Showing posts with label চমুলেখা. Show all posts
Showing posts with label চমুলেখা. Show all posts

Monday, September 17, 2018

প্ৰশংসা

প্ৰশংসা


প্ৰশংসা শব্দটো আমাৰ সকলোৰে প্ৰিয়। আমি প্ৰত্যেকেই প্ৰশংসা বিচাৰোঁ! ই আমাক প্ৰেৰণা দিয়ে। নতুন আৰু সুস্থ চিন্তা কৰিবলৈ বাধ্য কৰে। ই এটা সদৰ্থক শব্দ ৷
প্ৰশংসাৰ ব্যৱহাৰ আকৌ এক মন কৰিবলগীয়া বিষয়৷ কথাটো বুজাবলৈ
উদাহৰণ কেইটিমানৰ সহায় লোৱা হ'ল—

আমি প্ৰায়েই কিছুমান ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক প্ৰশংসা কৰি ব্যক্তিজনৰ দৃষ্টি আকৰ্ষণ কৰাৰ যত্ন কৰোঁ ..!
বিশেষকৈ প্ৰভাৱশালী ব্যক্তিৰ ক্ষেত্ৰত এনে কৰা প্ৰায়েই পৰিলক্ষিত হয়। এনে প্ৰশংসা সচৰাচৰ নিজৰ স্বাৰ্থ পূৰণাৰ্থে কৰা হয় ! সংশ্লিষ্ট ব্যক্তিগৰাকীয়েও কথাটো বুজিব পাৰে। তথাপি আমি কেতিয়াবা দৃষ্টিকটুভাৱে এনে প্ৰশংসা কৰোঁ, যিটো কৰা উচিত নহয় ৷ নিজৰ কিবা প্ৰয়োজন থাকিলে তেনে প্ৰভাৱশালী ব্যক্তিক আপোনাৰ কথাখিনি যুক্তিৰে বুজাবলৈ যত্ন কৰিব লাগে ৷ কাম আদায়ৰ বাবে অযথা প্ৰশংসা কৰিলে নিজৰ স্বৰূপহে প্ৰকাশ পায় ৷

আকৌ কেতিয়াবা কিছুমান মানুহৰ কামে আমাক ইমানেই আনন্দ দিয়ে যে আমাৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে প্ৰশংসা প্ৰকাশ পায় । সেই ক্ষেত্ৰত মানুহগৰাকীৰ কামকহে গুৰুত্ব দিয়া হয় । তেওঁ কোন, ক'ত, কিয় বিখ্যাত আদি কথাবোৰ গৌণ হৈ পৰে।  আমাৰ লাভ-লোকচানৰ কথাও নাহে ৷ এনে ধৰণৰ প্ৰশংসা সেই ব্যক্তিজনৰ প্ৰাপ্য৷ সেই প্ৰশংসা তেওঁ উপাৰ্জন কৰিছে ৷

আৰু এটা কথা—  সন্মুখত প্ৰশংসা কৰাটো উচিত নহয় যদিও কেতিয়াবা এনে প্ৰশংসাই ব্যক্তিজনক উদ্বুদ্ধ কৰাও পৰিলক্ষিত হয়। বিশেষকৈ সৰু ল'ৰা-ছোৱালীক এনেদৰে উৎসাহ যোগাব পাৰি । কাৰণ শিশুৰ মনত কোনো কলুষ-কালিমা নাথাকে। প্ৰকৃত গুণীজনকো সন্মুখত প্ৰশংসা কৰাটো অন্যায় বুলি নাভাবোঁ। কিয়নো প্ৰশংসাই তেওঁলোকক প্ৰেৰণা দিয়ে...। ন ন সৃষ্টিৰ বাবে প্ৰেৰণা লাভ কৰে ৷

আৰু এটা চিন্তনীয় কথা আমাৰ মনলৈ আহিছে যে আমি প্ৰশংসা আশা কৰাৰ আগতে তাৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব । কিবা এটা কাম কৰি প্ৰশংসা নাপালোঁ বুলি আক্ষেপ কৰাৰ কোনো অৰ্থ নাই । প্ৰশংসা খুজি লোৱা বিষয় নহয় । প্ৰশংসা আমি নিজৰ কৰ্মৰ জৰিয়তে আজুৰি আনিব পাৰিব লাগিব !

—বিনীতা ভূঞা
প্ৰবক্তা ,অসমীয়া বিভাগ
লামডিং মহাবিদ্যালয় 

Thursday, September 6, 2018

দৰমহা

দৰমহা


হঠাৎ দৰমহা কথা মনত পৰি গ’ল
*******
দিনটো ৰঙীন পৃথিৱীৰ ৰঙৰ আবিৰতে পাৰ হৈ গ’ল৷ হঠাতেই দৰমহা কথা মনত পৰি গ’ল৷ টেট শিক্ষকৰ চাকৰি ৷ দৰমহা কেইটাই যেনে তেনে চলি আছো ৷ আবেলি চাৰিআলি দোকানীজনে প্ৰশ্ন কৰিলে হোলীত ঘৰলৈ নগ’ল৷
মইয়ো কলো,"নাই , নগলো৷"
দোকানীজনে ক’লে , "হয় দিয়ক , কিবা উৎসৱৰ নামত ঘৰলৈ গলেই কেইবাশ টকাও যায়৷ তাতে আপোনলোকৰ দৰমহানো কেইটকা৷"
"হয় দিয়ক৷ নিজেই চলি আছো ৷"
"উপাই নাই আৰু৷ তাতে ইমান দুৰৈত৷"
লাহে লাহে তাৰপৰা আতৰি আহিলো৷ তেওঁ কথাষাৰে মোক দুখ লগাই দিলে৷ তেওঁ গাতো কোনো দোষ নাই৷ কাৰণ টেট শিক্ষকৰ দৰমহা সকলোৱে জানে৷
সঁচাকৈয়ে ঘৰৰপৰা বহু দূৰৈত শিক্ষকতা চাকৰি কৰিছোহি৷ ইমান ভিতৰুৱা ঠাই৷ গাঁৱৰ মাজে মাজে ঘুৰি ফুৰিছো৷ গাঁও অঞ্চলত ভাড়া ঘৰ নাই৷ সেয়েহে চাৰিআলিহেন ঠাইত থাকিব লগা হৈছে৷ তাৰোপৰি স্কুললৈ অহা যোৱা কৰিবলৈ কেইবাটকাও খৰচ হয়৷ সেইয়া আতৰত থাকি স্কুল কৰা সকলোৱে জানে৷
দোকানীজনৰ দৰমহা অংকটোৱে মোক ভবাই তুলিলে৷ সিদিনা ফেচবুকতে এজনে দিছে ছয় বছৰ চাকৰি জীৱন হ’ল একাউন্টত শূন্য টকা জমা আছে৷ এনেকুৱা হাজাৰজনৰেই হৈছেে৷ ঘৰৰ বাহিৰত চাকৰি কৰা মানে ঘৰভাড়া, দৈনন্দিন আহাৰ, পানী, কাৰেন্টৰ বিল সকলোবোৰৰে দাম বাঢ়িল৷ কিন্তু শিক্ষকৰ দৰমহাহে গেঠেলা লাগিল৷ চেণ্টেল চৰকাৰৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰম্ভিক দৰমহাই বহুত৷ কিন্তু অসমৰ শিক্ষকৰ দৰমহা বিশেষকৈ টেট শিক্ষকৰ দৰমহা পুতৌজনক৷ ঘৰলৈ অহা যোৱা কৰিলেই এবাৰত তিনি চাৰিহাজাৰ খৰচ হয়৷ নামনি অসমৰপৰা উজনী অসমলৈ গাড়ী ভাৰাটোকেই চাওঁকচোন৷
এৰা , এইবোৰ নিতান্তই ব্যক্তিগত কথা৷ কিন্তু দৰমহাটোযে হাতত নাথাকেই৷ যি অনুপাতে বস্তুৰ দাম বাঢ়িছে তাৰ তুলনা একেবাৰে অৰ্থহীন হৈ পৰে আমাৰ দৰমহা৷ শাক পাচলি, মাছ, মঙহ , দৈনন্দিন প্ৰয়োজনীয় বয় বস্তুত সুৰা সুৰে দাম বাঢ়ি গৈয়েই আছে৷ কিন্তু দৰমহা প্ৰাপ্যৰ পৰাও বঞ্চিত হলো৷ সকলো বাস্তৱ ছবি৷ ঘৰত বৃদ্ধ পিতৃ মাতৃ৷ এইয়া সকলোজনৰেই বুলিব পাৰি৷ কিবা এটা উৎসৱ আহিলেই সাউৎকৈ মনত পৰে দিয়কচোন৷ আতৰৰপৰাই উৎসৱৰ দিনা ফ’নত কথা পাতি মনৰ অনুভৱক বুজ লওঁ৷ তেওঁলোকৰ মনৰ বিষাদ নিৰৱেই ঢাকি ৰাখে৷ কোনোবাজনৰ পত্নী, লগতে কণমানি কেচুৱা৷ কাৰোবাৰ ঘৰুৱা অলেখ জঞ্জাল৷ এই সকলোবোৰৰ দায়িত্ব আতৰত কৰ্মৰত শিক্ষকজনেই৷ যিদৰে মই ইয়াৰ উদাহৰণ৷
কেতিয়াবা কোনোবাজনেটো কৈয়েই পেলাই ইমান আতৰত সেইকেইটা টকা লৈ চাকৰি কৰে নেকি৷ তাৰ সলনি বেলেগ কিবা এটাকে কৰ৷ উপাইহীন মনোভাৱনা, উপায়হীন আৰ্থিক৷ কি কৰিব ৷ কাৰোবাৰ কথালৈ অৱশ্যে কোনো ভ্ৰুক্ষেপ নকৰো৷ তথাপি ও চাকৰি এৰি গলেও এচামে হাঁহিব৷ কৰি থকা দেখিও এচামে হাহে৷ কিংকতব্যবিমূঢ়৷
চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ

চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ


চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণ সমূহ ..
১.অভিভাৱকৰ মানসিকতা । বহুতৰে মাজত কেৱল ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত হে গুণগত শিক্ষা লাভ কৰিব বুলি এটা ভুল ধাৰণাই শিপাই আছে।
২.ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰাইভেট স্কুলৰ দৰে কেইখন চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি ভাল ?(না ভাল এটা লাইব্ৰেৰী আছে ,না কেণ্টিন আছে,না ভাল শ্ৰেণীকোঠা আছে ,না ভাল toilet আছে ,না ভাল খোৱা পানীৰ সু ব্যৱস্থা আছে ,না ভাল ডাইনিং হল আছে, না ভাল Auditorium ,না আধুনিক প্ৰযুক্তিৰে সু সজ্জিত শ্ৰেণীকোঠা আছে যিবোৰে ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব??)
৩.বিষয় অনুপাতে শিক্ষকৰ অভাৱ।
৪.ছাত্ৰ ছাত্ৰীক পঢ়োঁওৱাৰ উপৰিও শিক্ষকক আন বিভিন্ন দায়িত্ব জাপি দিয়া ।
৫.তথাকথিত প্ৰাইভেট বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত কৈ অনুশাসন ভাল বুলি জনমানসত এটা বিশ্বাস আছে। যাৰ বাবে কিছুমান চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম ।
৬.Evaluation পদ্ধতিৰ ভুল ব্যাখ্যা । বহুতে চৰকাৰী বিদ্যালয়ত pass fail নাই বুলি অভিযোগ কৰে ।
৭.যাচি দিলে সোঁণৰো মূল্য নাই ।শুনিবলৈ আচহুৱা যেন লাগিলেও কিন্তু চৰকাৰী স্কুলত সকলো বস্তু ফ্ৰী হোৱাৰ বাবেও ছাত্ৰ ছাত্ৰী কম হোৱাটো নুই কৰিব নোৱাৰি ।(ফ্ৰী বস্তুৰ গুণাগুণ বেয়া বুলি আমাৰ সমাজত এটা ভুল ধাৰণা আছে).সেয়েহে সমসাজৰ পৰা আৰম্ভ কৰি বহি কিতাপৰ পৰা মাধ্যাহ্ন ভোজন সকলো বিনামূলীয়া হোৱা সত্বেও লক্ষণীয় ভাৱে কিছুমান দুখীয়া অভিভাৱকে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও নিজৰ সন্তানটিক ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত হে পঢ়োৱাইছে ।
এইকেইটা প্ৰধান সমস্যাৰ উপৰিও আৰু এশ এবুৰি সমস্যা আছে। আৰু কি কি সমস্য থাকিব পাৰে বাৰু?আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াব ।
(ইমান সমস্যাৰ পিছতো কিন্তু আমাৰ বিদ্যালয়ত প্ৰায় 300 ছাত্রছাত্ৰী আছে ..ই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ বাবে এক শুভ লক্ষণ বুলি মই ভাবো )
 ক’ত নে ক’লৈ?

ক’ত নে ক’লৈ?

  

 আজি-কালি অসমীয়াত লিখোঁতে, কওঁতে সকলোতে ‘ক’লৈ’-ৰ পৰিৱৰ্তে ‘ক’ত’ শব্দটি বিনাদ্বিধাই ভেদ নোহোৱাকৈ ব্যৱহাৰ কৰি থকাটো মুঠেও যুক্তিসংগত হোৱা নাই। এই ক্ষেত্ৰত দূৰদৰ্শনৰ বে‍চৰকাৰী চেনেলবোৰৰ সংশ্লিষ্ট দায়িত্ববাহীসৱৰ অৱহেলা, অদূৰদৰ্শিতা আৰু আমাৰ ভাষিক সংবেদনশীলতাৰ অভাৱে মাতৃভাষাৰ সংকট আৰু প্ৰকট কৰি তুলিছে। অসমীয়াত ‘ক’ত’ শব্দটি ‘কোন ঠাইত’ বুলি প্ৰশ্ন কৰোঁতেহে ব্যৱহাৰ হ’ব লাগে। তেনেকৈ কোন ফালে বা কোন ঠাইলৈ বুলি সোধোঁতে ‘ক’লৈ’-ৰ সলনি যদি ‘ক’ত’ ব্যৱহাৰ কৰিলেই হয়, তেন্তে ‘‘কিতাপখন ক’ত আছে?’’ নুবুলি ‘‘কিতাপখন ক’লৈ আছে?’’ বুলি চৰ্চা কৰিলেও হয়তো এসময়ত সেয়াও শুদ্ধ যেনেই লাগিব।এতিয়া কথা হ’ল — ইংৰাজী, হিন্দী বা আন ভাষা চৰ্চা কৰোঁতে আমি শব্দৰ শুদ্ধতাৰ প্ৰতি যিমানখিনি সজাগ হওঁ, স্বাভাৱিকতে  মাতৃভাষাৰ বেলিকা সিমান সজাগ নহওঁ। সম্প্ৰতি অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত শিক্ষিত চামৰ মাজত মাত্ৰ ‘কাম চলি যোৱা’ নীতি অৱলম্বন কৰাটোহে পৰিদৃষ্ট হৈছে। এনে ধৰণৰ আৰু আলোচ্য বহু কথাই আছে। আমি অন্তঃকৰণেৰে আশা কৰোঁ, আমাৰ কাকত–আলোচনী বা সংবাদ মাধ্যমেৰে সৈতে জড়িত সকলোৱে এই দিশত সময়োচিত গুৰুত্ব দিব। তেহে ‘চিৰ চেনেহী ভাষা জননী’-ৰ মান অটুট থাকিব।



 অবিনাশ কলিতা, টিহু
 ভ্ৰাম্যভাষঃ ৯৬১৩৮ ১৭৫৯৬

Wednesday, September 5, 2018

ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান

ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান


আজি আপোনালোকক ইংৰাজী ভাষাৰ মজাৰ কথা কেইটামান জনাব বিচাৰিছোঁ
১) ইংৰাজী ভাষাৰ আটাইতকৈ দীঘলীয়া শব্দ হৈছে ‘floccinaucinihipilification’.
২) উক্ত শব্দটোত 14 বাৰ vowel ব্যৱহাৰ হৈছে। অৰ্থাৎ আটাইতকৈ বেছি বাৰ vowel ব্যৱহাৰ হোৱা শব্দ।
৩) সাধাৰণতে পৰীক্ষাত ৮০ নম্বৰ পালে letter পোৱা বুলি জানো। সেই letter নম্বৰৰ ৰহস্য হ'ল L=১২, e=৫, t=২০, t=২০, e=৫, r=১৮ যোগফল৷
১২+৫+২০+২০+৫+১৮= ৮০
৪) ইংৰাজীৰ ‘madam’ আৰু ‘reviver’ শব্দ ওলোটাই লিখিলেও বানান একেই থাকে।
৫) “a quick brown fox jumps over the lazy dog” এই বাক্যটোত ইংৰাজীৰ আটাইকেইটা বৰ্ণ আছে।
৬) ইংৰাজীৰ আটাইতকৈ সৰু বাক্য হ'ল “I am.”৷
৭) ‘Abstemious’ আৰু ‘facetious’ শব্দ দুটাত আটাইকেইটা vowel ক্ৰমানুসাৰে আছে। 
৮) ‘q’-ৰে আৰম্ভ হোৱা সকলো শব্দত ‘q’-ৰ পিছত সদায় ‘u’ থাকে।
৯) ‘Queueing’ একমাত্র শব্দ, য’ত একেলগে ৫ টা vowel আছে।
১০) ‘Queue’ এনে এটা শব্দ, যাৰ শেষৰ ৪ টা বৰ্ণ কাটি দিলেও উচ্চাৰণ একেই হৈ থাকে।
১১) এটাও বৰ্ণৰ পুনৰাবৃত্তি নোহোৱাকৈ আটাইতকৈ দীঘলীয়া শব্দ ‘uncopyrightable’৷
১২) ‘Rhythm’ হ'ল আটাইতকৈ দীঘলীয়া শব্দ, য'ত এটাও vowel ব্যৱহাৰ হোৱা নাই।
১৩) vowel থকা আটাইতকৈ সৰু শব্দ হ'ল ‘a’ (এটা) আৰু ‘I’ (মই)৷
১৪) vowel নথকা আটাইতকৈ সৰু শব্দ ‘by’৷
১৫) গুপ্তহত্যাৰ ইংৰাজী প্ৰতিশব্দ ‘assassination’-ৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল গাধ-গাধ-মই-জাতি।
১৬) ‘Lieutenant’ শব্দাটোৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল মিছা-তুমি-দহ-পৰুৱা।
১৭) ‘uncomplimentary’ শব্দটোত আটাইকেইটা vowel আছে। মজাৰ কথা হ'ল যে ওলোটা ক্ৰমানুসাৰে (u-o-i-e-a) আছে।
১৮) ‘Exclusionary’ এনে এটা পাঁচটা vowel সমৃদ্ধ দীঘলীয়া শব্দ, য'ত এটাও বৰ্ণৰ পুনৰাবৃত্তি নহয়।
১৯) ‘study’, ‘hijak’, ‘nope’, ‘deft’ এই চাৰিটা শব্দৰ প্ৰথম তিনিটা বৰ্ণই ক্ৰমানুসাৰে আছে। 
২০) ‘executive’ আৰু ‘future’ এনে দুটা শব্দ, য'ত প্ৰত্যেক বৰ্ণৰ পিছত একোটাকৈ vowel আছে।
২১) ‘A1’ একমাত্ৰ ইংৰাজী শব্দ, য'ত সংখ্যাৰ ব্যৱহাৰ হয়।
২২) ‘I’-ৰ পিছত ‘am’ হয়। কিন্তু  “I is the ninth letter of alphabet.”
২৩) ‘Stewardesses’ ইংৰাজীৰ একমাত্ৰ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে মাথোঁ বাঁও হাতখন ব্যৱহাৰ হয়।
২৪) ‘dreamt’ একমাত্ৰ ইংৰাজী শব্দ, যাৰ শেষত mt আছে।
২৫) ইংৰাজীত তিনিটাই শব্দ আছে, যাৰ শেষত ceed হয় ‘proceed’, ‘exceed’, ‘succeed’৷
২৬) ‘Lollipop’ আটাইতকৈ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে অকল সোঁ হাতখন ব্যৱহাৰ কৰা হয়।
২৭) ‘almost’ একমাত্র দীঘলীয়া শব্দ, যাৰ বৰ্ণকেইটা ক্ৰমানুসাৰে আছে।
২৮) ইংৰাজীত মাথোঁ চাৰিটা শব্দই আছে, যাৰ শেষত dous ব্যৱহাৰ হয় — ‘tremendous’, ‘horrendous’, ‘stupendous’,
‘hazardous’৷ 
২৯) ‘Screeched’ হ'ল এটা syllable থকা আটাইতকৈ দীঘলীয়া শব্দ।
৩০) ‘underground’ এনে এটা শব্দ, যাৰ আৰম্ভণি আৰু সমাপ্তিত und থাকে। 
৩১) আপুনি জানেনে যে ‘set’ শব্দটোৰ আটাইতকৈ বেছি সংখ্যক অৰ্থ আছে।
৩২) ‘therein’ এনে এটা শব্দ, যাক নসজোৱাকৈ‍ দহটা নতুন শব্দ পাব পাৰি ‘the’, ‘her’, ‘ere’, ‘rein’, ‘in’, ‘there’, ‘he’, ‘here’, ‘herein’, ‘therein’৷
৩৩) ‘Typewriter’ একমাত্ৰ দীঘলীয়া শব্দ, যাক কীব'ৰ্ডত টাইপ কৰোঁতে অকল কীব'ৰ্ডৰ ওপৰৰ শাৰীৰ key-সমূহ ব্যৱহাৰ হয়।
৩৪) ‘indivisibility’ একমাত্ৰ দীঘলীয়া শব্দ, য'ত এটাই মাত্ৰ vowel ৬ বাৰ ব্যৱহাৰ হৈছে।
৩৫) ‘bookkeeper’ এনে এটা শব্দ, য'ত তিনিজোৰ শব্দ একেলগে ব্যৱহাৰ হৈছে oo, kk আৰু ee৷
৩৬) ‘Understudy’ এনে এটা শব্দ, য'ত চাৰিটা ক্ৰমিক বৰ্ণ rstu একেলগে আছে।
...................................
গৌতম দত্ত

কালি, কালিলৈ, অহাকালি, যোৱাকালি‍

কালি, কালিলৈ, অহাকালি, যোৱাকালি‍


কেইমাহমানৰ পূৰ্ব‍ে ‘Facebook Teacher Desk’ গোটত এটা প'ষ্ট দিছিল জয়ন্ত কুমাৰ খাখলাৰী ছাৰে৷ প'ষ্টটোত তেখেতে গুৰুত্বপূৰ্ণ বিষয় এটা উত্থাপন কৰিছিল৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ অষ্টম শ্ৰেণীৰ প্ৰশ্নকাকত (Set -A) ৰ ভাষা -১ত থকা ১০ নং প্ৰশ্নটো আছিল এনে ধৰণৰ—
Q.No.10. তলৰ কোনটো বাক্য শুদ্ধ?

(A) সি কাইলৈ গুৱাহাটীলৈ যাব৷

(B) সি কালি গুৱাহাটীলৈ যাব৷ 

(C) সি অহাকালি গুৱাহাটীলৈ যাব৷ 

(D) সি কালিলৈ গুৱাহাটীলৈ যাব৷
কোনটো শুদ্ধ এতিয়া, ছাৰৰ প্ৰশ্নটো আছিল সেইটো৷ বিকল্প B-টো শুদ্ধ নহয়, কিয়নো কালি (yesterday) গুৱাহাটীলৈ যাব বুলি কৈছে৷ ঠিক তেনেদৰে বিকল্প C-টোও শুদ্ধ নহয়, কিয়নো 'অহাকালি' শব্দটো ব্যৱহাৰ কৰা হৈছে৷ 'অহাকালি' আৰু 'যোৱাকালি' শব্দ দুটা অসমৰ কিছুমান অঞ্চলত কথিত ৰূপত ব্যৱহাৰ হয়৷ কিন্তু মান্য ৰূপত আৰু লিখিত ৰূপত সেই দুটা শব্দ ভুল বুলি ধৰা হয়৷ মান্য ৰূপত কালি কালিয়েই৷ অহা কালি (next yesterday) আৰু যোৱা কালি (last yesterday) হিচাপে ব্যৱহাৰ কৰা নহয়৷ মন কৰিব যে মই মান্য ৰূপটোৰ কথাহে কৈ আছোঁ৷ কোনেও ভুলভাৱে নলয়যেন৷

প্ৰশ্নটোত আমি দুটা শুদ্ধ উত্তৰ পাওঁ৷ সেই দুটা হ'ল — বিকল্প A আৰু D৷ বিভিন্নজনে মন্তব্য দিছিল তেখেতৰ প'ষ্টত৷ কাৰোবাৰ মতে কেৱল A শুদ্ধ, কাৰোবাৰ মতে কেৱল D-হে শুদ্ধ আৰু কাৰোবাৰ মতে A আৰু D দুয়োটাই শুদ্ধ৷ প্ৰকৃততে A আৰু D দুয়োটাই শুদ্ধ হ'ব, যদিহে আমি আমাৰ অভিধানসমূহ মানি চলোঁ৷
A-ত লিখিছে "সি কাইলৈ গুৱাহাটীলৈ যাব" আৰু D-ত লিখিছে "সি কালিলৈ গুৱাহাটীলৈ যাব"৷ মাত্ৰ 'কাইলৈ' আৰু 'কালিলৈ' শব্দ দুটাতহে পাৰ্থক্য আছে বাক্য দুটাত, যিকেইটাৰ অৰ্থ একেই; সেইটো হ'ল— ‘tomorrow’৷
বিষয়টো যাতে স্পষ্ট হয়, তাৰ বাবে অসমীয়া ভাষাৰ আগশাৰীৰ অভিধানকেইখনমানৰ পৰা প্ৰসংগ তুলি ধৰিব খুজিছোঁ৷
ক) হেমকোষ, পঞ্চদশ সংস্কৰণৰ পৰা—
কাইলৈ : কালিলৈ, অহা দিনলৈ, আগত দিনলৈ, tomorrow ৷ (পৃষ্ঠা নং - ২৯৩)
কালিলৈ, কাইলৈ: আজিৰ পিচৰ দিনটো, আজিৰ দিনটো শেষ হৈ আৰম্ভ হ'বলগীয়া পৰৱৰ্তী দিনটো, tomorrow, the day after today ( পৃষ্ঠা নং— ৩১৬)
খ) চন্দ্ৰকান্ত অভিধান, তৃতীয় সংস্কৰণৰ পৰা—
কাইলৈ: কালিলৈ; অহা আগত দিনলৈ; tomorrow (পৃষ্ঠা নং ১৯৪)
গ ) শৰাইঘাট অভিধান, চতুৰ্থ সংস্কৰণৰ পৰা—
কাইলৈ: কালিলৈ; আজিৰ পিছদিনা ৷ tomorrow ( পৃষ্ঠা নং—১৫৩)
কালিলৈ: আজিৰ পাছৰ দিনটো; কাইলৈ ৷ tomorrow ( পৃষ্ঠা নং—১৭১)
কালি: ৪) হৈ যোৱা দিনটো ৷ yesterday (পৃষ্ঠা নং—১৫২)
ঘ) আধুনিক অসমীয়া শব্দকোষ, (সুমন্ত চলিহা) দ্বিতীয় তাঙৰণৰ পৰা—
কাইলৈ: কালিলৈ; আজিৰ পিচদিনা [ tomorrow] (পৃষ্ঠা নং— ৯৩)
ঙ) অসমীয়া অভিধান, গিৰিধৰ শৰ্মা, তৃতীয় সংস্কৰণৰ পৰা —
কাইলৈ: কালিলৈ, tomorrow (পৃষ্ঠা নং—১৮৭)
উক্ত আটাইকেইখন অভিধানতে আমি দেখিলোঁ যে ‘কাইলৈ’ আৰু ‘কালিলৈ’ দুয়োটা সমাৰ্থক৷
‘অংকুৰণ’-কেইখনৰ প্ৰথমভাগতে থকা 'শিক্ষকে মন কৰিবলগীয়া কথা'-ত আমি পাওঁ যে পাঠ্যপুথিসমূহ প্ৰস্তুত কৰোঁতে আখৰ-জোঁটনি আৰু শব্দাৰ্থৰ ক্ষেত্ৰত বিশেষকৈ 'হেমকোষ' আৰু 'চন্দ্ৰকান্ত অভিধান'-কে আধাৰ স্বৰূপে লোৱা হৈছে৷ প্ৰয়োজন সাপেক্ষে এই দুখন অভিধান ব্যৱহাৰ কৰিবলৈ পৰামৰ্শও দিয়া হৈছে৷ বাকীবোৰ অভিধানৰ কথা বাদ দিছোঁ ৷ পাঠ্যপুথিৰ আধাৰ স্বৰূপ এই দুখন অভিধানতো দেখা গ'ল— কাইলৈ = কালিলৈ৷ অৰ্থাৎ প্ৰশ্নটোত থকা বিকল্প A = বিকল্প D৷ দুয়োটা বিকল্পই সম্পূৰ্ণ শুদ্ধ৷
বহুবিকল্পী প্ৰশ্ন (MCQ)-ত এটাহে মাথোঁ শুদ্ধ উত্তৰ দিব পাৰে৷ দুটা বা অধিক শুদ্ধ উত্তৰ দিয়াটো ভুল৷ গতিকে এইক্ষেত্ৰত প্ৰশ্নকাকত প্ৰস্তুতকৰোঁতাৰেই ভুল বুলি ভাবিব পাৰি৷

উক্ত কথাখিনিৰে গোটত এটি প’ষ্ট দিওঁতে এজনে যুক্তি দৰ্শাইছিল যে ‘কালি‍’ হ’ল কাল আৰু ‘লৈ’ হ’ল বিভক্তি৷ এজনে ক’লে যে ‘কালি‍’ যদি পাৰ হৈ যোৱা দিনটো হয়, তেন্তে ‘কালিলৈ‍’ শব্দটো এটা ভুল শব্দ৷ এই বিষয়টো স্পষ্ট কৰিবৰ বাবে অলপ কথা সংযোগ কৰিব খুজিছোঁ— শব্দ এটাৰ শেষৰ অংশত ‘লৈ‍’ থকা মানেই সকলো ক্ষেত্ৰতে ‘লৈ‍’-টো বিভক্তি নহয়৷ শেষত ‘লৈ‍’ থকা দুটামান শব্দলৈ মন কৰিলেই কথাষাৰ স্পষ্ট  হ’ব— খালৈ, বিলৈ, হালৈ, হিলৈ, দলৈ৷ এইকেইটাত শব্দৰ শেষত ‘লৈ‍’ আছে যদিও ইয়াত ‘লৈ‍’ অংশটো বিভক্তি হিচাপে ব্যৱহাৰ হোৱা নাই৷ খালৈ, বিলৈ, হালৈ, হিলৈ আৰু দলৈ একো একোটা স্বতন্ত্ৰ শব্দ৷ ঠিক তেনেকৈ ‘কালিলৈ‍’ শব্দটোও এটা স্বতন্ত্ৰ শব্দ৷ সেইবাবে এই প্ৰসংগত বিভক্তিৰ কথাটো নাহে আৰু সেই বাবেই ‘কালি’ আৰু ‘কালিলৈ’ — এই দুয়োটা শব্দই শুদ্ধ আৰু এটা আনটোৰ সমাৰ্থক হিচাপেই ব্যৱহৃত৷  মান্য ৰূপত 'অহাকালি' আৰু 'যোৱাকালি' শব্দ দুটাহে ভুল৷

— দেৱভূষণ

Thursday, April 26, 2018

135 No. Kokoya LP School

135 No. Kokoya LP School

যিসময়ত গুণোৎসৱ সম্পৰ্কে মনত খু-দুৱনি লাগি আছিল, সেই সময়তে ফেচবুকত গুণোৎসৱৰ Evaluation সম্পৰ্কীয় সময়োপযোগী লেখা এটি পাইছিলো। লিখনিটো পঢ়ি মনৰ দুৰ্বলতাবোৰ দূৰ হোৱাৰ লগতে, বিশেষ সাহস অনুভৱ কৰিছিলো; তেতিয়াই ভাবিছিলো-

Tuesday, September 5, 2017

টুকুৰা লেখা

টুকুৰা লেখা

       কাল



     আমি জানো যেকাল তিনি প্ৰকাৰৰ - অতীতবৰ্তমান আৰু ভৱিষ্যৎ কাল বৰ্তমান কাল আচলতেকোনো কালেই নহয় প্ৰতিটো ক্ষণতেবৰ্তমানটো অতীত হৈ আছে আৰু প্ৰতিটো ভৱিষ্যৎ বৰ্তমান হৈ আছে বৰ্তমান কালটো চকুৰ পলকতে নাইকিয়া হৈ যায় গতিকে আমি আমাৰ কৰণীয় কামবোৰ ভৱিষ্যতৰ কাৰণে ৰখা মানেই আমি ক্ষতিগ্ৰস্ততাৰ ফালে আগবাঢ়ি যোৱা পৱিত্ৰ কোৰাণত এটি বাক্য আছে যে মানুহৰ মাজত সেইজনেই আটাইতকৈ ক্ষতিগ্ৰস্ত ,যিজনে নিজৰ মূল্যৱান সময়খিনি সঠিক পথত খটুৱাব নোৱাৰে‍  আমি যদি সময়ৰ মূল্য বুজি নাপাওঁ, তেন্তে আমাৰ দায়িত্বসমূহ সঠিক পথত খটুৱাব নোৱাৰিম

          . ইমাম উদ্দিন , ২ নং ভটিয়াখালী বালক মুক্তাব, বাইল ৯৮৫৪২৮৩১৩৯

                                   *****************************


      আমি কৰ্তব্য কৰি যাম


     L.P. School -  ৬টা শ্ৰেণী ; শিক্ষক ২ বা ৩জন৷ M.E. School - ৩টা শ্ৰেণী, শিক্ষক ৬ বা ৭জন। High School - ২টা শ্ৰেণী, শিক্ষক ৮ বা ৯জন । এনেকুৱাই আমাৰ শিক্ষা ব্যৱস্থা । এনেকুৱা ওলোটা ব্যৱস্থাৰ বাবে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫০% শতাংশমান ছাত্ৰ-ছাত্ৰীহে উত্তীৰ্ণ হয়। তাৰ বাবে শিক্ষা বিভাগে কি কৰিছে ? L.P. School ত প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব নোৱাৰে ; তাৰ পৰিৱৰ্তে হলা গছত বাগি কুঠাৰ মাৰিবহে জানে যেন অনুভৱ হৈছে !

     শিক্ষক সমাজে ৰাজনীতিবিদ এজনৰ কথা শুনি মনত দুখ কৰি লাভ নাই। আমি নিজৰ কৰ্ম ঘাট-প্ৰতিঘাটৰ মাজেৰেই উদ্যমেৰে কৰি যাম । নিজৰ কৰ্মৰ জৰিয়তে দেখুৱাই দিম নতুনচাম শিক্ষকৰ প্ৰয়োজনীয়তা ।



           ৰূপাংকৰ কলিতা, শ্বহীদ গিৰিশ সূত প্ৰাথমিক বিদ্যালয় 


                               *****************************



          ছাত্ৰ-ছাত্ৰীৰ উত্তৰণত অভিভাৱকসকলৰ ভূমিকা

    আজিৰ শিশু কাইলৈ দেশৰ সম্পদ৷ আমাৰ দেশৰ এই সম্পদ শিশুসকলৰ শিক্ষাৰ প্ৰথম কঠীয়াতলি নিজৰ ঘৰখন এটি শিশুৰ প্ৰথম শিক্ষাগুৰু হৈছে মাতৃ৷ অৰ্থাৎ আমাৰ এই শিশুসকলৰ নিজৰ ঘৰখনতেই জীৱনৰ আদিপাঠ আৰম্ভ হয়৷
   ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণত পিতৃ-মাতৃ অথবা অভিভাৱকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীৰ সু-চৰিত্ৰ গঠনত সৰুৰে পৰাই গুৰুত্ব দিব লাগে৷ প্ৰধানকৈ আমাৰ সমাজখনত বৰ্তমানেও বহুতো অনৈতিক কাৰ্যকলাপ ঘটি থাকে এনেধৰণৰ অনৈতিক কাৰ্য-কলাপৰ পৰা আমাৰ সমাজখনক মুক্ত কৰি ৰাখিবলৈ অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক এতিয়াৰ পৰাই সু-চৰিত্ৰ গঠন হোৱাত মনোনিৱেশ কৰিব লাগে
    ছাত্ৰছাত্ৰীসকলক আমি অভিভাৱকসকলে নম্বৰৰ পিছত দৌৰা এটি যন্ত্ৰলৈ পৰিৱৰ্তন কৰাতকৈ সমাজৰ একো একোটা প্ৰকৃত সম্পদলৈ পৰিণত কৰাত অধিক মনোনিৱেশ কৰিব লাগে
   বিশেষভাৱে সক্ষম ব্যক্তি এজনক সহায় কৰিবলৈ শিকোৱা, বেয়া আচাৰ-আচৰণৰ পৰা নিজৰ সন্তানটিক আঁতৰাই ৰখোৱা, শিশুসকলৰ প্ৰতিভাসমূহক গুৰুত্ব দিয়া, নিজৰ চাৰিওফালৰ পৰিৱেশটো সুন্দৰকৈ ৰখা, জ্যেষ্ঠজনক সন্মান জনোৱা, প্ৰকৃতিক ভাল পাবলৈ শিকা ইত্যাদি দিশসমূহত অভিভাৱকসকলে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে কাৰণ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ উত্তৰণত অভিভাৱকসকলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ
   আমি প্ৰতিজন অভিভাৱকেই ছাত্ৰ-ছাত্ৰীসকলৰ এনে দিশসমূহত গুৰুত্ব প্ৰদান কৰিলে আমাৰ শিশুসকলৰ মাজৰ পৰাই .পি.জে. আব্দুল কালাম, ° জিতেন্দ্ৰ নাথ গোস্বামী, ° ভূপেন হাজৰিকা আদিৰ দৰে মহান ব্যক্তি তথা সমাজৰ একো একোটা সম্পদ বিচাৰি পাম

       লক্ষ্যমণি দত্ত, ‍ ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়

                                                     ****************************