Showing posts with label শিল্পকৰ্ম. Show all posts
Showing posts with label শিল্পকৰ্ম. Show all posts

Thursday, September 7, 2017

পেলনীয়া সামগ্ৰীৰে কিছু শিল্পকৰ্ম

পেলনীয়া সামগ্ৰীৰে কিছু শিল্পকৰ্ম




কণীৰ চোকোৰাৰে পাত্ৰ সজাওঁ আহক 

প্ৰয়োজনীয় সামগ্ৰী :
যিকোনো আকাৰৰ দৈৰ পাত্ৰ বা পেলনীয়া ঘট (ইয়াত মলাইৰ সৰু পাত্ৰ এটা লোৱা হৈছে ) 

ফেৱিকল আঠা 
কণীৰ চোকোৰা
ৰং (ফেব্ৰিক কালাৰ)
ব্ৰাছ ( no. 2/3 )
গ্লিটাৰ এটা
ষ্টোন ( ইচ্ছানুযায়ী)

● প্ৰথমতে পাত্ৰটো ধুই শুকুৱাই লৈ তাত মনৰ পছন্দৰ ৰং (বেচ কালাৰ হিচাপে) দিব ।● দ্বিতীয়তে কণীৰ চোকোৰাটো সৰু সৰুকৈ ভাঙি পাত্ৰটোৰ গাত আঠা দি লগাই যাব । ডাঙৰ পাত্ৰ হ'লে টুকুৰাবোৰ ডাঙৰকৈ দিব । 
● আঠা শুকালে চোকোৰাবোৰত ৰং দিব । চোকোৰাৰ প্ৰতিটো টুকুৰাত বেলেগ বেলেগ ৰঙো দিব পাৰে । ৰং শুকালে গ্লিটাৰেৰে কাষত আউটলাইন দিব । ইচ্ছা কৰিলে ষ্টোন লগাব পাৰে । এইটো ফুলডানি হিচাপে বা এনেয়েও সজাব পাৰে । কণীৰ চোকোৰাৰ উপৰিও বাদামৰ বাকলি বালি আদিও ব্যৱহাৰ কৰিব পাৰে ।


বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তৈয়াৰ কৰাৰ কাৰণে খুউব সহজলভ্য, কমখৰচী সামগ্ৰীৰে আৰু সহজকৈ তৈয়াৰ কৰিব পৰাকৈ দিয়া হৈছে । )

*শিল্পকাৰ

ফেব্ৰিক কালাৰ
ব্ৰাছ
ফেভিক'ল আঠা
পট, প্লেট বা য'ত বনাব খোজে ।

    বজাৰত উপলব্ধ 'শিল্পকাৰ' পেকেট ক্ৰয় কৰি পেকেটৰ ভিতৰত থকা দুইবিধ সামগ্ৰী 
ভালদৰে মিহলাই ল'ব । আটা মথাৰ দৰে মথিব । হাতত অলপমান পাওডাৰ সানি ল'ব, লাগি নধৰে । অথবা বজাৰত পোৱা 'চাইনিজ ক্লে পাওডাৰ' ল'ব পাৰে । পাওডাৰ আৰু ফেভিক'ল আঠা অলপ আটা মথাৰ দৰে মথি মিশ্ৰণটো বনাই ল'ব ।ইয়াৰ পিছত মিশ্ৰণটোৰ পৰা সৰু সৰু বল কৰি হাতেৰে হেঁচি সৰু সৰু ৰুটীৰ দৰে বনাই ল'ব ।তাৰ পিছত এখনৰ কাষত আনখন জাপি গোলাপৰ আকাৰ দিব । বেলেগ ফুলো বনাব পাৰে । পাতৰ বাবে হাতেৰে পাতৰ আকাৰ দি চুৰি দি কাটি শিৰা বিলাক দিব পাৰে। ফুলপাহ ক'ৰবাত লগাবলৈ ফেভিকল আঠা ব্যৱহাৰ কৰিব। আধাঘণ্টামান পিছত সেইখিনি শুকালে পছন্দমতে ৰং দিব । 
    এনেদৰে ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন মডেলো তৈয়াৰ কৰিব পাৰে । যিহেতু নগৰ অঞ্চলত মাটিৰে বস্তু বনাবলৈ অলপ অসুবিধা হয় । এইবোৰৰ স্থায়িত্বও মাটিৰ বস্তুতকৈ বেছি‍ ।
                                                       লখিমী হাজৰিকা, ৰাংচালি মধ্য ইংৰাজী বিদ্যালয় শি‍ক্ষাখণ্ড তিতাবৰ, যোৰহাট