বহু ব্যৱধানত ওলায়— 'অকণ' (১৯১৬), 'মইনা' (১৯১৬), 'অৰুণ' (১৯২৬), 'আমাৰ দেশ' (১৯৩১), 'পখিলা' (১৯৩১), 'ন-জোন' (১৯৩৪), 'অকণ' (১৯৩৫), 'পাৰিজাত' (১৯৪১), 'ৰংঘৰ' (১৯৪৮), 'দীপক' (১৯৫৫), 'জোনবাই' (১৯৬৮), 'ৰ'দালি' (১৯৭০), 'মৌচাক' (১৯৭৫) আৰু 'সঁ‌ফুৰা' (১৯৮১) ইত্যদি।
  বিদেশী বৈদ্যুতিন মাধ্যমসমূহে শিশুৰ শাৰিৰীক, মানসিক, বৌদ্ধিক আদি দিশত নানা কাৰ্য্যক্ৰমণিকাৰে গুৰুত্ব দি আহিছে যদিও অসমৰ বৈদ্যুতিন মাধ্যম, বিশেষকৈ দৃশ্য-শ্ৰব্য মাধ্যমসমূহৰ অৱদান শূন্য বুলিব লাগিব। অসমৰ কোনো এটা টিভি চেনেলে শিশুৰ শৈক্ষিক, বৌদ্ধিক, চৰিত্ৰ গঠনত গুৰুত্ব দি কোনো কাৰ্যসূচী গ্ৰহণ কৰা চকুত পৰা নাই।
   এই সমস্ত দিশে প্ৰতিপন্ন কৰে যে অসমত শিশুৰ উন্নয়নৰ বাবে প্ৰায় সকলো দিশতে অৱহেলা কৰা হৈছে। শিশুসকল দেশৰ ভৱিষ্যৎ আৰু সেয়ে তেওঁ‌লোকৰ শাৰীৰিক, মানসিক, নৈতিক আদি সমস্ত দিশৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ।

সুৰেন গোস্বামী, অৱসৰপ্ৰাপ্ত শিক্ষক।
ঢকুৱাখনাবাসীৰ প্ৰাণৰ উৎসৱ ফাটবিহু

ঢকুৱাখনাবাসীৰ প্ৰাণৰ উৎসৱ ফাটবিহু


          ফাটবিহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অবিভক্ত লক্ষিমপুৰ জিলাৰ ঢকুৱাখনাত উদ্‌যাপিত বিহু উৎসৱৰ আঞ্চলিক নাম। ঢকুৱাখনা তাহানিৰ বুৰঞ্জী প্ৰসিদ্ধ হাবুং ৰাজ্যৰ ভিতৰুৱা এক ঠাই। এই ঢকুৱাখনাৰ কাষেদি হৈ যোৱা চাৰিকঢ়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত আনুমানিক ষোল্ল শতিকাৰ পৰাই ফাট বিহু অনুষ্ঠিত হৈ আহিছে। আহোম ৰাজত্বকালত স্বৰ্গদেউসকলে নৈৰ পাৰৰ এডোখৰ ঠাইত বেহা-বেপাৰ কৰিবলৈ সুবিধা কৰি দি ফাট বহুৱাইছিল। উত্তৰ অসমৰ ঢকুৱাখনাতো এনে ঘাট বা ফাট বহুৱাইছিল আৰু কৰ-কাটল লোৱা হৈছিল। সেয়ে এই ঠাইডোখৰত স্বাভাৱিকতে বিভিন্ন ঠাইৰ মানুহ আহি সমৱেত হৈছিল। চাৰিকঢ়ীয়া নৈৰ পানীফাট বা ঘাটতেই পূৰ্বতে ব’হাগৰ সাতবিহু যোৱাৰ পাছত কেইবাটাও জনগোষ্ঠীৰ লোক একেলগ হৈ বিহু মাৰিছিল। ফাটত অনুষ্ঠিত হোৱা বাবে এই বিহুক ‘ফাটবিহু’ বোলা হয়। বৰ্তমান ব’হাগ মাহৰ শেষৰ দেওবাৰে পৰাকৈ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘ফাটবিহু’ উদ্‌যাপিত হয়। পূৰ্বতে উজনি অসম আৰু উত্তৰ অসমৰ মানুহৰ মাজতে কিছু পৰিমাণে‍ সমাদৃত আছিল যদিও বৰ্তমান সমগ্ৰ অসম তথা ভাৰতৰ আন আন প্ৰান্তৰ লোক আহি ঢকুৱাখনাৰ ফাটবিহু তলীত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখা যায়।
          ‘ফাট’ শব্দটো তাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ’ল– নৈ বা গভীৰ পানী থকা ঠাইৰ দাঁতিত বেহা-বেপাৰ, কৰ-কাটল সংগ্ৰহ আদিৰ বাবে সমৱে‍ত হোৱা ঠাই। ‘Ahom Lexicons’-ৰ মতে ফাট মানে – “a place where traders as semble for trade and for payment of duty”; আনহাতে, হেমকোষ অভিধানৰ মতে– ‘ফাট’ মানে নাৱেৰে বা বামেৰে বেহা কৰা বে‍পাৰী একত্ৰ হোৱা আৰু ৰাজহ দিয়া ঠাই। ড০ চন্দ্ৰধৰ চমুৱাই ফাটবিহু সম্পৰ্কীয় এখন আলেখ্যত প্ৰকাশ কৰি ফাটবিহুৰ সম্পৰ্কত কৈছে- “লুইতপৰীয়া মিচিং ডেকা গাভৰুসকলে ৰং বিৰংৰ পোছাকেৰে ফাটবিহুলৈ ভাহি-ভুঁহৰি আহিছিল বুলি প্ৰকাশ কৰি কৈছে যে, দিনৰ ভাগত বাটৰ কাষত কিম্বা বৰচাপৰি- ম’হঘুলি চাপৰিৰ গছৰ তলত এই বিহু কৰিছিল। পশ্চিমীয়া বিশেষকৈ বংগীয় সংস্কৃতিৰ প্ৰভাৱ, আদ্যৱন্ত বা সম্ভান্ত পৰিয়ালৰ জ্যেষ্ঠ লোকে বিহু নৃত্য গীতক অৱস্থাৰ চকুৰে চাইছিল। সেয়েহে ৰাতি বিহুলৈ ডেকা গাভৰু ওলাই যোৱাটোক বিহু জুপিবলৈ যোৱা বুলি কোৱা হৈছিল। পিছে অুনন্নত সম্পদায়ৰ ডেকা-গাভৰুৰ মাজত আছিল বিহুৰ প্ৰকৃত প্ৰাণ-প্ৰাচুৰ্য্য আৰু ঢকুৱাখনাৰ ফাট বিহুৰ প্ৰাণকেন্দ্ৰই আছিল কৈৱৰ্ত্ত আৰু মিচিং সম্পদায়ৰ লোক।”
          আহোম ৰজাৰ দিনতে ফাটবিহুৰ প্ৰচলন হয় যদিও ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ আনন্দত ১৯৪৮ চনত পোনপ্ৰথমবাৰৰ বাবে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়তে পালন কৰা হয়। ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু উদ্ধাৰত মনোনিৱে‍শ কৰা ব্যক্তিকে‍ইগৰাকী আছিল– মহেন্দ্ৰ গগৈ, জয় গগৈ, ডম্বৰুধৰ চেতিয়া, লীলাকান্ত দাস, কবীন গগৈ, খগেশ্বৰ হাজৰিকা আদি। অৱশ্যে, ১৯৫০ চনৰ বৰ ভূঁইকপ, ১৯৫৪ চনৰ বাৰেচহৰীয়া সবাহ, ১৯৫৬ চনৰ কৃষক সভা, ১৯৫৭ চনৰ কৃষ্টি সভা আদি বিভিন্ন কাৰণত ফাটবিহু অনুষ্ঠিত হোৱা নাছিল বুলি উল্লেখ পোৱা যায়। পৰৱৰ্তী সময়ত ১৯৫৮ চনত জয়চন্দ্ৰ গগৈ, কেহুৰাম গোহাঁই, লীলাকান্ত দাস, জগত চন্দ্ৰ দত্ত বৰা, পদ্মেশ্বৰ দত্ত, কেশীৰাম হাজৰিকা, গজেন চমুৱা, মংগলা ফুকন, খগেশ্বৰ হাজৰিকা, কমল চন্দ্ৰ গগৈ, যতীন্দ্ৰ কুমাৰ বৰুৱা, ভোলানাথ তামুলীকে ধৰি আৰু বহু ব্যক্তিৰ নেৰা-নেপেৰা চেষ্টাৰ ফলত খেৰ-বাঁহৰ চালিৰ তলে তলে ফাটবিহু পতা হৈছিল। আকৌ ১৯৫৯ চনত উত্তৰপৰীয়া ছাত্ৰ সন্মিলন, ১৯৬০ চনত ভাষা আন্দোলন, ১৯৬২ চনত প্ৰলয়ংকাৰী বান আৰু চীন-ভাৰতৰ যুদ্ধ, ১৯৬৩ চনত দ্বিতীয় তেল শোধনাগাৰ আন্দোলন, ১৯৬৪ চনত ভাৰত-পাকিস্তান যুদ্ধ আদি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘটনা প্ৰৱাহৰ বাবে ফাটবিহু পাতিব পৰা নাছিল। ১৯৬৫ চনত ফাটবিহু অনুষ্ঠিত হৈছিল হুজ গাঁও, ঘাঁহি গাঁও আৰু বান্তৌ গাঁৱৰ দল তিনিটাক লৈ। আশীৰ দশকৰ আৰম্ভণিত ১৯৭৬ চনত স্বৰ্গীয় ৰূপেশ্বৰ হাজৰিকা, ভদ্ৰেশ্বৰ দাস, পীতাম্বৰ গগৈ, চবিলাল জৈন, চন্দ্ৰধৰ চমুৱা, যোগেন দত্ত আদি ব্যক্তিসকলৰ অশেষ প্ৰচেষ্টাত ফাটবিহুৱে এক নতুন ৰূপ লয় আৰু ‘বিহুৱান’ নামৰ এখন আলোচনী প্ৰকাশিত হয়। পৰৱৰ্তী সময়ত ১৯৯৬ চনৰ পৰা চাৰিকড়ীয়া নৈৰ পাৰৰ লানি লানি শিশু গছৰ তলত স্থায়ী মুকলি মঞ্চত ফাটবিহু অনুষ্ঠিত কৰা হয়। বিহুলৈ আগমন হোৱা হাজাৰ হাজাৰ দৰ্শকেৰে শিশু গছৰ তলত লোকাৰণ্য হৈ পৰে। বৰ্তমান ফাটবিহুৰ স্থায়ী মঞ্চখন মূলতঃ শিশু গছ আৰু অন্যান্য গছ-গছনিৰে ভৰা হাবিয়নী আৰু বালি-চাপৰিৰ মাজৰ কিছু ওখ ঠাইকে প্ৰাকৃতিকভাৱে নিৰ্বাচন কৰা হয়।
          ঢকুৱাখনাৰ ফাটবিহু সমন্বয়ৰ উৎসৱ। বৰ্তমান প্ৰতিবছৰে ফাটবিহুলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ আগমন ঘটে আৰু সমগ্ৰ ঢকুৱাখনা উদুলি‍-মুদুলি‍ হৈ পৰে। উল্লেখযোগ্য যে ঢকুৱাখনাৰ বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈ সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীৰে‍ বান্ধ খাই বিগত কালত ফাটবিহু পতা হৈছেল; সেই সময়ত অসমৰ কোনো ঠাইতে এনেদৰে সামূহিকভাৱে বিহু উদ্‌যাপন কৰাৰ উদাহৰণ নাই। তথাপিও সাম্প্ৰতিক সময়ত গা কৰি উঠা নগৰীয়া বিহু মঞ্চৰ কৃত্ৰিমতাৰ পৰা ফাটবিহু বহু ক্ষেত্ৰত মুক্ত। মুকলি বিহু প্ৰতিযোগিতা বৰ্তমানো গছৰ তলত অনুষ্ঠিত কৰা হয়। মিচিং, দেউৰী আজি জনজাতি; আহোম, সূত, কৈৱৰ্ত, কলিতা আদি অজনজাতিৰ সাংস্কৃতিক সম্প্ৰীতিৰ এনাজৰীৰে‍ বান্ধ খাই আছে। জনজাতীয় লোকসকলৰ পৰম্পাৰগত সাজ-সজ্জা, নৃত্য-গীতৰ যোগেদি স্বকীয় পৰিচয় দাঙি ধৰা দেখা গৈছে। বৰ্তমানে ফাটবিহুতলীত হাজাৰ-হাজাৰ লোকৰ সমাগম হোৱা দেখা যায়। উল্লেখযোগ্য যে ফাটবিহুৰ নাম শুনিলেই ঢকুৱখনাবাসী আনন্দত মতলীয়া হৈ পৰে। অসমৰ জাতীয় উৎসৱ বিহু। বিহু প্ৰকৃততে তিনিটা যদিও ঢকুৱাখনাবাসীৰ মুখত সঘনাই আৰু এটা বিহুৰ কথা শুনিবলৈ পোৱা যায়। সেয়া হৈছে– ‘ফাট বিহু’। –‘‘এইবাৰ বিহুত ঘৰলৈ নাযাওঁ দিয়া, একেবাৰে ফাটবিহুতেই যাম।” বিভিন্ন কাৰণত ঢকুৱাখনাৰ বাহিৰত কৰ্মৰত ঢকুৱাখনীয়াৰ মুখত প্ৰায়েই শুনা এইষাৰ কথাই প্ৰমাণ কৰে ফাটবিহুৰ প্ৰতি ঢকুৱাখনীয়াৰ আন্তৰিকতা কিমান। যি কি নহওক, বৰ্তমান ঢকুৱাখনাৰ ফাটবিহুৱে অকল ঢকুৱাখনাতেই সীমাবদ্ধ হৈ থকা নাই। বিহুপ্ৰেমী ৰাইজে ব’হাগৰ ভৰ দুপৰীয়াৰ ৰ’দকো উপেক্ষা কৰি গছৰ তলত আশ্ৰয় লৈ আন্তৰিকতাৰে বিহু উপভোগ কৰে।
          বিহু উপভেআগ কৰিবলৈ অহা ৰাইজৰ বৰ্ণাঢ্য ছাতিৰে ভৰি থকা ফাটবিহুতলীৰ এই দৃশ্য অতিকৈ দুৰ্লভ। অন্যহাতেদি, বিহুমঞ্চৰ কাষে কাষে অনুষ্ঠিত হোৱা সাজ-পোছাক আৰু শিল্প-সামগ্ৰীৰ বিপণি‍সমূহৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুপ্ৰেমী ৰাইজে নানা ধৰণৰ সামগ্ৰী, বিশেষকৈ স্থানীয় শিপিনীয়ে নিজ হাতে তৈয়াৰ কৰা মুগাৰ ৰিহা-মেখেলা, পাট-কাপোৰ, ধুতি আদি কিনি লৈ যায়।
          ফাটবিহুৰ তৃতীয় দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত অন্তৰ্ভুক্ত কৰা বছৰি বছৰি নতুন নতুন অনুষ্ঠান আৰু চিন্তাধাৰাৰে প্ৰস্তুত কাৰ্যসূচীয়ে ফাটবিহুৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে ফাটবিহুৰ মঞ্চত বহা আৰু শোভাযাত্ৰাৰ আগশাৰীত যোৱা পুৰুষ-মহিলাই জাতীয় সাজ-পাৰ পিন্ধাটো বাধ্যতামূলক।
          ফাটবিহুৰ অন্যতম আকৰ্ষণ মুকলি বিহু আৰু বভিন্ন জনগোষ্ঠীৰ বিহুদলৰ ইয়াত অংশগ্ৰহণ। ফাটবিহুত পৰিৱেশিত বিহুনামত স্থানীয় সুৰ আৰু চিত্ৰ ফুটি উঠিছে এনেদৰে-
‘বিহুতে বলিয়া               কোনে সমনীয়া
বিহুতে বলিয়া কোন
বিহুতে বলিয়া                   ঢকুৱাখনীয়া
কপালত মহাৰে সোণ।
          ফাট বিহুৰ অন্য এক কাৰ্যসূচী হ’ল ‘টকা বিহু’ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত জীয়াৰী-বোৱাৰী সকলোৱে ঘৰতে বোৱা ৰিহা-মেখেলা পিন্ধে আৰু বিশেষকৈ জীয়ৰীবোৰে‍ খোপাত ফুল গুঁজি লয়; কিন্তু বোৱাৰীবোৰে গামোচা এখনেৰে খোপাটো ওৰণিৰ নিচি‍না কৰি লয়। তাৰ পাছত বিহু মাৰিবলৈ লোৱা নিৰ্দিষ্ট গছ এজোপাত গামোচা এখনেৰে মেৰিয়াই লয় আৰু তালৈ লক্ষ্য কৰি বিহুনাম জোৰে। বিহুনামৰ তালে তালে বাঁহৰ টকা বজায় আৰু জীয়াৰী-বোৱাৰীসকলে উলাহত নাছে এনেদৰে–
“গিৰিপ্ গিৰিপ্ গাৰাপ
ঔ ঢাপলিকা চৰাই
আম পাৰি খাবলৈ            হাকুটি নালাগে
ডালমাৰি ডলিয়াই খাম,
চেনাইকে পাবলৈ            কতনা খাটিছোঁ
নাজানো কেনেকৈ পাম।”
          ফাটবিহুৰ তৃতীয় দিনা ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত স্থানীয় গণ্য-মান্য ব্যক্তি, বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী, সাহিত্যিক উপস্থিত থাকে। এই মুকলি সভাৰ সমান্তৰালকৈ গছৰ তলত বিহু প্ৰতিযোগিতা চলি থাকে।
          ঢকুৱাখনা এটা বানপীড়িত অঞ্চল। বৰ্তমান জিঅ’টিউৱ পদ্ধতিৰে ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণ কৰা হৈছে আৰু ঢকুৱাখনাবাসীয়েও বানৰ পৰা যথেষ্ট সকাহ পাইছে। ফাটবিহু ঢকুৱাখনাবাসীৰ প্ৰাণৰো প্ৰাণৰ উৎসৱ। এই উৎসৱে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে একতাৰ দোলেৰে ঢকুৱাখনাবাসীক বান্ধি ৰাখিছে আৰু দেশী-বিদেশী বিভিন্ন পৰ্যটকক আকৰ্ষিত কৰিছে।

– জিতুল বৰা 
লেখকৰ ঠিকনা:
বালিচাপৰি, মাজুলী
দূৰভাষঃ ৯৬১৩২-৭০৬৪৩


জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্য : এটি বিশ্লেষণ

জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্য : এটি বিশ্লেষণ


প্ৰস্তাৱনা :
অসমীয়া সাহিত্য-সংস্কৃতি, সমাজ আৰু সভ্যতাৰ উত্তৰণৰ অন্যতম সাধক জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ জাতীয় জীৱনৰ এক অবিস্মৰণীয় সত্তা। সৌন্দৰ্যৰ উপাসক জ্যোতিপ্ৰসাদ যিদৰে একেধাৰে এগৰাকী বৰেণ্য নাট্যকাৰ, কবি, ঔপন্যাসিক, প্ৰাবন্ধিক, জীৱনীকাৰ, গল্পকাৰ, চলচ্চিত্ৰকাৰ, গীতিকাৰ, সুৰকাৰ, নৃত্যশিল্পী তথা এগৰাকী গণতান্ত্ৰিক আদৰ্শত বিশ্বাসী বিপ্লৱী, সেইদৰে তেখেত এগৰাকী নিাবান শিশু সাহিত্যিকো। সংখ্যাত Îবছি নহ’লেও শিশুসকলৰ বাবেও সাহিত্য ৰচনাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তাহানি দিনতে এইগৰাকী ব্যক্তিয়ে শিশু উপযোগী সাহিত্য সৃষ্টিৰে শিশুসকলৰ প্ৰতি যি ঐকান্তিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিলে সেয়া প্ৰশংসনীয় আৰু স্মৰণযোগ্য।
উল্লেখযোগ্য যে বয়স অনুসৰি এটি শিশুৰ শাৰীৰিক বিকাশৰ সমান্তৰালকৈ Îবৗদ্ধিক-মানসিক বিকাশো অত্যাৱশ্যকীয়। এই ক্ষেত্ৰত সাহিত্যই শিশু মনৰ অন্তহীন জিজ্ঞাসা পূৰণ কৰি শিশুৰ বুদ্ধি-বৃত্তিৰ উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশু-সাহিত্য যে শিশুৰ Îবৗদ্ধিক-মানসিক বিকাশৰ এক সবল মাধ্যম সেই কথা জ্যোতিপ্ৰসাদ আগৰৱালাই অনুধাৱন কৰিব পাৰিছিল। সেইবাবে বয়োজ্যে সকলৰ উদ্দেশ্যে সাহিত্য সৃষ্টিত বèতী হোৱাৰ সমান্তৰালকৈ তেখেতে শিশুৰ বাবেও সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যৰ এই বিশেষ শাখাটোলৈ কথঞ্চিৎ অৱদান আগবIÿাই থৈ গৈছে।
মনোৰঞ্জনধৰ্মিতা শিশু-সাহিত্যৰ অন্যতম প্ৰয়োজনীয় দিশ। জ্যোতিপ্ৰসাদে শিশুৰ মনোৰঞ্জন প্ৰিয় মনটোৰ প্ৰতি বিশেষভাবে গুৰুত্ব প্ৰদান কৰি তেখেতৰ শিশু উপযোগী সাহিত্যৰাজি ৰচনা কৰিছে। লগতে শিশু মনস্তত্ত্বৰ সূক্ষ্মপ্ৰতিফলনে তেখেতৰ সৃষ্টিলানি শিশুৰ অধিক কাষ চপাই নিবলৈ সক্ষম হৈছে।

 জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰ চমু পৰিচয় :
জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যৰাজিক তলত দিয়া ধৰণে বিভাজিত কৰিব পাৰি –
(ক)      শিশু-কবিতা
(খ)      জ্যোতি ৰামায়ণ
(গ)      ঘোঁৰা ডাৰীয়া  
উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদে শিশুসকলক উদ্দেশ্যি সৰ্বমুঠ বাৰটা কবিতা ৰচনা কৰিছিল। আটাইকেইটা কবিতাৰ মাজেদিয়েই আগৰৱালাই সূক্ষ্ম দৃষ্টিভংগীৰে শিশু মনস্তত্ত্বৰ প্ৰতিফলন ঘটাবলৈ যত্নপৰ হৈছে। সেইদৰে ‘জ্যোতি ৰামায়ণ’ত তেখেতে ৰামায়ণৰ মনোৰম কাহিনী শিশুৰ উপযোগীকৈ সাৱলীলভাবে বৰ্ণনা কৰিছে। আনহাতে ‘ঘোঁৰা ডাৰীয়া’ শীৰ্ষক ৰচনাত জ্যোতিপ্ৰসাদে এটি ৰসাল কাহিনীৰ জৰিয়তে শিশুসকলক নীতি শিক্ষা দিবলৈ প্ৰয়াস কৰিছে। মন কৰিবলগীয়া যে ‘নীলা চৰাই’ নামেৰে জ্যোতিপ্ৰসাদে এটি শিশু উপযোগী গল্পও ৰচনা কৰিছিল। তদুপৰি দেখা যায় ‘নিমাতী কইনা’ নামৰ গীতি-নাটখনক লেখকে নিজে ‘শিশু-নাটিকা’ বুলি উল্লেখ কৰিছে যদিওভাৱবস্তুৰ দিশৰ পৰা সেইখনক সমালোচকসকলে শিশু-নাটিকা বুলি অভিহিত কৰিব খোজা নাই। একেদৰে লেখকে‘শিশু-নাটিকা’ হিচােপ ৰচনা কৰা ‘সোণ পখিলী’ও অসম্পূৰ্ণ হৈ ৰোৱা বাবে সেইখনো শিশু-সাহিত্যৰ অন্তৰ্ভূক্ত হোৱা নাই।

 শিশু-সাহিত্যৰ স্বৰূপ :
শিশু-সাহিত্য শিশুৰ উদ্দেশ্যে ৰচনা কৰা হয়। যি সাহিত্যই শিশুৰ মনৰ অনুকূলে কথা ক’ব পাৰে সেই সাহিত্যক শিশুৱে সহজে স্বীকাৰ কৰি লয়। শিশুৰ মনৰ ৰুচি অনুযায়ী সহজে উপেভাগ কৰিব পৰা, শিশুৰ Îবৗদ্ধিক-মানসিক বিকাশ সাধন কৰা উপযোগী সাহিত্যই  শিশু-সাহিত্য। অৱশ্যে শিশুৰ বিষয়ে সৰল ভাষাত ৰচিত যিকোনো সাহিত্যই শিশু-সাহিত্য নহয়। শিশুৰ মনৰ সৰলতা, কৌতূহল আৰু জিজ্ঞাসা স্বাভাৱিকভাৱে নিজৰ মনত ধাৰণ কৰি শিশুৰ ভাষাত ৰচনা কৰিব পাৰিলেহে শিশু সাহিত্যই সাৰ্থকতা লাভ কৰে। প্ৰসঙ্গৰ লগত সংগতি ৰাখি হীৰেন গোহাঁয়ে কৈছে –
শিশু সাহিত্য হৈছে বয়ষ্কসকলে শিশুক জটিল, অনিশ্চয়তাৰে পৰিপূৰ্ণ, সমস্যাসংকুল জগতত আগুৱাই নিবলৈ আগবঢ়াই দিয়া এখন হাত।১
শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত শিশুৰ বাস্তৱিক প্ৰয়োজনীয়তাৰ প্ৰতিও দৃষ্টি আৰোপ কৰাটো প্ৰয়োজনীয়। সেয়েহে গগনচন্দ্ৰ অধিকাৰীয়ে কৈছে –
শিশুৰ বুদ্ধি-বৃত্তি আৰু ৰুচিৰ বিকাশৰ নিমিত্তে উপযোগী সাহিত্য ভাগক সাম্প্ৰতিক কালত এক সুকীয়া স্বীকৃতি দিয়া হৈছে। এইখিনি সাহিত্যকে বোলা হৈছে শিশু সাহিত্য।২
যি সাহিত্যই শিশুক আনন্দ প্ৰদান কৰি অন্তৰৰ ভাবনা আৰু কল্পনা বিকশাই তোলে সেই সাহিত্যহে শিশুৰ বাবে গ্ৰহণযোগ্য। হৰিকৃষ্ণ দেৱসৰেৰ মন্তব্য এইখিনিতে প্ৰণিধানযোগ্য। তেওঁ কৈছে –
সেই শ্ৰেণীৰ সাহিত্যকে শিশু সাহিত্য বুলি কোৱা হয়, যি শিশুৰ ৰুচিৰ অনুকূল, শিশুৰ ভাষাতে যি সাহিত্যই শিশুৰ জ্ঞানৰ পৰিধিক ব্যাপ্তি প্ৰদান কৰে আৰু শিশুৰ চিৰন্তন জিজ্ঞাসা পূৰণ কৰিব পাৰে।৩
অন্যান্য সাহিত্যৰ দৰে শিশু সাহিত্যও প্ৰধানকৈ দুটা ভাগত বিভক্ত। এটা হৈছে ‘প্ৰাণৰ সাহিত্য’ আৰু আনটো হৈছে ‘জ্ঞানৰ সাহিত্য’। শিশুৰ প্ৰাণৰ খোৰাক যোগোৱাটোৱেই প্ৰাণৰ সাহিত্যৰ অন্যতম উদ্দেশ্য। আনহাতে জ্ঞানৰ সাহিত্যৰ প্ৰধান লক্ষ্য হ’ল সৰ্বতোপ্ৰকাৰৰ জ্ঞানৰ যোগান ধৰা। শিশু সাহিত্যৰ উদ্দেশ্য সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে –
শিশুৰ মানসিক বিকাশত সহায় কৰা, দয়া, মৰম সহানুভূতি আদি সুকুমাৰ বৃ¿ত্তেবাৰৰ উৎকৰ্ষ সাধন কৰা, অনুসন্ধিৎসা বৃদ্ধি কৰা, আত্মকেন্দ্ৰিক স্তৰৰ পৰা সামাজিক ভাবচিন্তাৰ অৱস্থালৈ উন্নীত কৰা; শৃংখলােবাধ সৃষ্টিত সহায় কৰা, পৰনিৰ্ভৰশীল অৱস্থাৰ পৰা আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰা, সৌন্দৰ্যেবাধৰ উন্মেষ কৰা, সু-নাগৰিকত্বৰ বীজ ৰোপণ কৰা, বয়স অনুসৰি নৈতিক আৰু প্ৰকৃতি তত্ত্বৰ ধাৰণাৰ আভাস দিয়া শিশু সাহিত্যৰ প্ৰধান উদ্দেশ্য আৰু আদৰ্শ হোৱা উচিত।৪
তেনেদৰে শিশু সাহিত্যৰ উদ্দেশ্যৰ বিষয়ে কৃষ্ণকুমাৰ মিশ্ৰই কৈছে –
শিশুৰ সাহিত্য ৰচনাৰ প্ৰধান উদ্দেশ্য দুটা। (১) শিশুৰ বুদ্ধি-বৃত্তি, চৰিত্ৰ আৰু ৰুচিৰ বিকাশত ইন্ধন যোগোৱা। (২) সাহিত্য স্পৃহাৰ বীজ ৰোপণ কৰি শিশু মনক সাহিত্য সৃষ্টিৰ বাবে‍ প্ৰস্তুত কৰা।¸৫
শিশু-সাহিত্য ৰচনা কৰাৰ বে‍লিকা দেখা যায় বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰত শিশুসাহিতিকসকল অধিক সচেতন হ’ব লগা হয়। এজন লেখকে তেখেতৰ পৈণত জ্ঞান আৰু অনুভৱৰ আধাৰতহে শিশু-সাহিত্যৰ বিষয়বস্তু নিৰ্বাচন কৰে। গতিকে নিজকে শিশুৰ মানসিক স্তৰলৈ অৱনমিত কৰি শিশুৰ মনোবৃত্তি‍ আৰু ৰুচি অনুসাৰে সাহিত্যৰ বিষয়বস্তু নিৰ্বাচন কৰা অত্যন্ত  জটিল কাম। যিহেতু সাহিত্যৰ অনুৰূপ যিকোনো বিষয়েই শিশু-সাহিত্যৰ উপযোগী নহয়। তদুপৰি শিশু কেৱল নিজৰ ৰুচিৰ অনুকূল বিষয়ৰ প্ৰতিহে আকৰ্ষিত হয়। সেইবাবে এজন লেখকে শিশু-সাহিত্যৰ বিষয় নিৰ্বাচন কৰোঁতে পোনপ্ৰথমে শিশুৰ ৰুচিৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো অত্যন্ত  প্ৰয়োজনীয় হৈ পৰে। এই ক্ষেত্ৰত শিশুৰ মানসিক বিকাশৰ বিভিন্ন স্তৰলৈয়ো মন কৰিবলগা হয়। কিয়নো মানসিক বিকাশৰ স্তৰ অনুসৰি শিশুৰ প্ৰয়োজন তথা আকৰ্ষণো ভিন ভিন হয়। সেইবাবে ভিন্ন স্তৰত সুকীয়া সুকীয়াকৈ মানসিক চাহিদা পূৰণ কৰিব পৰা বিষয়বস্তুহে  শিশু-সাহিত্যৰ বাবে উপযোগী। উল্লেখযোগ্য যে বয়স বIÿাৰ লগে লগে শিশুৰ কল্পনা সজীৱ হৈ পৰে আৰু বুদ্ধিও তীক্ষ্ণ হয়। লাহে লাহে শিশুৰ কৌতূহল প্ৰবণতা জাগি উঠে আৰু সমান্তৰালকৈ নীতিেবাধৰো বিকাশ হ’বলৈ ধৰে। এই ক্ষেত্ৰত শিশুৱে সহূদয়তা অনুভৱ কৰিব পৰা আৰু ভৱিষ্যত জীৱনৰ সঠিক নিৰ্দেশনা দিব পৰা বিষয়বস্তুৰ নিৰ্বাচনে শিশু-সাহিত্যক সমৃদ্ধ কৰে। 
তদুপৰি শিশুক নৈতিভাবে সচেতন কৰি তোলা, ক্ৰিয়াশীল চেতনা জাগৃত কৰা, সৃজনীশীল প্ৰতিভা বিকশাই তোলা, খেল-ধেমালিৰ প্ৰতি আগ্ৰহী কৰি তোলা, শিশুক ভ্ৰমণ প্ৰিয় হ’বলৈ অনুপ্ৰাণিত কৰা, সৎ-আদৰ্শবান হ’বলৈ উদ্গনি জনোৱা তথা শিশুৰ আধ্যাত্মিক মনোভাৱ গ¿Iÿ তোলা– ইত্যাদি অনেক বিষয় শিশু-সাহিত্যৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ।
এজন শিশুসাহিত্যিকে সূক্ষ্মাতিসূক্ষ্মভাবে শিশু মনস্তত্ত্বৰ জ্ঞান আহৰণ কৰি শিশু-সাহিত্যৰ বাবে নিৰ্বাচিত বিষয়বস্তু সহজ-সৰল ভাষাৰে মনোগ্ৰাহীকৈ উপস্থাপন কৰিব পাৰিলেহে সেই সাহিত্য কলাগুণ সমৃদ্ধ হৈ শিশুৰ বাবে ৰুচিসন্মত আৰু কল্যাণকামী হ’ব। মন লৰিবলগা কথা এই যে উপস্থাপন
শৈলীৰ নৈপুণ্যইহে শিশু-সাহিত্য শিশুৰ বাবে গ্ৰহণীয় কৰি তোলে আৰু সেই সাহিত্যৰ প্ৰভাব শিশুৰ মনত দীৰ্ঘস্থায়ী হয়।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্য :
জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুৰ বাবে সৰ্বমুঠ বাৰটা কবিতা ৰচনা কৰি থৈ গৈছে। সংখ্যাত কম হ’লেও কবিতাকেইটাৰ মাজেৰে লেখকৰ অৰ্থব্যঞ্জক চিন্তাৰ আৰু কল্পনাপ্ৰবন মনটোৰ পৰিচয় ফুটি উঠিছে। শিশু মনস্তত্ত্বৰ সাৰ্থক প্ৰতিফলনে কবিতাকেইটা শিশুৰ অধিক কাষ চপাই নিয়া যেন েবাধ হয়। এই কবিতাসমূহত স্পষ্টৰূপত কোনো সুসংহত কাহিনী পাবলৈ নাই। আনকি ভৱিষ্যত জীৱনৰ বাবে লাগতীয়াল বিশেষ কোনো নীতি শিক্ষা তথা উপদেশমূলক ইংগিতো কবিতাকেইটাৰ মাজত লক্ষ্য কৰা নাযায়। মাথোন ইটোৰ পছিত সিটোকৈ মনোমোহা শব্দৰ প্ৰয়োগেৰে লেখকে যেন শিশুৰ বাবে এখন মনোগ্ৰাহী ছবিহে আঁকিবলৈ যত্ন কৰিছে – এণে ধাৰণা হয়। শব্দৰ মায়াজালত পৰি¦£ুট এই ৰহস্যঘন ছবিবোৰে শিশুৰ সৰল মনত এক অনুপম সাঁচ বহুৱাই যায়। ইয়াতেই যেন লেখকৰ সাৰ্থকতা।
শিশুসকল স্বভাবতেই কল্পনা প্ৰিয়। কল্পনাবিলাসী মনেৰে শিশুৱে সাধাৰণতে নানা তৰহৰ সেপান দেখি আেপান বিেভাৰ হৈ থাকিবলৈ ভাল পায়। কল্পনাৰ ৰাজ্যত বিচৰণ কৰি ফুৰা শিশুৱে ভূতৰ সৈতে কথা পাতে, জোন-বেলিৰ কাষলৈ যায়, জীৱ-জন্তু, চৰাই-চিৰিকটিৰ সৈতে হাঁহি-ধেমালি কৰে। বাস্তব জীৱনত সম্ভব হৈ নুঠা সকলোবোৰ কাম শিশুৱে কল্পনাৰ জৰিয়তে সম্ভব কৰিবলৈ প্ৰয়াস কৰি সুখ অনুভৱ কৰে। মন কৰিবলগীয়া যে প্ৰচুৰ কল্পনা শক্তিয়ে শিশুৰ সৃজনী প্ৰতিভা বিকশাই তোলাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে। অন্য অৰ্থত নিজ নিজ কল্পৰাজ্যত অবাধ বিচৰণ শিশু মনস্তত্ত্বৰ এক ইতিবাচক দিশ। উল্লেখযোগ্য যে শিশু মনস্তত্ত্বৰ এই বিশেষ দিশটোক সূক্ষ্মভাবে অনুধাৱন কৰিয়েই জ্যোতিপ্ৰসাদ আগৰৱালাই  তেখেতৰ শিশু কবিতাসমূহ ৰচনা কৰিছে। শিশুৰ কল্পনাপ্ৰবণ মনত আলোড়ন সৃষ্টি কৰিব পৰাকৈ জ্যোতিপ্ৰসাদে ‘কুম্পুৰ সেপান’, ‘ভূত-পোৱালি’, ‘অকণিৰ সেপান’ আৰু ‘ফুলকুঁৱৰী’ শীৰ্ষক কবিতাত সেপানৰ এক মায়াময় পৰিবেশ সৃষ্টি কৰি শিশুৰ নিেৰ্বাধ মনক আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয়। শিশুৰ কল্পনাপ্ৰবণ অন্তৰ্দৃষ্টি আৰু সূক্ষ্ম পৰ্যেবক্ষণে উল্লিখিত কবিতাকেইটা গভীৰ অৰ্থব্যঞ্জক কৰি তুলিছে।  ‘কুম্পুৰ সেপান’ নামৰ কবিতাত সৰু ল’ৰা এটাই সেপানত দেখিছে Îবলিটো হেনো সিহঁতৰ ঘৰলৈ আহিছে। খিৰিকীয়েদি কোঠাত সোমাই দেউতাকৰ কবিতা লিখা বহীখনত খচ্খচ্কৈ চহী কৰিছে। গুণগুণাই গান গাইছে, তাৰ সতে কথা পাতিছে, তাক ৰা-নীলা নিঠাই খাবলৈ দিছে আৰু তাক ভালকৈ পঢ়ি-শুনি জ্ঞানী হ’বলৈ উপদেশ দিছে। শিশু মনৰ সৰল অনুভূতিৰে কবিতাটো সৰস। অকণমানি ল’ৰাটোৰ এধানি অনুভৱত বেলিটো সৌন্দৰ্যৰ আকৰ হৈ ধৰা দিছে। যথা –
গধূলি মা বে‍লিটো যে
ইমান ৰা পৰে,
গাৰ পৰা তাৰ
সোণ সৰে
ৰূপ সৰে
বালিছন্দা সৰে
বৰষুণৰ দৰে,
ঝৰ্ঝৰ কৰে;
গাৰ পৰা তাৰ–
জিলিলি্জালাক
বহুত পোহৰ সৰে।
(কুম্পুৰ সেপান, জ্যোতিপ্ৰসাদ ৰচনাৱলী, সম্পা. হীৰেন গোহাঁই, পৃ.৮১২)
শিশু মনৰ অবুজ হেঁপাহ, অদ্ভত কল্পনা, সেপানৰ মিঠা আেবশ, ভৱিষ্যত জীৱনৰ বাবে সু-উপদেশ–আদি দিশৰ সুসংহত উপস্থাপনে ‘কুম্পুৰ সেপান’ কবিতাটি শিশুৰ কোমল মনৰ উপযোগী কৰি তুলিছে।
সাধাৰণতে  শিশুসকলৰ মনত ভূতৰ প্ৰতি এক অজান আশংকা গঢ়ি উঠা দেখা যায়। ডাৰৰ মুখত সততে শুনিবলৈ পাৱা অলৌকিক সাধুুকথাবোৰে  অথবা মাক-দেউতাকৰ কঠোৰ অনুশাসনে নাইবা আনৰ মুখত শুনিবলৈ পোৱা আজব ঘটনাপ্ৰবাহে অজানিতে শিশুৰ মনত ভয় ভাৱৰ উদ্ৰেক কৰে। কিন্তু ভূত বুলি আচলতে একো নাই, ভয় যে অৱচেতন মনৰ এক ধাৰণাহে, সাহসেৰে সকলো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাতহে আচল কৃতিত্ব- এই প্ৰসংগত শিশুসকলক বুজনি দিয়াৰ মানসেৰে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ভূত পোৱালি’ নামৰ কবিতাত সৰু ল’ৰা এটাই সেপানত ভূতক  লগ পোৱা, ভূতলৈ ভয় নকৰি যখিনীৰ হাতত ধৰি নাচি থকা ভূতৰ কাণ মুচৰি দিয়াৰ কথা উল্লেখ কৰিছে। কবিতাটোত দেখা যায় ডাৰৰ মুখৰ পৰাই কণমানি ল’ৰাটোৱে শুনিছিল যে ভূতে ল’ৰা ধৰি খায়, ভৰি দুটা ওপৰ কৰি মূৰটো বালে বাকাত পুটি থয়। কিন্তু লেখকে এই কবিতাটোত দেখুৱাইছে কেনেকৈ চকু টেলেকা, তিলিকা-পিলিকা, নাঠ-পিঠ ভূতলৈয়ো ভয় নকৰি সৰু ল’ৰাটোৱে ভূতক ভালকৈ এসেকা দিছে। ভূতৰ ভয় জয় কৰি অনান্দতে সি মাকক কৈছে –
ক’ত মা, মোক দেখোন
সিহঁত দুটাই একোকে কৰা নাই·
ক’তা মোৰ ওচৰ চাপিবলৈ
সিহঁতে দেখোন অলেপাকেই
সাহেই কৰা নাই·
ভয় কৰা ল’ৰাকহে মা,
ভূতে ধৰি কিলায়।
মা, মোৰ হ’লে ভূতলে’ ভয় নাই (ভূত পোৱালি, উল্লিখিত, পৃ. ৮১৩)
সেইদৰে ‘অকণিৰ সেপান’ নামৰ কবিতাটো সেপানৰ প্ৰসংগ লক্ষ্য কৰা যায়। সেপানত পাক এটাই দেউতাকৰ পুৰণি গানৰ বহীত লিখি থোৱা গান দুটামান ঘোকাঘোকে খাই  পেলালে। কিন্তু গানৰ উক্মুকনিত পোকটোৰ পেট উফন্দি উঠিল। অৱশেষত সি গানকেইটা বতিয়াই উলিয়াই দিব লগা হ’ল। এই সেপানটোৰ মাজত ভাবিকালৰ সমাজখনত নতুনৰ পয়োভৰত পুৰণি সৃষ্টি তথা ঐতিহ্যই  নিজৰ অস্তিত্ব হেৰুৱাৰ আশংকা এটাৰ অৱস্থিতি নুই কৰিব নোৱাৰি। অৱশ্যে গৌৰৱময় পুৰণি ঐতিহ্যক সমূলি নিশ্চিহ্ন কৰা যে সম্ভব নহয় তাৰ ইংগিতো কবিতাটোৱে বহন কৰিছে। তথাওিকবিতাটোৰ শেষত ল’ৰাটোৰ মনত উদয় হোৱা চিন্তাই সেপানটোৰ বাস্তবতা দাবী নকৰাকৈয়ো থকা নাই। সি মাকক কৈছে –
মা! মোৰ সেপানটো মিছা বুলি
ভাৱিছ নেকি বাৰু·
মিছা নহয় মা!
সাক্ষী আছে সৌ তিনিটা গাৰু! (অকণিৰ সেপান, উল্লিখিত, পত্ৰ.৮২১)
কবিতাটোৰ বিষয়ে  প্ৰহলাদ কুমাৰ বৰুৱাই এইদৰে কৈছে –
অকণিৰ সেপান কবিতাটোত এটা পুৰণি গানক এটা পোকে  গিলি খোৱাৰ চিত্ৰকল্পটো কাবি্যক সৌন্দৰ্যৰ পিনৰ পৰা যিদৰে মোহনীয়, সেইদৰে নতুন নামৰ বিকৃতিয়ে পুৰণি ঐতিহ্যক গ্ৰাস কৰাৰ অৰ্থ ব্যঞ্জনাও চমকপ্ৰদ।৬
আনহাতে ‘ফুলকুঁৱৰী’ কবিতাত বাস্তবৰ সৈতে শিশু মনৰ কল্পনা একাকাৰ হৈ পৰিছে। সৰু ল’ৰা এটাই দেউতাকে আনি দিয়া ছবি থকা কিতাপৰ ছোৱালীজনীয়ে সেপানৰ কাৰেংঘৰত সোমাই তাঁতত ফুল বাছে, সৰু ল’ৰালৈ কলৰ পুলি ৰোৱে। শেন এটা ধৰি আনি এৰ’প্লেন বুলি তাক শেনৰ পিঠিত তুলি গড়গাঁৱলৈ লৈ যায়। শেনৰ পিঠিত উঠি উৰি যাওঁতে ওপৰৰ পৰা ক্ৰমাৎ সৰু যেন হৈ পৰা ঘৰ-বাৰী, গৰু-ছাগলী আদি দেখি ল’ৰাটোৰ মনত যি প্ৰতিক্ৰিয়া হৈছে সেয়া স্বাভাবিকতে বাস্তবিক।
‘অক্কমানি ল’ৰা’ কবিতাত কোনোমতে থিয়দা দিয়া ল’ৰাৰ থুপুক-থাপাক খোজেবাৰ, নুফুটা কল্কলনিবোৰ, যিকোনো বস্তু মুখলৈ নিব খোজা দুষ্টামিবোৰ বৰ মনোমোহাকৈ চিত্ৰধৰ্মীৰূপত বৰ্ণিত হৈছে। আকৌ, ‘অক’মান ল’ৰা’ শীৰ্ষক কবিতাত সৰু ল’ৰা এটিৰ মনোজগতত মাক-দেউতাক আৰু ভনীয়েকৰ কাম-কাজ তথা আচৰণৰ প্ৰতি থকা সহজাত ধাৰণা বাস্তবসন্মতভাবে চিত্ৰিত হৈছে। সাধাৰণতে শিশুৱে মাকৰ তুলনাত দেউতাকক অলপ সমীহ কৰা দেখা যায়। মাকে শিশুৰ দুষ্টালি দেখি মিছা ধমকেৰে সিহঁতক ভয় খুৱাই  যদিও মনে মনে মুখ টিপি হাঁহে। কিন্তু দেউতাকে তেনেকুৱা নকৰি দোষৰ শাস্তি দিবলৈ যত্ন কৰে। সেইবাবে মাকৰ প্ৰতি প্ৰত্যেক শিশুৰে চেনেহ, আব্দাৰ, মান-অভিমান আদি স্বাভাবিকতেই বেছি।           জ্যোতিপ্ৰসাদ আগৰৱালাই এই কবিতাটোত শিশুৰ দৃষ্টিৰে অভিভাবকৰ মৰম-চেনেহ তথা অনুশাসনৰ সঁচা ছবি এখন ফুটাই তুলিবলৈ যত্নপৰ হৈছে। জানি-বুজিয়েই হওক নাইবা অজানিতেই হওক দুষ্টামি কৰি ফুৰা শিশু এটায়ো দেউতাকৰ কথা ভাবি সচকিত হৈ পৰে। কবিতাটোত দেখা যায়–
ৰৈ ৰৈ মাজে মাজে চিঞৰ সোধাওঁ।
দেউতাক দেখিলেই
শান্ত-শিষ্ট হৈ
মাৰ পাছফালেগৈ
আঁৰত লুকাওঁ, (পৃ. ৮১৪)
অকৌ, মাকৰ মিছা খৰ ছবিখনৰো বৰ্ণনা পোৱা যায় এইদৰে–
মোৰ দুষ্টালি চাই
মায়ে হ’লে
মনে মনে
বৰ ভাল পায়,
চকু গাঁঠি ঘোপা কৰি
মোৰ ফালে চাই
আন ফালে মুখ কৰি
ওঁঠখন চেপা মাৰি
হাঁহে মিচিকাই; (পৃ. ৮১৪)
শিশুৰ ৰহস্যময় মনোজগতৰ বিচিত্ৰ চিন্তাবোৰ সূক্ষ্ম দৃষ্টিৰে উপলব্ধি কৰি আলোচ্য কবিতাটিত লেখকে ইেবাৰ বিশ্বাসযোগ্যকৈ তুলি ধৰিছে। কল্পৰাজ্যত উটি-ভাঁহি ফুৰিলেও শিশুৱে কঠোৰ বাস্তবৰ মুখামুখি হ’বই লাগিব। নিজৰ জীৱন গঢ়িবলৈ অধ্যয়নৰ অপৰিহাৰ্যতাৰ কথা কবিতাটোত ভীম মাষ্টৰ প্ৰসংগ উপস্থাপনৰ জৰিয়তে লেখকে ইংগিতময়তাৰে প্ৰকাশ কৰিছে।
সেইদৰে ‘অক’মানি ছোৱালী’ নামৰ কবিতাত সৰু ছোৱালী এজনীৰ ৰং-ধেমালি, ঠেহ-পেচ, আশা-আকাংক্ষা, ভাল লগা-বেয়া লগা আটাইেবাৰ দিশ সুন্দৰকৈ চিত্ৰিত কৰিছে। নাচি-বাগি ধেমালি কৰি ভালেপাৱা ছোৱালীজনীৰ ডাক্তৰলৈ বৰ ভয়। ঔষধ খাই আমনি পোৱা কণমানিজনীয়ে ভাৱে –
ডাৰ হ’লে মই
দৰৱসোপাকে গই
পুখুৰীত দিম নি পেলাই;
ভাত খাই উঠিলেই
দেৱাই খুৱাই বুলি
ভাতকেই  খাবলই
মাজে মাজে
মনকে নাযায়। (পৃ.৮২০)
মন কৰিবলগীয়া যে কবিতাটোত অসমীয়া সমাজ জীৱনৰ ঘৰুৱা ছবি এখন বৰ সংবেদনশীল ৰূপত ফুটি উঠিছে। এশৰাই ফুল তুলি কণমানিজনীয়ে আইতাকৰ থাপনাত চাকি দিয়ে। মনৰ মাজতে জাত জাত বিয়া নাম গাই অক’মান দৰা-কইনাৰ বিয়া পাতে। বায়েকৰ সৈতে থিয়েটাৰ-ভাওনা চাবলৈ যায়। এইেবাৰৰ উপৰিও কবিতাটোত বিবিধ অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ তথা শাক-পাচলিৰ সোৱাদ লগা নামেবাৰৰ উল্লেখে কবিতাটোক এক অনন্য সৌন্দৰ্য প্ৰদান কৰিছে। সময়ৰৰ লগে লগে অসমীয়া থলুৱা খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নানান বিদেশী খাদ্যৰ কৌশলপূৰ্ণ উপস্থাপনে উক্ত কবিতাটো সুখপাঠ্য কৰি তুলিছে।
জ্যোতিপ্ৰসাদে শিশুৰ বাবে ৰচনা কৰা ‘নতুন অকণমানি গান’ আৰু ‘ আহ অ’ অকণি আহ’ নামৰ কবিতা দুটিত কবিগৰাকীৰ স্বদেশপ্ৰীতি আৰু জাতীয় অনুৰাগৰ প্ৰতিফলন ঘটিছে। জনমভূমিৰ গুণ-গৰিমা প্ৰকাশি কবিয়ে নতুন মনেৰে, নবচেতনাৰে নতুন সমাজ গঢ়িবলৈ অংগীকাৰবদ্ধ হৈছে। মাতৃভূমিৰ প্ৰতি শিশুৰ মনত শ্ৰদ্ধা আৰু প্ৰেমৰ ভাৱ জগাই তুলিবলৈ কৰা এনে প্ৰচেষ্টাই কবিতাকেইটিৰ জৰিয়তে কবিৰ নিস্বাৰ্থ দেশপ্ৰেম আৰু শিশুৰ প্ৰতি থকা সামাজিক দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ জনমভূমিৰসেৱা কৰিবলৈ শিশুসকল যাতে সাহসেৰে আগবাঢ়ি আহে তাৰবাবে আহত্ৰান জনাই কবিয়ে কৈছে–
তই জগাব লাগিব
ভাৰতৰ জন
জিনিব লাগিব
পৃথিৱীৰ মন,
তয়ে অসমৰ
তয়ে ভাৰতৰ
তয়ে জগতৰ
তয়ে অভিনৱ জ্যোতি
....       ....       ....       ....     
কোনে ৰোধে তোৰ প্ৰগতি অগ্ৰগতি
আকেৰা আলোকদীপ্ত অজেয় সেনাপতি। (আহ অ’ অকণি আহ, পৃ.৮২৪)
দেখা যায় ‘অকণমানিৰ প্ৰাৰ্থনা’ শীৰ্ষক কবিতাত পোহৰ সন্ধানী, আলোকময়ী শিশু প্ৰাণৰ কৰুণ প্ৰাৰ্থনা প্ৰাণস্পৰ্শীকৈ বৰ্ণিত হৈছে। সেইদৰে  কল্পনাৰ জগত আৰু মাটিৰ পৃথিৱীৰ সঁচা উপলব্ধিয়ে ‘মাক আৰু সোণ’ কবিতাটো ভাৱোদ্দীপক কৰি তুলিছে। কল্পনাৰ জগতত বিচৰণ কৰি ফুৰা শিশু এটিয়েও যেন এসময়ত জীৱনৰ বাস্তব অভিজ্ঞতাৰে পুষ্ট হৈ মাটিৰ মমতা অনুভৱ কৰিব পৰাকৈ পৰিপক্ক হৈ উঠে –কবিতাটোৱে যেন সেই দৰ্শনকে বহন কৰিছে। এগৰাকী সূক্ষ্মদৰ্শী তথা দূৰদৰ্শী কবি হিচাপে ইয়াতেই জ্যোতিপ্ৰসাদৰ কৃতিত্ব।
এগৰাকী স্নেহময়ী মাতৃৰ দৃষ্টিৰে কবিগৰাকীয়ে শিশুৰ মনোজগতখন চাবলৈ প্ৰয়াস কৰিছে ‘মনমা’ নামৰ কবিতাত। এঘাৰমহীয়া ছোৱালীজনীয়ে কেৱল আহ্ আহ্ বুলি চৰাই-চিৰিকটি, সাপ-বে, ৰ’দ-বৰষুণ, জোন-বেলি-তৰা সকলোকে মাতি থকাৰ যি কাব্যময় প্ৰকাশ কবিতাটোত ঘটিছে সি সঁচাকৈ নান্দনিক।
জ্যোতিপ্ৰসাদ আগৰৱালাই শিশুৰ মনোজগতৰ বিচিত্ৰ ভাৱৰাশিক শাব্দিক অভিব্যঞ্জনাৰে বৰ সুন্দৰকৈ কবিতাৰ ৰূপ দিলে। ‘শিশুৰ মনোজগতত কল্পনাৰ জৰিয়তে সোমাই পৰি তাৰ মাজৰপৰা জ্যোতিপ্ৰসাদে অসমীয়া সাহিত্যত বিৰল ধৰণৰ কবিতাৰ আনন্দ সৃষ্টি কৰি গৈছে। প্ৰাপ্তবয়ষ্ক পIÿুৱৈকো শিশুৰ জগতলৈ লৈ গৈ কবিয়ে সমস্যা-সজ্ঞান আত্মেবাধৰপৰা সাময়িক অব্যাহতিৰ সকাহ দিয়ে। ফলত আত্মেবাধৰ পুনৰাম্ভ সহজ আৰু পৰিশোধিত হয়।’৭ যদিও কেৱল বাৰটা কতিাহে তেওঁ শিশু বাবে ৰচনা কৰি থৈ গ’ল, তথাপিও ,অৰ্থব্যঞ্জক ভাৱবস্ত, চিত্ৰধৰ্মী বৰ্ণনা, হাস্যৰসৰ সুপ্ৰয়োগ, বিষয়ৰ কৌশলী উপস্থাপন, চিত্তাকৰ্ষক শব্দৰ প্ৰয়োগ,শিশু মনস্তত্ত্বৰ প্ৰতিফলন আদি বিবিধ দিশৰ সমাহাৰে আটাইকেইটা কবিতাকে সমৃদ্ধ কৰিছে আৰু যথাৰ্থতে শিশুৰ বাবে উপযোগী কৰি তুলিছে।
‘জ্যোতি ৰামায়ণ’ জ্যোতিপ্ৰসাদৰ আন এক উল্লেখনীয় সৃষ্টি। দুৰ্ভাগ্যবশত জ্যোতিপ্ৰসাদে সেইখন সম্পূৰ্ণ কৰিব নোৱাৰিলে যদিও অসমাপ্ত ৰূপতে এইখন এখন অপূৰ্ব শিশু-কাব্য। ‘জ্যোতি ৰামায়ণ’ৰ মাজেৰে লেখকে ৰামায়ণৰ কাহিনী শিশুসকলক ক’বলৈ প্ৰয়াস কৰিছে। শিশু উপযোগীকৈ ৰচনা কৰিছে যদিও মূল ৰামায়ণৰ ভাবাৰ্থ ইয়াত ব্যাহত হ’বলৈ দিয়া নাই। ‘জ্যোতি ৰামায়ণ’ৰ আগকথাত লেখকে দ্ৰাবিড়, মংগোলীয়,আৰ্য আদি অনেক প্ৰজাতিৰ সম্বন্বয়ত কিদৰে ভাৰতীয় সভ্যতা গঢ় লৈ উঠিছে তাৰ ব্যাখ্যা দাঙিধৰিছে। লগতে ভাৰতবৰ্ষৰ ঐতিহ্যমণ্ডিত ইতিহাস বৃটিছৰ হাতত কলংকিত হোৱাৰ কথাও প্ৰসংগক্ৰমে উনুকিয়াবলৈ পাহৰা নাই। আকৌ ‘সেৱা জননী’ অধ্যায়ত লেখলে আগৰৱালা পৰিয়ালৰ অসম আগমনৰ কথা আৰু পৰৱৰ্তী সময়ত হাড়ে-হিমজুৱে অসমীয়া হৈ অসমীয়া জাতিৰ বাবে আগৰৱালা পৰিয়ালে আগবেঢ়াৱা ত্যাগ আৰু সেৱাৰ কথাও উল্লেখ কৰিছে।
‘জ্যোতি ৰামায়ণ’ৰ ‘বাল্মীকি মুনিৰ কথা’ অংশত জ্যোতিপ্ৰসাদে ৰত্নাকৰ দস্যুৰ পৰা বাল্মীকিলৈ ৰূপান্তৰিত হোৱা ঘটনাৰ নীতিসমৃদ্ধ মনোৰম বৰ্ণনা আগবঢ়াইছে। সেইদৰে ‘বাল্মীকি বনত কবিতাৰ জন্ম’ অংশত বাল্মীকিৰ কাপৰ পৰা কিদৰে শ্লোকৰ ৰূপত কাব্যৰ সৃষ্টি হৈছিল সেই আদিকথা শিশুসকলে জানিব পাৰে। তেনেদৰে ৰামৰ জন্মৰ পূৰ্ব কিছু ঘটনা, Ùষ্যশৃঙ্গ মুনিৰ দ্বাৰা যজ্ঞ সম্পাদন কৰি দশৰথৰ পুত্ৰ লাভ, ইয়াৰ পৰৱৰ্তী অধ্যায়ত ৰাম-লক্ষণৰ ল’ৰালি কাল, শাস্ত্ৰ অধ্যয়ন, অস্ত্ৰ চালনাৰ শিক্ষা গ্ৰহণ আদি ঘটনাৰ বৰ্ণনাও শিশুৰ কোমল মনক প্ৰভাৱিত কৰি পৰাকৈ সাৱলীল।
দেখা যায় যে মূল ৰামায়ণৰ তুলনাত সংক্ষিপ্তৰূপত হ’লেও ‘জ্যোতি ৰামায়ণ’ত ৰাম-লক্ষণৰ বীৰত্বব্যঞ্জক কাহিনী বৰ্ণিত হৈছে। মাৰীচ আৰু সুবাহু বধৰ সময়ত অথবা হৰধনু ভংগৰ সময়ত ৰামৰ বীৰত্বৰ প্ৰতিফলন ঘটিছে। এই বৰ্ণনা শিশুৰ বাবে আকৰ্ষণীয় হোৱাৰ সমান্তৰালকৈ কিছুপৰিমানে ভয়াবহো। ৰাক্ষস-ৰাক্ষসীৰ অদ্ভবেশভূসাই শিশুৰ মনত ভয়ানক ৰসৰ সৃষ্টি কৰে। তদুপৰি ‘জ্যোতি ৰামায়ণ’ৰ ৰাক্ষস বধৰ বৰ্ণনাই শিশু কৌতূহলী মনত উদ্দীপনা জগাই নোতোলাকৈ নাথাকে। যথা –
তাড়কাৰ চকু যেন জুইৰ আঠা
গাত সাজপাৰ নাই আধা নাঠা
নালৰ ফাল যেন বৰ বৰ দাঁত
মানুহৰ হাড়-মীৰ অঁৰা গোট গাত। ( পৃ. ৮৪৬)
‘জ্যোতি ৰামায়ণ’ত অহল্যা উদ্ধাৰৰ কাহিনী আৰু কান্যকুব্জ দেশৰ কথাও শিশু উপযোগীকৈ সৰসভাবে উপস্থাপন কৰিছে। ইয়াৰ পৰৱৰ্তী অধ্যায়ত সীতাৰ সয়ম্বৰ সভাৰ সুদীৰ্ঘ বৰ্ণনা অতিশয় মনোৰঞ্জক ৰূপত চিত্ৰিত হৈছে। সীতাৰ বিয়াৰ বৰ্ণানাংশৰ আেবদনো সজীব আৰু হূদয়গ্ৰাহী।
‘জ্যোতি ৰামায়ণ’ত বীৰ, ভয়ানক,অদ্ভূত ইত্যাদি ৰসৰ সমাবেশ ঘটাৰ দৰে হাস্যৰসৰ প্ৰয়োগেও কাহিনীভাগ সপ্ৰতিভ কৰি তুলিছে।
উল্লেখযোগ্য যে ‘জ্যোতি ৰামায়ণ’ত অসমীয়া গ্ৰামীণ ৰূপৰ যি আভাস পৰিস্ফুট হৈ উঠিছে সি শিশু ৰামায়ণখনৰ এক অন্যতম আকৰ্ষণীয দিশ। সীতাৰ সয়ম্বৰ সভালৈ পূৰ্বদেশৰ পৰা অহা ৰজাৰ প্ৰসংগত বৰজাপিৰ উল্লেখ, সীতাৰ বিবাহৰ আয়োজনত তথা বিবাহৰ বৰ্ণনাত বিয়ানামৰ প্ৰয়োগ আদিয়ে অসমীয়া গ্ৰাম্য সমাজৰ নিখুঁত ছবি এখন চকুৰ আগত তুলি ধৰে।
ছন্দোবদ্ধ কাব্যভাষাৰ প্ৰয়োগেৰে জ্যোতিপ্ৰসাদে শিশুৰ উপযোগীকৈ ৰামায়ণৰ কাহিনীৰ আধাৰত অপূৰ্ব বৰ্ণনাভংগীৰে এখন সুন্দৰ শিশু ৰামায়ণ ৰচনা কৰি উলিয়ালে। ‘জ্যোতি ৰামায়ণ’ৰ সৰস চিত্ৰধৰ্মী প্ৰকাশভংগীয়ে কেৱল শিশুকেই নহয় বয়োজ্যেষ্ঠসকলকো সমানেই আকৰ্ষিত কৰে। এই প্ৰসংগত কবীন ফুকনৰ এষাৰ বক্তব্য প্ৰণিধানযোগ্য। যথা –
এই ৰামায়ণত পোনেই কবিয়ে প্ৰাপ্তবয়স্কৰ যুক্তিসৰ্বস্ব জগতখন আঁতৰাই থৈছে। সেয়েহে কবিৰ শিশুৰ অৰ্থে এই ৰামায়ণী অনুসৃষ্টি এনে অনুপম হৈছে। এই বিধৰ কাব্যকথনে শিশুক তাৎক্ষণিকভাৱে মোহিত কৰি শিশুৰ কল্পনাৰাজ্যকৈল লৈ যায়। পেটে পেটে প্ৰাপ্তবয়ষ্কইও খন্তেকেৰ বাবে এনে শিশুসুলভ জগতলৈ সোমাই গৈ ভাল পায়। গতিকে এনে শিশু-কাব্য শিশুক সন্মোহিত কৰি ৰখাৰ লগতে বয়সিয়ালৰ কাৰণেও আদিৰপৰা অন্তলৈকে উপেভাগ্য হৈ থাকে। জ্যোতিপ্ৰসাদৰ অসাধাৰণ কবি প্ৰতিভাৰ এইটো এক সুন্দৰ প্ৰমাণ।৮ 
আলোচ্য শিশু ৰামায়ণখনত পয়াৰ ছন্দ আৰু অনুপ্ৰাস অলংকাৰৰ সুপ্ৰয়োগেৰে জ্যোতিপ্ৰসাদে অসমীয়া পাঠকলৈ এক ব্যতিক্ৰমী স্বাদ দি থৈ গ’ল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। অনুপ্ৰাস অলংকাৰৰ এটি উদাহৰণ –
উজল সুজল চলচল কলকল
ফটিকৰ ধাৰে বয় সৰযুৰ জল (পৃ. ৮৪১)
জ্যোতিপ্ৰসাদৰ শিশু-সাহিত্যৰ অন্তৰ্গত  ‘ঘোঁৰা ডাৰীয়া’ শীৰ্ষক ৰচনাংশত শিল্পীগৰাকীয়েঘোঁৰা আৰু গাধৰ সাধুকথাধৰ্মী কাহিনী এটিৰ জৰিয়তে শিশুসকলৰ বাবে নীতিশিক্ষাৰ ধাৰণা এটি দিবলৈ যত্নপৰ হৈছে।  আত্ম অহংকাৰত মত্ত হৈ গুৰু-গোসাঁই নমনা ঘোঁৰা এটাই এদিন বাটত লগেপাৱা  নিেৰ্বাধ গাধ এটাক অকাৰণতে লথিয়াই খালত পেলাই ৰং চাইছিল। কিন্তু ঘটনাক্ৰমে বাটেদি অহি থকা মটৰ গাড়ী এখনে ঘোঁৰা ডাৰীয়কো খুন্দিয়াই গাধৰ কাষতে পেলালেগৈ। মটৰ গাড়ীখনৰ চালকৰ প্ৰতি খং দেখুৱাই ঘোঁৰাই মানুহৰ এনে উদ্ভণ্ডালি ঈশ্বৰে নেদেখেনেকি বুলি সেইমুহূৰ্তত গাধক প্ৰশ্ন কৰোঁতে গাধই যি উত্তৰ দিছে তাৰ জৰিয়তে লেখকে এটি সুন্দৰ নীতিশিক্ষাৰ নিদৰ্শন আমাৰ শিশুসলকলৈ থৈ গৈছে। ঘোঁৰাৰ প্ৰশ্নত গাধই কৈছে –
ঈশ্বৰ কেলেই নহ’ব· এই মোৰ ওপৰত অত্যাচাৰ কৰাৰ বাবে মটৰ বাছে আেপানাক এখুন্দা দিলে নহয়। ঈশ্বৰ আছে দেখিহে এখুন্দা পালে। (ঘোঁৰা ডাৰীয়া, পৃ. ৮৬১)
সূক্ষ্মভাবে বিচাৰ কৰিলে দেখা যায় প্ৰকৃততে ঘোঁৰা আৰু গাধ সমাজৰ দুটা বিপৰীত শ্ৰেণীচৰিত্ৰৰ প্ৰতিনিধি। কিন্তু তথাপিও ন্যায়-অন্যায়ৰ বিচাৰৰ বেলিকা যে ঈশ্বৰে নিৰেপক্ষ দৃষ্টিভংগী পোষণ কৰে সেই শিক্ষা পাঠটিৰ পৰা সকলোৱে গ্ৰহণ কৰিব পাৰে।
‘নীলা চৰাই’ শীৰ্ষক গল্পত জ্যোতিপ্ৰসাদে শিশুৰ কল্পনাপ্ৰবণ মনক প্ৰভাৱিত কৰিব পৰাকৈ ৰহস্যঘন ঘটনা এটিক কাহিনীৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। তিলতিল আৰু মিতিল নামৰ দুই ভাই-ভনীয়ে সেপানতে নীলা চৰাই বিচাৰি যোৱা ঘটনা প্ৰবাহৰ মাজেৰে লেখকে প্ৰকৃততে সুখ সন্ধানী মানুহে সুখ বিচাৰি বিচাৰি যে জীৱনৰ আচল সময়েবাৰ অনাহকতে হেৰুৱাই পেলায়, অথচ সুখ মানুহৰ মনৰ মাজতে থাকে- সেই অৰ্থবহ কথাটিকে গল্পৰূপত বুজাবলৈ যত্ন কৰিছে।
জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতৰ শিশু উপযোগী সৃষ্টিৰাজিৰ মাজেৰে শিশুসকলক মনোৰঞ্জন প্ৰদান কৰি প্ৰয়োজনীয় দুই-এক নীতিকথাৰো জ্ঞান দিবলৈ যত্নপৰ হৈছে। সম্পূৰ্ণৰূপে শিশু মনস্তত্ত্বৰ জ্ঞান আহৰণ কৰি সাহিত্যিকগৰাকীয়ে তেখেতৰ ৰচনাত তাৰ সাৰ্থক প্ৰতিফলন ঘটাই প্ৰতিটো লেখনিয়েই শিশুৰ বাবে উপযোগী কৰি তুলিছে। শিশু-কবিতাবোৰত নিভাঁজ অসমীয়া ভাষাৰ শব্দৰ প্ৰয়োগে যিদৰে শিশুক আহ্লাদিত কৰে, সেইদৰে ধবনিযুক্ত শব্দৰ ছন্দোময় প্ৰয়োগেও শিশুৰ মনত সুৰৰ গুঞ্জন তোলে। সেইদৰে ‘জ্যোতি ৰামায়ণ’ আৰু ‘ঘোঁৰা ডাৰীয়া’ৰ বক্তব্য বিষয়ৰ গূঢ়াৰ্থয়ো শিশুক সমৃদ্ধ কৰে। অন্যান্য সৃষ্টিকৰ্মৰ সমান্তৰালকৈ এইগৰাকী মহান শিল্পীয়ে জীৱনকালৰ সীমিত সময়ছোৱাৰ ভিতৰতে শিশুৰ বাবেও উপাদেয় সাহিত্য ৰচনা কৰি শিশুৰ প্ৰতি গুৰুদায়িত্ব পালনেৰে অসমীয়া সাহিত্যলৈ যি নিদৰ্শন দেখুৱাই থৈ গ’ল, সেয়া প্ৰশংসনীয় আৰু চিৰস্মৰণীয়।

  উপসংহাৰ :
         জ্যোতিপ্ৰসাদ আগৰৱালাই যি সময়ত শিশুৰ বাবে সাহিত্য সৃষ্টিত মনোনিবেশ কৰিছিল, সেই সময়ত সাহিত্যৰ অন্যান্য শাখাৰ সমান্তৰালকৈ শিশু-সাহিত্যই বিকাশ লাভ কৰা নাছিল। সম্প্ৰতি শিশুৰ সুকীয়া মনোজগতৰ গুৰুত্ব উপলব্ধি কৰি সাহিত্যিকসকলে এইশ্ৰেণী সাহিত্যৰ মহত্ব অনুধাৱন কৰিবলৈ সক্ষম হৈছে। ফলস্বৰূপে বিভিন্নজনে এই দিশত নিজৰ অৱদান আগবঢ়াবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। কিন্তু তাহানি দিনতে জ্যোতিপ্ৰসাদে এই দিশটোৰ প্ৰতি সদিচ্ছাৰে যি অৱদান আগবঢ়াই থৈ গ’ল সেয়া নিতান্তই প্ৰশংসাৰযোগ্য। ‘জ্যোতিপ্ৰসাদৰ শিশু-সাহিত্য : এটি বিশ্লেষণ’ শীৰ্ষক  আলোচনাৰ অন্তত প্ৰাপ্ত সিদ্ধান্তকেইটা এনেধৰণৰ–
(ক)      জ্যোতিপ্ৰসাদ আগৰৱালাই শিশু মনস্তত্ত্বক সূক্ষ্মভাবে পৰ্যেবক্ষণ কৰি তেখেতৰ শিশু-সাহিত্যত তাৰ সাৰ্থক প্ৰয়োগ ঘটাইছে।
(খ)      শিশুৰ সৰল মনক প্ৰভাবিত কৰিব পৰা প্ৰসংগৰ উপস্থাপনেৰে তেখতে শিশু উপযোগী ৰচনাসমূহ সুখপাঠ্য কৰি তুলিছে।
(গ)      নীতিকথাৰ শিক্ষাই জ্যোতিপ্ৰসাদৰ শিশু-সাহিত্যৰাজি বাস্তবসন্মত কৰি তুলিছে।
(ঘ)      সাৱলীল বৰ্ণনাভংগী, ছন্দোময় শব্দ প্ৰয়োগ, নিভাঁজ অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু হাস্যৰসৰ সুপ্ৰয়োগে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু-সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰিছে।

প্ৰসংগ-সূত্ৰ ঃ
১।       হীৰেন গোহাঁই, ‘শিশু সাহিত্যৰ বিশ্বজনীনতা’, হীৰেন গোহাঁই ৰচনাৱলী - প্ৰথম খণ্ড - বিষয় ঃ সাহিত্য, শোণিত বিজয় দাস আৰু মুনীন বায়ন (সম্পা.), পৃ. ৫১৮
২।       গগনচন্দ্ৰ অধিকাৰী, ‘মহাৰথী - স্ৰষ্টাৰ শিশু সাহিত্য প্ৰীতি’, গৰীয়সী, হৰেকৃষ্ণ ডেকা (সম্পা.), ডিচেম্বৰ, ২০১৬, পৃ. ২৭
৩।      হৰিকৃষ্ণ দেৱসৰে, হিন্দী বাল সাহিত্য এক অধ্যয়ন, পৃ. ২১
৪।       সত্যেন্দ্ৰনাথ শৰ্মা, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৪৪২
৫।      কৃষ্ণকুমাৰ মিশ্ৰ, ‘শিশু সাহিত্যৰ স্বৰূপ’, অনুষ্টুপ, পৃ. ১০৩
৬।      প্ৰহ্লাদ কুমাৰ বৰুৱা, জ্যোতি মনীষা, পৃ. ১৭০
৭।       কবীন ফুকন, ‘জ্যোতিপ্ৰসাদৰ শিশু সাহিত্য’ জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, জ্যোতিপ্ৰসাদ শইকীয়া (সম্পা.),  পৃ. ৪২৩
৮।      উল্লিখিত, পৃ. ৪১৩

পৰিশিষ্ট :
গ্ৰন্থপঞ্জী :
মূলগ্ৰন্থ :
গোহাঁই হীৰেন(১৯৮১) (সম্পা.),জ্যোতিপ্ৰসাদ ৰচনাৱলী, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, পৰিমাৰ্জিত আৰু পৰিবৰ্ধিত ষষ্ঠ সংস্কৰণ, ডিচেম্বৰ,ষ২০০৩                                                                                                                         
প্ৰাসংগিক গ্ৰন্থ :
ডেকা,নমিতা আৰু বৰা, লীলাৱতী শইকীয়া (সম্পা.), জ্যোতি অন্বেষণ, বাণী মন্দিৰ, গুৱাহাটী,২০১০
দাস, শোণিত বিজয় আৰু  বায়ন, মুনীন (সম্পা.), হীৰেন গোহাঁই ৰচনাৱলী প্ৰথম খণ্ড, বিষয় ঃ সাহিত্য, কথা প্ৰকাশন, গুৱাহাটী, জানুৱাৰী, ২০০৯
দেৱসৰে, হৰিকৃষ্ণ, হিন্দী বাল সাহিত্য এক অধ্যয়ন, আত্মাৰাম এণ্ড চন্স, কাশ্মিৰী গেট, দিল্লী- ৬
বড়া, বৰ্ণালী, শিশু-সাহিত্য আৰু অন্যান্য প্ৰবন্ধ, নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ, অে"াবৰ, ২০১৫
বৰুৱা, প্ৰহ্লাদ কুমাৰ, জ্যোতি মনীষা, বনলতা, ডিবèু¸গড়, তৃতীয় প্ৰকাশ, অক্টোবৰ, ২০০৩
মহন্ত, পোনা আৰু অন্যান্য (সম্পা.),ূৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ, বনলতা, ডিবèু¸গড়, ২০০৩
মিশ্ৰ, কৃষ্ণকুমাৰ, অনুষ্টুপ, প্ৰভা প্ৰকাশনী, টিয়ক, যোৰহাট, চেপ্টেম্বৰ, ২০০৯দ
শইকীয়া, জ্যোতিপ্ৰসাদ (সম্পা.) জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সদৌ অসম ছাত্ৰ সন্থা, শিল্পী দিৱসৰ জ্যোতিস্মৰণ গ্ৰন্থ     ডেষ্টিনী প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী - ৩, ২০১৭
শৰ্মা, সত্যেন্দ্ৰনাথ, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, প্ৰতিমা দেৱী, ৰিহাবাৰী, ঘৱাহাটী, সপ্তম সংস্কৰণ, ১৯৯৬

আলোচনী :
শইকীয়া, চন্দ্ৰপ্ৰসাদ (সম্পা.), প্ৰকাশ, ষষ্ঠ বছৰ, চতুৰ্থ সংখ্যা, জানুৱাৰী, ১৯৮১
গৰীয়সী, দশম বছৰ, চতুৰ্থ সংখ্যা, জানুৱাৰী, ২০০৩
           -------------------------------
 ডঃ বৰ্ণালী বড়া

 অংশকালীন সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, দুলীয়াজান মহাবিদ্যালয়