Showing posts with label লিমাৰিক. Show all posts
Showing posts with label লিমাৰিক. Show all posts

Thursday, September 6, 2018

এগণ্ডা লিমাৰিক

এগণ্ডা লিমাৰিক


            (১)
বেকাৰ জীৱনটো হৈ পৰিছিল টেঙা,
চাকৰিৰ বজাৰো যে আছিল মহঙা।
টাকুৰি ঘূৰাদি ঘূৰি,
পৰিছিল সি ভাগৰি ;
সকলোৱে‍ কৈছিল নহয় তই চেঙা।।
            (২)
টে’টত  বহি অভাজনে পালে চাকৰি,
দুৰণি‍লৈ অহা-যোৱা নাই যে আহৰি ।
দালালৰ নাই দাম,
মেধাই কৰিছে কাম ;
পাঠদানত ব্ৰতী হয় ক্লান্তি পাহৰি।।
           (৩)
প্ৰিয়জনকো দিবলৈ সময় যে নাই,
পাৰ ভঙা উছাহেৰে পোহৰ বিলায়।
বছৰ পাঁচটা গ’ল,
সলনি একো নহ’ল ;
কান্দি উঠে হিয়া এনে অপযশ পাই।।
             (৪)
গুণোৎসৱত  দিছে  হিয়া-মন ঢালি,
মৰুময় ভূমিত ম'ৰাই  ধৰে  চালি।
বাৰ্তা আহে ঘনে ঘনে,
কান্দে হিয়া মনে মনে ;
দৰমহা খেলিমেলি জেপ হৈছে খালী।।
  ◆◆◆◆◆◆◆◆

শ্ৰী প্রাণতোষ কুমাৰ সূত্ৰধৰ
সহ: শিক্ষক
গৰৈমাৰী সত্ৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও জিলা কামৰূপ (গ্ৰাম্য)
ভ্ৰাম্যভাষ: ৯৮৬৪৪০৯৫৮১

Monday, April 30, 2018

লিমাৰিক

লিমাৰিক


(১)
ধনবৰ ৰতনৰ বৰপেৰা দুটা
দুয়োটাৰে তলৰ ফালে এটা এটা ফুটা
কৃপণ ৰতনে ক'লে দেখা পাই
ৰক্ষা নাই মোৰ, হে গোসাঁই
তোমাক পূজিও মোৰ বিপদ নাইটুটা ৷
লিমাৰিক

লিমাৰিক


(১)
মানৱ সম্পদ  তুমি আমাৰে ভৰসা ,
নিজক চিনি পাবলৈ শিকা মাতৃভাষা।
শিশু তুমি অসমীয়া ,
নাম হব  যুগমীয়া;
অ-আ-ক-খ আখৰত দেখোঁ সেই আশা।।

(২)
নুবুজি আওঁৰালে ভাটৌৰ মিঠা মাত ,
হাঁহিব সমনীয়াই নিকটাই দাঁত ।
আশাৰ পদুম কলি,
তুমি অসমৰ ছলি ;
মাতৃভাষাৰ সুধা পি শক্তি আনা গাত।।

 (৩)
বিলাতৰ  ভাষাৰে জগত চিনি  পাই
সময়ৰ লগত তুমি  যাবা আগুৱাই।
কৰোঁ মই  অভিমান
ভাষা মোৰ স্বাভিমান ,
জনাবা জগতক বুকুত হাত থই ।।

প্ৰাণতোষ সূত্ৰধৰ
(টোকা:  ছলি শব্দটো অসমৰ নামনি অঞ্চলত ব্যৱহৃত শব্দ ৷  শিশু,লৰা-ছোৱালী বুজায়)


Saturday, September 2, 2017

 লিমাৰিক

লিমাৰিক

                 ()

মাছৰ তেলেৰেই মাছ ভজাৰ মন
সেয়ে লৈছোঁ মই যৌতুক লোৱাৰ পণ
কাম কৰোঁ চৰকাৰী
ঘোচ খোৱা দৰকাৰী
বিয়া পাতি পাম কিছু ফকতীয়া ধন